জীৱন নিয়ে:লিখক- জাতবেদা মিশ্ৰ, ভাবানুবাদ–অঞ্জু মহন্ত
বনানী বা বিনিক কোনোবাই যদি সোধে যে তোমাৰ চখ কি? কথাষাৰ শুনি প্ৰথমতে তাই খুব অপ্ৰস্তুত হ’ব। তাৰপিছত আকাশ-পাতাল ভাবিও কোনোমতেই একো উত্তৰ দিব নোৱাৰিব। কাৰণ, চখ কাক কয়! নিজৰ ইচ্ছা বুলি আকৌ কিবা থাকে নেকি! বিনি এনেকুৱা এজনী ছোৱালী যে কিবা এটা লাগে বুলি কোৱাটো দূৰৰে কথা, লাগে বুলি ক’ব এইটো ভাবিবলৈও সাহস কৰিব নোৱাৰে। সৰুতে তাইৰ মাকেই ঠিক কৰি দিছিল তাই কি পিন্ধিব, কি খাব। আনকি স্কুলৰ কোন বন্ধুৰ লগত তাই মিলামিছা কৰিব সেইটোও। ফুৰিবলৈ যোৱা বা অন্য কিবা ইচ্ছা বা ক’ত ফুৰ্তি কৰিব সেইটো ঠিক কৰি দিয়ে তাইৰ দেউতাকে। বন্ধু-বান্ধৱে তাইক নানা সময়ত একেলগে ফুৰ্তি কৰিবলৈ, পিকনিকলৈ,জন্মদিনলৈ, গ্ৰন্থমেলা, চিনেমা বা শ্বপিংলৈ যাবলৈ নিমন্ত্ৰণ কৰে কিন্তু
মাক-দেউতাকে কেতিয়াও তাইক ক’লৈকো যাবলৈ অনুমতি দিয়া নাছিল। বিনিয়ে তাৰ প্ৰতিবাদ কেতিয়াও কৰা নাছিল। ক্ৰমে অভ্যস্ত হৈ গৈছিল এনেকুৱা এটা নোপোৱাৰ জীৱনৰ লগতেই।
সেইজনী বিনিয়ে যেতিয়া শহুৰেকৰ ঘৰৰ নানা আবদাৰ পূৰাবলৈ অসমৰ্থ হৈ মাকৰ ওচৰলৈ ঘূৰি আহিছিল, তেতিয়াও তাই ডিভোৰ্চ বিচৰা নাছিল। তাৰ পাছত যেতিয়া গিৰিয়েকে ডিভোৰ্চ বিচাৰিলে তেতিয়া তাই নিজৰ প্ৰাপ্যখিনিও বিচাৰিব পৰা নাছিল। এটা সৰু চাকৰিত সোমাই কোনোমতে নিজৰখিনি কিবাকৈ চলাই নিছিল। তাইৰ বয়সৰ ছোৱালীবোৰৰ কিমান যে চখ থাকে! চিনেমা চোৱা, নতুন ডিজাইনৰ কাপোৰ,গহণা কিনা কিন্তু এইবোৰ একোতেই তাইৰ চখ নাছিল। অফিচ আৰু ঘৰ এনেকৈয়ে তাই কটাইছিল।
এনেকৈয়ে চলিছিল গৈছিল দিনবোৰ। তাৰপাছত হঠাতেই এদিন বিনিৰ লগত চিনাকি হ’ল শুভমৰ। অফিচৰ এজন কলিগৰ বিয়াত চিনাকি। শুভম অফিচৰ ল’ৰাজনৰ দূৰ সম্পৰ্কীয় ককায়েক। বিনিৰ লগত চিনাকি হোৱাৰ পাছৰপৰাই শুভমে সিহঁতৰ অফিচলৈ ঘনাই আহিবলৈ আৰম্ভ কৰিলে। মাজে মাজে দেখাদেখি আৰু কথা-বতৰা হৈ দুয়োৰে মাজত বন্ধুত্ব আৰম্ভ হৈ গ’ল।
শুভমৰ নিজৰ ব্যৱসায় আছে। বেছ স্বচ্ছল অৱস্থা।
