মহাকাব্যৰ ওপৰত ৰচিত প্ৰথম অসমীয়া উপন্যাস ত্ৰৈলোক্য ভট্টাচাৰ্য্য ৰ ‘উত্তৰাকাণ্ড’ত নাৰীবাদী বৈশিষ্ট্য: এক আলোকপাত-সংহিতা ভট্টাচাৰ্য

মহাকাব্যৰ ওপৰত ৰচিত প্ৰথম অসমীয়া উপন্যাস ত্ৰৈলোক্য ভট্টাচাৰ্য্য ৰ ‘উত্তৰাকাণ্ড’ত নাৰীবাদী বৈশিষ্ট্য: এক আলোকপাত

সমগ্ৰ জীৱন নিৰৱচ্ছিন্ন ভাবে অসমীয়া ভাষা সাহিত্যৰ সেৱাত আত্মনিয়োগ কৰা সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য্য হ’ল এক অসাধাৰণ সৃষ্টিশীল ব্যক্তিত্বৰ অধিকাৰী। ‘দুই বন্ধু’ গল্পটোৰে সাহিত্য জীৱন আৰম্ভ কৰা ভট্টাচাৰ্য্য দেৱৰ প্ৰথম উপন্যাস হ’ল চীনাযুদ্ধৰ পটভূমিত লিখা ‘বুদ্ধদেৱৰ মৃত্যু’। ইয়াৰ পিছত ঊনবিংশ শতিকাৰ অসমীয়া ভাষা সাহিত্যৰ এক সংকটপূৰ্ণ সময়ক লৈ ৰচনা কৰা উপন্যাস ‘সাঁচিপাতৰ পুথি’, আহোমৰ ছশ বছৰীয়া ৰাজত্বকালৰ মৰ্মস্পৰ্শী সত্যকাহিনীৰ আধাৰত ৰচিত ‘চৰাইদেও’, মহাকাব্যৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাস ‘উত্তৰাকাণ্ড’, নটসূৰ্য ফণী শৰ্মাৰ জীৱনৰ আধাৰত ৰচিত ‘অগ্নিগড়ত অগ্নিস্থান’, কালিদাসৰ ওপৰত ৰচিত ‘মৃত্যুঞ্জয়ী মহাকাল’, শকুন্তলাৰ ওপৰত ৰচিত ‘কাঁঠগৰাত শকুন্তলা’, ‘এজন ঈশ্বৰৰ মৃত্যু’, ‘লেডীজ পাৰ্কত অজ্ঞাতবাস’ আদি হৈছে তেখেতৰ উল্লেখযোগ্য উপন্যাস। ইয়াৰ উপৰিও গল্প সংকলন ‘অবৈধ সন্তানৰ মাতৃ’, ‘সাহিত্যৰ সোমৰসত ডুবি মৰিল এটা মৌমাখি’, প্ৰবন্ধ সংকলন ‘ছাঁ পোহৰত সাহিত্যৰথী বেজবৰুৱা আৰু অন্যান্য প্ৰসংগ’, ‘অনুপ্ৰৱেশৰ অজগৰ-চৰকাৰ আৰু বুদ্ধিজীৱিৰ ভূমিকা’, ‘পাটকাই পৰ্বতৰ সিপাৰে’ আদি তেখেতৰ উল্লেখযোগ্য গ্ৰন্থ। তাৰোপৰি প্ৰায় তিনিশৰো অধিক গল্প, তত্ত্বগধুৰ প্ৰবন্ধ লিখি তেওঁ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। 

ভট্টাচাৰ্য্যদেৱৰ কেইবাখনো উপন্যাসত নাৰী চৰিত্ৰই গুৰুত্ব লাভ কৰিছে যদিও তেওঁৰ উত্তৰাকাণ্ড উপন্যাসত নাৰীবাদী বৈশিষ্ট্য অত্যন্ত স্পষ্টৰূপত দেখিবলৈ পোৱা যায়। নাৰীবাদ বুলি ক’লে সাধাৰণতে ধাৰণা কৰা হয় যে এই মতবাদত বিশ্বাসী লোকসকল পুৰুষবিদ্বেষী। কিন্তু প্ৰকৃততে নাৰীবাদ হৈছে মানৱতাৰে এটা অংশ মাথোন। ভট্টাচাৰ্য্য দেৱৰ ‘উত্তৰাকাণ্ড’ উপন্যাসখনত স্পষ্ট হৈ উঠা নাৰীবাদী বৈশিষ্ট্যই ভট্টাচাৰ্য্যদেৱৰ মানৱতাবোধৰে পৰিচয় দিয়ে। পূৰ্ণগঠন শৈলীৰ প্ৰথম প্ৰয়োগ ঘটা উত্তৰাকাণ্ড উপন্যাসখনত কেইবাটাও নাৰী চৰিত্ৰ প্ৰতিবাদী চৰিত্ৰৰূপে উপন্যাসিকে দক্ষতাৰে অংকন কৰিছে। উপন্যাসখনত অংকিত নাৰী চৰিত্ৰ সীতা, উৰ্মিলা, বসুমতী আদি সময় সাপেক্ষে প্ৰচলিত পুৰুষতান্ত্ৰিক সমাজখনৰ বিৰুদ্ধে সৰৱ হৈ উঠা দেখা গৈছে। উপন্যাসখনত আৰ্য্য সমাজৰ নাৰী আৰু আৰ্য্য ভিন্ন সমাজৰ নাৰীৰ মাজৰ পাৰ্থক্য অতি স্পষ্ট আৰু বাস্তৱ প্ৰণালীৰে উপন্যাসিকে দেখুৱাইছে। আৰ্য্যসমাজৰ নাৰী সীতা, উৰ্মিলা, বসুমতী আৰু আৰ্য্য ভিন্ন সমাজৰ নাৰী শূৰ্পনখা আদিৰ সামাজিক স্থান তথা স্বাধীনতাৰ চৰিত্ৰ অংকন আৰু চৰিত্ৰ কেইটাৰ মুখত ব্যৱহৃত সংলাপৰদ্বাৰা উপন্যাসিকে দুয়োটা সভ্যতাৰ নাৰী সমাজৰ সামাজিক স্থান স্পষ্ট ভাষাৰে নিৰ্ণয় কৰিছে। উপন্যাসিকে উপন্যাসখনত পুৰুষ চৰিত্ৰতকৈ নাৰী চৰিত্ৰৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে আৰু নাৰী চৰিত্ৰ বিশেষকৈ সীতা আৰু উৰ্মিলা চৰিত্ৰ দুটি অতি সহানুভূতিৰে অংকন কৰিছে। উপন্যাসখনত নাৰী চৰিত্ৰকেইটিৰ প্ৰতিবাদমুখৰ আৰু যুক্তিপূৰ্ণ সংলাপে পুৰুষ চৰিত্ৰ কেইটাক ম্লান আৰু দুৰ্বল কৰি তোলা দেখা যায়।

