প্ৰভেদ-অনসূয়া বৰঠাকুৰ
পৃথিৱীখনৰ এটা কোণত, খেৰৰ চালিখনৰ ঠিক সোঁমাজতে থকা খাটখনৰ শিতানত লাইব্ৰেৰীৰপৰা অনা কিতাপকেইখন,বাতৰি কাকত আৰু দুই দিস্তা কাগজৰ বহীখনত নাৰায়ণে আঁকি আছে তাৰ ভবিষ্যতৰ ঘৰটোৰ নক্সা। সেই পৃথিৱীৰে আন এটা কোণত এ.চি.টো অন কৰি কমফৰ্টাৰখন গাতে মেৰিয়াই মাজে মাজে আইফ’নটো চাই লেপটপত কিবা টাইপ কৰি আছে সমীৰে…….
অৱশেষত সেই দিনটো আহিল, তৃতীয়বাৰৰ বাবে চেষ্টা কৰি বিফল হৈ সমীৰে দেউতাকক জনাই দিলে প্ৰশাসনিক সেৱাৰ পৰীক্ষা দিবলৈ আৰু জোৰ কৰিলে ঘৰ এৰি গুচি যোৱাৰ নিষ্ঠুৰ সিদ্ধান্ত! দেউতাকে লগে লগেই হোণ্ডাৰ শ্ব’-ৰুম এটা খুলিবলৈ পুতেকৰ হাতত গুজি দিলে খমখমীয়া নোটৰ বাণ্ডিল। আনহাতে প্ৰথমবাৰৰ চেষ্টাতে সফল হোৱা নাৰায়ণে এতিয়া গুণা-গঁথা কৰি আছে কেইমাহৰ দৰমহা পালে পিতাকৰ বন্ধকৰ মাটিখিনি মোকলাব পাৰিব!