কেইমাহমানৰ পিছত শুভমে বিনিক প্ৰেম নিবেদন কৰিলে। বিনি প্ৰথমতে সন্মত হোৱা নাছিল। কিন্তু পাছত সুপুৰুষ শুভমৰ ভদ্ৰ ব্যৱহাৰ, কেয়াৰিং নেচাৰ, তাইৰ প্ৰতি থকা ভালপোৱাত কেনেকৈ যে ভাহি গ’ল বিনি! অথচ স্বভাৱগতভাবে বিনি আৰু শুভমৰ আছিল আকাশ -পাতাল পাৰ্থক্য। এফালে বিনিয়ে নাজানে চখ কাক কয়, ইফালে চৌখিন বুলিলে যাক বুজা যায় শুভম ঠিক তেনেকুৱা। বিনি খুব আচৰিত হয় শুভমৰ চখবোৰ দেখি। শুভমৰ অন্যতম চখ আছিল ভাল ভাল আৰু দামী খানা। এনেকুৱা কোনো ডাঙৰ ৰেস্তোঁৰা বা হাই-ফাই হোটেল নাই য’লৈকে শুভমে খাবলৈ যোৱা নাই বা চিনি নাপায়।
দামী দামী বস্তু কিনাতো শুভমৰ আন এটা ডাঙৰ চখ। প্ৰথমতে মধ্যবিত্ত বিনিৰ খুব অস্বস্তি লাগিছিল। ইমান টকা খৰচ কৰি ইমান দামী দামী ব্ৰেণ্ডেড্ বস্তু
কিনাতো টকাৰ অপচয় যেন হে ভাব হৈছিল। তাইৰ যে একোতেই চখ নাই সেই বাবে শুভমে হা হা কৈ হাঁহিছিল। কৈছিল,
‘ধুৰ,তুমি ইমানদিনে জীয়াবলৈকে নিশিকিলা। চখ নোহোৱাকৈ মানুহে জানো বাচি থাকিব পাৰে!ব’লা তোমাক মই মানুহ বনাই দিওঁ। চাবা মোৰ লগত থাকি থাকি তুমিও গম পাবা চখ নো কি বস্তু আৰু কাক কয়।’
বিনিয়ে শুভমৰ কথা ভালকৈ বুজি নাপালেও, শুনিবলৈ তাইৰ ভালেই লাগিছিল। বিশ্বাস কৰিবলৈ মন গৈছিল তাৰ কথাবোৰ। এইদৰে তিনিবছৰ প্ৰেম কৰাৰ পাছত দুয়ো বিয়া পাতিলে।
বিয়াৰ পিছৰ পৰাই সলনি হৈ গ’ল শুভম। আগৰ দৰে কেয়াৰিং স্বভাৱো নোহোৱা হ’ল। কথা-বাৰ্তাবোৰত দায়িত্বহীন ভাব। দামী বস্তু কিনা,বাহিৰত খোৱা সকলোবোৰেই কৰি থাকিলে শুভমে, পিছে বিনিকহে আৰু লগত নিনিয়া হ’ল। কিছুদিনলৈ কন্দা-কটা কৰি বিনিয়ে সেয়াও মানি ল’লে।
পুনৰ তাইৰ আগৰ জীৱন আৰম্ভ হ’ল সেই অফিচ আৰু ঘৰ। হঠাৎ এদিন ৰাতি থানাৰপৰা ফোন আহিল। শুভমক থানাত আটক কৰি ৰখা হৈছে। তাই থানালৈ গৈ গম পালে যে গাড়ীৰ ভিতৰত ছোৱালীৰ লগত অশোভনীয় অৱস্থাত পাই তাক পুলিচে থানালৈ লৈ আহিছে। সেইদিনাহে বিনিয়ে গম পালে যে এইটোও শুভমৰ অন্যতম চখ। ইমানদিনে বিনিয়ে একোৱেই গম পোৱা নাছিল কাৰণ ইমানদিনে বিনি নিজেই আছিল শুভমৰ চখ। নিজৰ কোনো চখ নথকা বিনিয়ে তাইৰ গোটেই জীৱনটো দি বুজিব লগা হ’ল চখ কাক কয়।
10:31 PM
বৰ ভাল লাগিল।