একেখন সমাজৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ব্যবস্থাৰ মাজত থাকিলেও নাৰীৰ পুৰুষতকৈ এক স্বকীয় বাস্তৱতা থাকে। পুৰুষৰ বিপৰীতে নাৰী হয় ৰজস্বলা আৰু নাৰীৰ থাকে সন্তান জন্ম দিয়াৰ ক্ষমতা। পিতৃ প্ৰধান সমাজে নাৰীক ইয়াৰ লগত অন্য এক বাস্তৱতা গঢ় দি তোলে। নাৰীয়ে নিজৰ ঘৰখন এৰি আন এখন ঘৰত মাতৃ,পত্নী,ভগ্নী হিচাপে বিভিন্ন ধৰণৰ দায়িত্ব আৰু কৰ্তব্যৰ মাজেৰে নিজৰ অস্তিত্ব বিচাৰি লয়। তথাপি যুগে যুগে নাৰী হৈ আহিছে লাঞ্চিতা, অৱহেলিতা আৰু অৱজ্ঞাৰ বলি। ভট্টাচাৰ্য্যদেৱে ‘উত্তৰাকাণ্ড’ উপন্যাসখনত সীতাক কেন্দ্ৰীয় চৰিত্ৰ হিচাপে লৈ পুৰুষতান্ত্ৰিক সমাজৰ নাৰীৰ এই অৱহেলিত ৰূপটোকে অতি বাস্তৱতাৰে অংকন কৰিছে। সীতাৰ হিয়া ভাঙি ওলোৱা কান্দোন,অসহায় অৱস্থা, অপমানেৰে ভৰা মৰ্মস্পৰ্শী জীৱন কাহিনীয়ে কিদৰে লেখকৰ হৃদয়ত খলকনি তুলিছিল তাৰ আভাস উপন্যাসখনৰ পাতনিতে অনুভৱ কৰিব পাৰি—

“পঢ়ি পঢ়ি ভাৱ হ’ল সীতা যেন আন কোনো নহয় মই নিজে। সীতাৰ দৰে ময়ো নিঃসহায়, অৱজ্ঞা,অনাদৰ আৰু অবিচাৰৰ বলি। ফেনে ফুটুকাৰে বুকু ভাঙি সেইদিনা চকুপানী ওলাইছিল।”

আজন্ম দুখিনী সীতাৰ জীৱন কাহিনী আধুনিক উপন্যাস এখনৰ কাহিনীৰদৰেই বিচিত্ৰ আৰু মনোৰম ভাবে ভট্টাচাৰ্য্যদেৱে উপস্থাপন কৰিছে। এই সীতাৰ মাজতে আমি বিচাৰি পাওঁ ভাৰতীয় নাৰীৰ চিৰন্তন পতিব্ৰতা ৰূপটোক। স্বামীৰ দুখ-সুখকেই সীতাই নিজৰ সুখ-দুখ বুলি ভাবিছে। সেয়ে শূৰ্পনশাক উদ্দেশ্য কৰি কোৱা কথাখিনিত সীতাৰ পতিব্ৰতাৰ ৰূপটোকে ফুটি উঠা দেখা পাওঁ–

“স্বামীৰ দুখেই মোৰ দুখ,তেওঁৰ সুখেই মোৰ সুখ,স্বামীয়েই মোৰ ইহকাল পৰকাল,দেৱৰো দেৱতা।”

ৰামক উদ্দেশ্যি কোৱা কথায়ো তাকেই প্ৰতিপন্ন কৰে-

‘তুমি য’লৈকে যোৱা য’তেই থাকা সেয়ে মোৰ স্বৰ্গ’।

নাৰীয়ে পূৰ্ণতা লাভ কৰে সন্তানক জন্ম দি। প্ৰত্যেক গৰাকী মাতৃৰ হৃদয় সন্তানৰ প্ৰতি স্নেহ, অন্তহীন মমতা, দয়া আদিৰে পূৰ্ণ হৈ থাকে। মাতৃৰ বর্তমানেই হয় সন্তানৰ ভৱিষ্যত। ভট্টাচাৰ্য্যদেৱৰ ‘উত্তৰকাণ্ড’ ত ৰামৰ সন্তান গৰ্ভত লৈ সীতায়ে অতি বেদনাৰে কৈ উঠে–

‘মৰিবলৈ মোৰ ভয় নাই। কিন্তু নিজৰ জীৱনতকৈও সন্তানৰ প্ৰতি মাতৃৰ স্নেহ বেছি। মাতৃৰ মাতৃত্ব কাক কয় মই এতিয়া গম পাইছোঁ। গৰ্ভৰ সন্তান এতিয়া মোৰ ইহকাল পৰকাল। সকলোতকৈ আপোন। তোমাতকৈও সি মোৰ বেছি মৰমৰ।’

এইদৰে ভট্টাচাৰ্য্য দেৱে ‘উত্তৰাকাণ্ড’ উপন্যাসখনত ‘সীতা’ চৰিত্ৰৰ যোগেদি ভাৰতীয় নাৰীৰ অন্যতম বৈশিষ্ট্য পতিব্ৰতা আৰু মমতাময়ী ৰূপটোকে দাঙি ধৰিবলৈ চেষ্টা কৰিছে।

ৰামায়ণৰ কাহিনীত থকা ‘সীতা’ৰ একনিষ্ঠ স্বামী ভক্তি,পতিব্ৰতা গুণ আদিতে কিন্তু ‘উত্তৰাকাণ্ড’ উপন্যাসখনৰ ‘সীতা’ সীমাবদ্ধ হৈ থকা নাই। উপন্যাসখনত সীতা হৈছে এগৰাকী আধুনিক নাৰী। সীতাই যদিও অগ্নিপৰীক্ষা,নিৰ্বাসনৰ সন্মুখীন হৈ স্বামীৰ প্ৰতি দায়িত্ব পালন কৰিছে তথাপি য’তেই সুবিধা পাইছে তাতেই আধুনিক নাৰীৰ দৰে প্ৰতিবাদ আৰু সমালোচনা কৰিছে। সীতাৰ যুক্তিপূৰ্ণ আৰু প্ৰতিবাদমুখী সমালোচনাই ৰাম আৰু লক্ষ্মণৰ চৰিত্ৰ দুটাক ম্লান কৰি তুলিছে। এইখিনিতে সীতাক এক নতুন ৰূপত ভট্টাচাৰ্য্য দেৱে আমাক লগ কৰাই দিয়ে।

সীতাক নিৰ্বাসন দিয়াৰ কথা জানিব পাৰি সীতাই উত্তেজিত ভাৱে লক্ষ্মণক প্ৰশ্ন কৰিছে- 

‘কিহৰ বাবে মোৰ এই নিৰ্বাসন?মোৰ অপৰাধ কি?অপৰাধৰ কথা নজনোৱাকৈ শাস্তিৰ এই বিধান কিয়?’

এই প্ৰশ্নৰ উত্তৰত লক্ষ্মণে যেতিয়া কয় যে তেওঁ কেৱল ৰামৰ আদেশৰ দাস তেতিয়া লক্ষ্মণক ককৰ্থনা কৰি সীতাই কৈছে-

‘আদেশৰ দাস?? ভাতৃ স্নেহে দেখিছোঁ তোমাৰ চকুহাল অন্ধ কৰি থৈছে লক্ষ্মণ। আদেশ পালন কৰাই জানো একমাত্ৰ কৰ্তব্য? ন্যায়, অন্যায় বিচাৰ কৰাৰ কোনো প্ৰয়োজন নাই নেকি? ধৰ্ম-অধৰ্মৰ বিচাৰ জানো নিষ্প্ৰয়োজন? নিজৰ বিবেকক, হৃদয়ক নেওচা দি মাথোন চকু মুদি আদেশ পালন, এয়া জানো উচিত? এইখিনিতে উত্তৰাকাণ্ডত সীতাৰ তেজস্বী মনৰ সজীৱ প্ৰকাশ ঘটিছে।

সময়ত নাৰীয়ে যে ৰণচণ্ডী ৰূপ ধাৰণ কৰিব পাৰে তাৰ আভাস সীতাই বাল্মিকীক উদ্দেশ্যি কোৱা কথাখিনিৰপৰাই উপলব্ধি কৰিব পাৰি। বাল্মিকীয়ে ৰামৰ ওচৰলৈ পুনৰ উভতি যোৱাৰ কথা কওঁতে ‘উত্তৰকাণ্ড’ৰ সীতাই ৰণচণ্ডী ৰূপ ধাৰণ কৰি গৰজি উঠিল- ” মই ক’লৈ যাব লাগে? অযোধ্যালৈ? কাৰ ওচৰলৈ? সেই ৰাম বোলা মানুহটোৰ ওচৰলৈ যি মোক চৰম অৱজ্ঞা আৰু বিশ্বাসঘাটকতা কৰি, প্ৰতাৰণা কৰি, হাবিৰ মাজত বনৰীয়া জন্তুৰ ওচৰত মেলি থৈ আহিছিল- আপুনি মোক সেই মানুহটোৰ ওচৰলৈ গৈ তেওঁৰ ভৰি দুখন ধৰি মূৰটো খুন্দিয়াব লাগে বুলি কৈছে?”

সামৰণিত যেতিয়া ৰামে নিজৰ ভুল বুজি ৰাজপ্ৰসাদলৈ সীতাক আদৰি নিবলৈ নিৰ্দেশ দিয়ে, সীতাৰ মুখত সমগ্র মন্ত্ৰীগণক উদ্দেশ্যি কোৱা বাক্যই হয়তো প্ৰতিজন পাঠকৰে চকুপানী নিগৰাব—

” কিন্তু ৰাজপ্ৰসাদত মোৰ আৰু প্ৰয়োজন কি? আধা জীৱন মই প্ৰসাদৰ বাহিৰত কটালোঁ। প্ৰথমবাৰ তেওঁৰ কাৰণে চৈধ্যটা বছৰ! দ্বিতীয় বাৰ তেওঁ দিয়া দণ্ড ভুগি বাৰ বছৰ। তেওঁ এতিয়া মোক পুনৰ ৰাজৰাণী কৰিব খুজিছে। উভটাই দিব খুজিছে মোৰ অন্তেষপুৰ, দাসী আৰু শেতেলি। কিন্তু মই হেৰুওৱা ছাব্বিশটা মূল্যবান বছৰ মোক তেওঁ ওলোটাই দিব পাৰিবনে? আমাৰ বিবাহিত জীৱনত মই দিছোঁ তেওঁক বিশ্বাস, প্ৰেম আৰু সন্তান। প্ৰতিদানত তেওঁ মোক দিছে ঘৃণা, সন্দেহ, অগ্নিপৰীক্ষা আৰু বনবাস”। সীতাৰ এই স্পষ্ট উক্তি সম্ভৱতঃ সকলো অৱহেলিত নাৰীৰে মনৰ কথা। মনৰ ব্যথা। সীতাৰ এই স্পষ্ট, সৰল, প্ৰতিবাদী যুক্তিৰ জৰিয়তে চৰিত্ৰটিক ত্ৰৈলোক্য ভট্টাচাৰ্য্যদেৱে ‘উত্তৰাকাণ্ড’ উপন্যাসখনত সম্পূৰ্ণ নতুন ৰূপত আমাক লগ কৰাই দিয়ে। 

সীতাতকৈ অধিক আকৰ্ষণীয় অনন্য ৰূপত ত্ৰৈলোক্য ভট্টাচাৰ্য্যই ‘উত্তৰাকাণ্ড’ত উৰ্মিলা চৰিত্ৰটি অংকন কৰিছে। ৰামায়ণত উপেক্ষিতা চৰিত্ৰ উৰ্মিলা, ভট্টাচাৰ্য্যৰ ‘উত্তৰাকাণ্ড’ত একেৰাহে কষ্টসহিষ্ণু, দায়বদ্ধ, স্পষ্টবাদী, তীব্ৰ সংবেদনশীল আৰু যুক্তিবাদী চৰিত্ৰ হিচাপে অংকিত হৈছে।

প্ৰতিগৰাকী ছোৱালীয়ে জীৱনত পূৰ্ণতা লাভ কৰে নাৰী হৈ। নাৰী জীৱনৰ সুখ-আকাংক্ষাৰ পূৰ্ণতাক তেওঁলোকে কামনা কৰে এজন পুৰুষৰপৰা। উৰ্মিলায়ো তাকেই কামনা কৰিছিল। কিন্তু বিবাহিত জীৱনত স্বামীৰ পৰা কোনোদিনে নাপালে আদৰ তথা স্নেহ। স্বামী হিচাপে উৰ্মিলাৰ প্ৰতি লক্ষ্মণৰ নাই কোনো আসক্তি, নাই দায়িত্ববোধ। উৰ্মিলাতকৈ ৰাম আৰু সীতাৰ সেৱা কৰাই যেন তেওঁৰ জীৱনৰ প্ৰধান কৰ্তব্য। সেইবাবে চৈধ্য বছৰ বনবাসী জীৱনত উৰ্মিলাৰ কথা এবাৰো চিন্তা নকৰাকৈয়ে ৰাম আৰু সীতাৰ লগত লক্ষ্মণো গ’ল। উপন্যাসখনিত উৰ্মিলা হৈছে বিষাদৰ এক প্ৰতিমূৰ্তি। বিবাহিত জীৱনত স্বামীৰপৰা আদৰ আৰু স্নেহ নোপোৱাতকৈ এগৰাকী তিৰোতাৰ বাবে পৃথিৱীত আৰু কি দুখৰ কথা আছে! লক্ষ্মণক উদ্দেশ্যি উৰ্মিলাই কৰা প্ৰশ্নত উৰ্মিলাৰ সাংসাৰিক জীৱনৰ তিক্ততা আৰু বুকুভৰা বেদনা অনুভৱ কৰিব পাৰি– 

“আমাৰ বিয়াৰ কিমান বছৰ হ’ল মনত পেলোৱাচোন? অতবছৰে কেইটা মৰমৰ শব্দ কৈছা তুমি? পত্নীৰ প্ৰতি কেনেদৰে কৰ্তব্য পালন কৰিছা? বনবাসৰ চৈধ্যটা বছৰ মই কেনেকৈ জীৱন- যাপন কৰিছিলোঁ, এবাৰো জানো ভাবি চাইছিলা?” 

নাৰী আৰু পুৰুষৰ প্ৰেম আৰু পাৰিবাৰিক সম্পৰ্কৰ এয়া এক মৰ্মস্পৰ্শী প্ৰকাশ।

সীতাক নিৰ্বাসন দি আহি লক্ষ্মণ যেতিয়া উৰ্মিলাৰ মুখামুখি হয় তেতিয়া স্বামীৰ আদৰ চেনেহৰপৰা বঞ্চিতা, স্বামীৰ স্মৃতি বুকুত সাৱটি স্বাভাৱিক কামনা বাসনাক নিজেই নিষ্পেষণ কৰি অতবছৰ জীৱন যাপন কৰা উৰ্মিলাই লক্ষ্মণক ব্যতিব্যস্ত কৰি একপ্ৰকাৰে ঠাট্টা কৰি কৈ উঠে–

” তোমালোক পুৰুষবিলাক ইমান নিৰ্দয় নিষ্ঠুৰ!! বেচেৰীজনীৰ কথা মনত পৰিলেই চকুপানী ওলায়..।”

স্বামীৰ প্ৰতি থকা দায়িত্বৰ উপৰিও শহুৰ,শাহু ননদৰে ভৰা এখন ঘৰৰ সমস্ত দায়িত্ব,সুখ-দুখৰ,মান-সন্মান বুজি পোৱা উৰ্মিলাক ত্ৰৈলোক্য ভট্টাচাৰ্য্যৰ ‘উত্তৰাকাণ্ড’ত এগৰাকী আদৰ্শ বোৱাৰী হিচাপেও পাঠকক চিনাকি কৰাই দিয়ে। স্বামীৰ অবিবেচনা, অন্যায় আৰু অবিচাৰৰ সহযোগী হোৱাটোৱেই জানো স্ত্ৰীৰ কৰ্তব্য? বোৱাৰী হিচাপে আই সুমিত্রাৰ পৰিচাৰ্যা কৰাটো মোৰ জানো কৰ্তব্য নহয়? পত্নী অকল পতিৰে সুখ- দুখৰ লগৰী নহয়। শাহু, শহুৰ, দেওৰ- ননদৰে ভৰা একোখন ঘৰৰ মান সন্মানৰো অধিকাৰিণী।”

ইয়াৰদ্বাৰা বিয়াৰ পিচত এগৰাকী বোৱাৰীৰ স্বামীৰ প্ৰতি থকা দায়িত্বৰ উপৰিও যে ঘৰখনৰ প্ৰতি অথবা ঘৰখনৰ প্ৰত্যেকগৰাকী সদস্যৰ সুখ-দুখ, মান সন্মানৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য থাকে তাৰ আভাস ত্ৰৈলোক্য ভট্টাচাৰ্য্যই পাঠকৰ আগত দাঙি ধৰিছে।

উৰ্মিলা চৰিত্ৰটি ‘উত্তৰাকাণ্ড’ উপন্যাসখনৰ এটা উজ্জ্বল নাৰী চৰিত্ৰ। ‘উত্তৰাকাণ্ড’ ৰ উৰ্মিলা স্পষ্টবাদী আৰু বাস্তৱবাদী হোৱাৰ উপৰিও ৰাজনীতি কুশলা, দূৰদর্শিনী আৰু বিচক্ষনা। শাসনযন্ত্ৰৰ প্ৰতিটো পৰিৱৰ্তন তেওঁ সূক্ষ্মভাৱে মন কৰিছে আৰু ৰামচন্দ্ৰই যে লক্ষ্মণক এদিন বিশ্বাসঘাটকতা কৰিব তাক বাৰে বাৰে সঁকিয়াই দিছে-

‘যি নিজৰ স্ত্ৰীক সন্দেহ কৰিব পাৰে, তেওঁ ভায়েকক সন্দেহ কৰিব নোৱাৰে? যি নিজৰ গৰ্ভৱতী তিৰোতাক বনবাসৰ আদেশ দিব পাৰে, তেওঁ ভাতৃ হত্যা কৰিব নোৱাৰে? তুমি পাহৰি গৈছা কিয় লক্ষ্মণ, ৰাম তোমাৰ সহোদৰ নহয়, সতীয়া ভাই’। 

এয়া উৰ্মিলাৰ মাত্ৰ সন্দেহ নাছিল, পিছত বাস্তৱতো সত্য হৈ পৰিছিল। অযোধ্যা ৰাজ্য নিজৰ পুত্ৰৰ নামত দিবৰ বাবেই ৰামচন্দ্ৰই কৌশলেৰে লক্ষ্মণক আঁতৰ কৰিছিল।

লক্ষ্মণৰ কাৰ্যকলাপত অসন্তুষ্ট উৰ্মিলাই লক্ষ্মণক নিজৰ দৃষ্টিভংগী ব্যক্ত কৰি যি কথা কৈছে তাত উৰ্মিলাৰ সাহস, সততা আৰু স্পষ্টবাদিতাৰ পৰিচয় পোৱা যায়।

‘তোমাৰ দৰে ৰামৰ ভৰিৰ কাষত আঁঠু লৈ মই থাকিব নুখুজোঁ। থাকিব নোৱাৰোঁ। ভৰত, শত্ৰুঘ্নও জানো ৰামৰ ভাই নহয় লক্ষ্মণ? তেওঁলোক কিন্তু তোমাৰদৰে ৰামৰ দাস নহয়। নিজৰ নিজত্বক, ভূত-ভৱিষ্যত-বৰ্তমানক ৰামৰ ভৰিৰ কাষত থৈ তেওঁলোক নিশ্চিন্ত হৈ থকা নাই।”

কেৱল এয়াই নহয় লক্ষ্মণে যেতিয়া ৰাম পিতৃ তুল্য বুলি যুক্তি খণ্ডন কৰিব খুজিলে তাৰ উত্তৰত দিয়া উৰ্মিলাৰ মন্তব্যৰপৰা ৰাজনীতিৰ পুতৌজনক ছবি নগ্ন এখন প্ৰকাশ পাইছে।

আনহাতে ৰাম আৰু সীতাৰ লগত বনবাসলৈ যোৱাৰ সময়ত উৰ্মিলাৰপৰা বিদায় লোৱাৰ মুহূৰ্তত উৰ্মিলাই মনত সন্দেহ তথা ৰহস্যৰ বীজ ৰোপন কৰি কৈছে-

“বনলৈ যাবলৈ তোমাৰ হেঁপাহ কিয়? ৰামৰ লগত সীতা যাওক। সীতা তেওঁৰ ঘৈণী। লোকৰ অদৃষ্টৰ লগত নিজক সাঙুৰি লৈছা কিয়? তোমাকতো কোনেও যাবলৈ কোৱা নাই? তোমাৰ এই অহেতুক ভাতৃ প্ৰেমৰ কাৰণ কি? এনে ইচ্ছাকৃত প্ৰবৃত্তি হ’ল কিয়?”

এনেদৰে ভট্টাচাৰ্য্যদেৱে ৰামায়ণত উপেক্ষিতা হৈ থকা উৰ্মিলাক এক নতুন আৰু অনন্য ৰূপত সজাই তুলিছে। উপন্যাসখনিত ‘উৰ্মিলা’ চৰিত্ৰটি কেন্দ্ৰীয় চৰিত্ৰ সীতাতকৈও অধিক বেছি বেদনাদায়ক, বেছি কৰুণ আৰু যুক্তিবাদী হিচাপে অংকিত হৈছে যাৰ শেষ পৰিণতি হৈছে আত্মহত্যা। এয়া উৰ্মিলাৰ মানসিক সৰলতা নে দুৰ্বলতাৰ পৰিচয় সেয়া এক বিতৰ্কৰ বিষয়।

ভট্টাচাৰ্য্যৰ ‘উত্তৰাকাণ্ড’ উপন্যাসখনত নাৰী চৰিত্ৰ কেইটিৰ গম্ভীৰ ৰূপৰ প্ৰাধান্য বেছি যদিও সীতা, উৰ্মিলা, অনুৰাধা, বিপাশা আদিৰ কন্যাকালছোৱাৰ জৰিয়তে ৰং ৰহইছেও ভুমুকি মাৰিছে–‘শকত আৰু মঙহাল মানুহ এজনে ধনুখন ভাঙিবলৈ অহা দেখি উৰ্মিলাই প্ৰকাণ্ড থাল এখনৰপৰা ডাঙৰ লাড়ু এটা হাতত লৈ জোৰেৰে দলিয়াই দিয়াৰ ভাও জুৰি কৈ উঠে-

‘মুখলৈ মাৰি দিওঁ নেকি? এটাইমখাই গিৰ্জনি মাৰি হাঁহি উঠিল। আনকি সিতায়ো উৰ্মিলাক ভয় খোৱাৰ দৰে কৈ উঠিল-

“অ’ মা! সেইদালে কেনেবাকৈ ভাঙিব পাৰিলে কি হব অনু?”

ইয়াৰ উপৰিও ভট্টাচাৰ্য্যদেৱৰ উত্তৰাকাণ্ড উপন্যাস খনত পূৰ্ণিমাৰ জোনৰ দৰে উজ্জ্বল আৰু চকলা মুখ, কপালত ডগমগীয়া পকা অঙঠাৰ দৰে সেন্দূৰৰ ফোঁট, কৰবী ফুলৰ পাহিৰদৰে বহল নাক আদি উপমাৰ জৰিয়তে নাৰীৰ সৌন্দৰ্য অতি সুন্দৰভাৱে বৰ্ণনা কৰিছে। নাৰীৰ দৈহিক সৌন্দৰ্যৰ ক্ষেত্ৰতে সন্তুষ্ট নাথাকি ভট্টাচাৰ্য্যদেৱে নাৰীৰ মনৰ সৌন্দৰ্যৰ ওপৰতো সমানেই গুৰুত্ব দিছে–

“বিধাতাৰ কি অদ্ভুত সৃষ্টি এই নাৰী! কিন্তু মনৰ ভিতৰখনো জানো একে সমানেই ধুনীয়া আৰু পৰিষ্কাৰ? হঠাতে ৰঘুপতিয়ে ভাবি পেলালে। আকাশী ৰঙৰ চাদৰ গাত ল’লেই জানো আকাশৰদৰে নিৰ্মল আৰু উদাৰ হয় মানুহৰ মন”?

‘উত্তৰাকাণ্ড’ উপন্যাসখনিত ৰূপায়িত হোৱা আন এটি উল্লেখযোগ্য নাৰী চৰিত্ৰ হৈছে ‘শূৰ্পনখা’। আৰ্য সমাজৰ নাৰীৰ বিপৰীতে অনাৰ্য সমাজৰ নাৰী শূৰ্পনখা সম্পূৰ্ণ স্বাধীন। এই নাৰীয়ে নিজ ইচ্ছামতে যিকোনো কাম কৰিব পাৰে। যাৰ সৈতে ইচ্ছা তাৰ লগতে থাকিব পাৰে। ‘শূৰ্পনখা’ চৰিত্ৰটিৰ জৰিয়তে ভট্টাচাৰ্য্যদেৱে উপন্যাসখনত আৰ্য সমাজৰ নাৰী আৰু আৰ্যভিন্ন সমাজৰ নাৰীৰ মাজৰ পাৰ্থক্য অতি স্পষ্টভাৱে ৰূপায়িত কৰিছে। ‘উত্তৰাকাণ্ড’ত অংকিত হোৱা ‘শূৰ্পনখা’ চৰিত্ৰটোৱে আৰ্য সমাজৰ মুখা পিন্ধা ভদ্ৰলোক আৰু সভ্যতা সংস্কৃতিৰ তথাকথিত ভণ্ড স্বৰূপটোকে উদঙাই দিছে। ৰাক্ষসী হ’লেও উপন্যাসখনত শূৰ্পনখাৰ চৰিত্ৰটোত সৰলতা দেখিবলৈ পোৱা যায়। শূৰ্পনখাৰ ব্যক্তিত্বত সমাজৰ নৈতিকতাৰ ভণ্ডামি স্বৰূপ নাই। শূৰ্পনখাৰ সংলাপত ভণ্ড সমাজৰ অপ্ৰিয় যদিও সত্য স্বৰূপটোকে ফুটি উঠিছে–

“মনক চেপি ৰখাটোৱেই তোমালোকৰ কাৰণে সভ্যতা। যিকোনো ভাল লগা মানুহৰ লগত ইচ্ছামতে সহবাস কৰাৰ সুখ তুমি কি বুজিবা। ফাঁকি নিদিবা। তুমিও তাকে বিচাৰা-সিও তোমাক। কোৱাচোন সঁচানে মিছা, সি তোমাৰ লোভতেই বনলৈ অহা নাইনে?”

নাৰীৰ প্ৰতি পুৰুষৰ অবিশ্বাস যুগে যুগে। সাধাৰণ স্তৰৰ ইতৰ লোকৰ মাজত এই অবিশ্বাস আৰু প্ৰকট। গোপন প্রেমিকে প্ৰেমিকাক বিশ্বাসঘাটকতা কৰে। গৰ্ভধাৰণ হোৱাৰ পিছত সন্তানলৈ আৰু সমাজলৈ তাৰ মনত পৰে। ইয়াৰ আগলৈকে তাৰ সেয়া আছিল  গভীৰ প্ৰেম, কামনাহীন আৰু পবিত্ৰ। কিন্তু গৰ্ভত থিত লোৱাৰ বতৰা শুনাৰ লগে লগে সি হয় সন্দেহ আৰু ঘৃণা। নাৰীৰ প্ৰতি কৰা পুৰুষৰ এই বিশ্বাসঘাটকতা আৰু ভণ্ড স্বৰূপটোকে উদঙাই দিয়া হৈছে ‘উত্তৰাকাণ্ড’ উপন্যাস খনত বসুমতী আৰু অহল্যা নাৰী চৰিত্ৰ দুটিৰ জৰিয়তে।

‘উত্তৰাকাণ্ড’ত অংকিত বসুমতী চৰিত্ৰটি কোনো দেৱী নহয়। বৰঞ্চ স্বামীৰ দ্বাৰা প্ৰতাৰিত, অৱহেলিত আৰু অৱজ্ঞাৰ বলি হোৱা এক লাঞ্চিতা মানৱী, কুশল ৰাজকন্যা। পৃথিৱীৰ দৰে শান্ত আৰু সহনশীলা বসুমতী ‘উত্তৰাকাণ্ড’ উপন্যাসত প্ৰতিবাদী হৈ বাল্মিকীক নানা ধৰণৰ ন্যায়-অন্যায়ৰ প্ৰশ্নৰে জুৰুলা কৰিছে-

“কৌশল আৰু বিদ্ৰোহ কিয় গোটেই বিশ্বই কওক বাল্মিকী বুলি, মোৰ চকুত তুমি দস্যু ৰত্নাকৰ। বন্যপশু। তোমাৰ পশুত্বৰ দাগ মোৰ জথৰত। মোৰ হৃদয়ত। দেহৰ প্ৰতিটো চুকে কোণে। তোমাৰ পাপৰ ফলত মোৰ গৰ্ভত জন্মা শিশুটিক হত্যা কৰিবলৈ মোৰ কোলাৰপৰা আঁজুৰি কেনেকৈ সেইদিনা লৈ গৈছিলা মই পাহৰি থাকোঁ কেনেকৈ?”

শেষত যেতিয়া সীতাৰ অচেতন দেহৰ ওচৰলৈ ৰাম আহিব খোজে তেতিয়া এফালে চিৰন্তন মাতৃস্নেহৰ পৰা বঞ্চিতা আৰু স্বামীৰদ্বাৰা প্ৰতাৰিতা বসুমতীয়ে ফেঁটীসাপে হঠাৎ ফেঁট তুলি খুটিবলৈ উদ্যত হোৱাৰদৰে চকুৰপৰা জুইৰ ফিৰিঙতি ছটিয়াই চিঞৰি উঠিল-

নুচুবা! ইমান দুখেই আঁটিছে ৰাম! তাইক আৰু দুখ নিদিবা। তাই মোৰ বুকুৰ মাজত থাকক। আমনি নকৰিবা।’

‘উত্তৰাকাণ্ড’ উপন্যাসখনত অৱহেলিত, প্ৰতাৰিত নাৰীৰ চৰিত্ৰই অধিক। অৱেহেলিতা নাৰীৰ কথা কৈ ভট্টাচাৰ্য্যদেৱে হয়তো নাৰীৰ মনত জগাই তুলিব বিচাৰিছিল আত্ম অধিকাৰ তথা আত্মসন্মানৰ চেতনা।

উপন্যাসখনৰ আন এক নাৰী চৰিত্ৰ অহল্যাও হৈছে স্বামীৰ দ্বাৰা অৱহেলিতা আৰু প্ৰতাৰিতা নাৰী। সকলোৱে জানে দেৱৰাজ ইন্দ্ৰই ছলনা কৰি গৌতম মুনিৰ পত্নী অহল্যাক বলাৎকাৰ কৰিছিল, যাৰ ফলস্বৰূপে অহল্যা হৈছিল নিজ স্বামীৰদ্বাৰা শাপগ্ৰস্তা। অহল্যা আৰু সীতা দুয়োগৰাকী নাৰীয়েই নিজ স্বামীৰ দ্বাৰা অৱহেলিতা, প্ৰতাৰিতা আৰু অৱজ্ঞাৰ বলি যদিও দুয়োগৰাকী নাৰীৰ মাজত পাৰ্থক্য আছে। এফালে সীতা হৈছে এগৰাকী প্ৰতিবাদী নাৰী। সীতাই স্বামীৰ প্ৰতাৰণাক বিনা বাক্যই মানি লোৱা নাই কিন্তু তাৰ পৰিৱৰ্তে অহল্যা প্ৰতিবাদী নহয়। অহল্যাক স্বামীৰ নিষ্ঠুৰ ব্যৱহাৰে সীতাৰ দৰে ম্ৰিয়মান কৰিব পৰা নাই, সেইবাবেই হয়তো স্বামীৰ প্ৰতাৰণাৰ কথা পাহৰি সহজভাবেই পুনৰ স্বামীৰ লগত তেওঁ নতুন জীৱনৰ পাতনি মেলিছে।

এইদৰে আলোচনা কৰিলে দেখা যায় যে ত্ৰৈলোক্য ভট্টাচাৰ্য্যৰ ‘উত্তৰা কাণ্ড’ উপন্যাসখনত সীতা, উৰ্মিলা, বসুমতী আদিৰ চৰিত্ৰৰ যোগেদি সমগ্র নাৰী জাতিটোৰ কথাই উল্লেখ কৰিছে। এই ক্ষেত্ৰত ভট্টাচাৰ্য্য দেৱে নিজৰ কল্পনা শক্তিৰে চৰিত্ৰ কেইটি নতুন ৰূপত সজাই পৰাই লৈছে। বৰ্তমানৰ আধুনিক শিক্ষিত সমাজতো অজস্ৰ সীতা, উৰ্মিলাই নিৰ্যাতন ভোগ কৰি আছে। আজিও নাৰী হয় ধৰ্ষিতা আৰু প্ৰতাৰিতা। আজিও বংশ মৰ্য্যদা, মান-সন্মানৰ স্বাৰ্থত নিজৰ গৰ্ভৰ অবৈধ সন্তানক দলিয়াই পেলায়। সামান্য দোষতে আজিও স্বামীয়ে স্ত্ৰীক সন্দেহ কৰি পৰিত্যাগ কৰে। ‘উত্তৰাকাণ্ড’ উপন্যাসখনত নাৰীৰ এই অৱহেলিত, প্ৰতাৰিত ৰূপটোকে ঔপন্যাসিকে অতি বাস্তৱতাৰে  ৰূপায়িত কৰিছে। উপন্যাসখনত নাৰীৰ মানসিক অশান্তি, অস্থিৰতা, নিসংগতা মনৰ বেদনা আদিৰ দ্বাৰা চৰিত্ৰসমূহৰ মনস্তাত্বিক বিশ্লেষণে চৰিত্ৰৰ মনৰ লগত একাত্ম হ’বলৈ পাঠকক সুযোগ দিয়ে। প্রকৃততে ভট্টাচাৰ্য্যৰ নাৰীৰ বেদনাৰ উপলব্ধি আৰু সহমৰ্মিতাই হৈছে উপন্যাসখনত অংকিত হোৱা নাৰীবাদী বৈশিষ্ট্যৰ সফল ৰূপায়ণৰ মূল আধাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *