তাহানিৰ সোণোৱালী শৈশৱৰ শাসনবোৰ আৰু আজিৰ প্ৰজন্ম-বন্দিতা জৈন

লʼৰালি কালৰ কথা। কথা মানে অতীত ৰোমন্থন। আমাৰ সম বয়সীয়াখিনিৰ বাবে অতীত ৰোমন্থন মানে বেলেগ একো কাহিনী নাই। কিমান বদমাচি কৰি মা-দেউতাহতঁৰ হাতৰপৰা কিমান মাৰ খাইছিলো তাৰেই পৰিসংখ্যা অনুসৰি কৰা হিচাপ। মাৰৰ প্ৰকৃতি আৰু পৰিমাণ কৰ্ম অনুযায়ী হৈছিল। কেতিয়াবা ডাঙৰ দোষ কৰিলেও মাফ, কেতিয়াবা দোষ নকৰাকৈয়ে খোৱা মাৰ,নপঢ়িলেও মাৰ,পঢ়িলেও ভুল হোৱাৰ নামত মাৰ। বেছি সময় পঢ়া টেবুলত থাকিলেও চিন্তা, নাথাকিলেও সেই ফালেই ফলা খৰিৰ কোব খোৱা। খংটো উঠে সেই খৰি কেইডালৰ ওপৰত।

হেৰৌ! তহঁতেনো আমাৰ ঘৰলৈ খৰিৰ ৰূপত কিয় আহিব লাগে? আহিছ আহ বাৰু,পৰি থাক সেই ফালে চুকত। থাকে আকৌ মায়ে বহাতে হাতেৰে ঢুকি পোৱা ঠাইত । আমাৰ পিঠি কেইখন বখলিয়াই কোনটো জনমৰ প্ৰতিশোধ লয় নাজানো আৰু! মনৰ আনন্দতে দুগুণ উৎসাহত জ্বলি মাক সহায় কৰি আছে,মাৰ মৰমৰ হাতৰ পৰশ লৈ। ঈৰ্ষাতে দুই এডাল খৰি আফাল মাৰি  থৈ নহাও নহয়। কেতিয়াবা যদি খৰিডাল দলিওৱা দেখা পাইছে,তাতো আকৌ মাৰ খাইছো খৰিডাল কিয় দলিয়াই দিলি বুলি! তথাপি শান্ত নামৰ শব্দটো আমাৰ সদায়ে বিপৰীত দিশত থিয় হয়গৈ ! 

  

সময় বাগৰিল,ডাঙৰ হ’লো….(হ’লো জানো!!!)  এতিয়াও সুবিধা পালে কাজিয়া কৰিবলৈ নেৰোঁ দেখোন। আজৰি পালেই   অতীতৰ কথাবোৰে চোন মন-মগজুত দোলা দি যায়। 

এল.পি স্কুলীয়া দিনৰেপৰা মই আছিলো অলপ মুডী,,,, খঙাল। লগৰ কেইটাই জোকালে এনেই নেৰোঁ, কাজিয়া এখন লাগি দুমাৰ দিহে এৰোঁ । স্কুলৰ কথা স্কুলতে শেষ হ’ব লাগে, কিন্তু নহয়। মোৰ ভুল। ঘৰ গৈ শান্ত-শিষ্ট হৈ ভাত খাই নিজৰ থালিখনো অঁতাই মেলি ৰাখোঁ। সেই দিনা বাহিৰলৈ নাযাওঁ। ঘৰৰ পিচফালে বাহিৰা কিতাপৰ ৰেক্ ডালৰ লগত শাৰীপাতি থকা টিংকল, চান্দমামা আদিবোৰ পঢ়ি থাকো। ভুতুংকৈ কʼৰপৰা জানো মা আহি পায়। ধুনীয়াকৈ পঢ়ি থকা ছোৱালী জনীকো সৰু এচাৰিৰে কেইকোব মান দিহে আচল কথা কয়, 

“স্কুলত মতা ল’ৰাৰ লগত কাজিয়া কৰিবলৈহে যাৱ তই, কালিৰ পৰা নাযাবি স্কুল। পঢ়িব পৰা হ’লি যেতিয়া এই সোপাকে পঢ়িবি!!!” 

আকৌ কেইদিনমান  ঠিকেই যায়। কেতিয়াবা ঘৰলৈ নগৈ  গাঁৱৰ লগৰীজনীৰ লগতে নদীৰ পাৰত খেলি থাকোঁ। তাতে দুনীয়াখন বিচাৰি আহি মা পায়হি।তেতিয়াও সেই একে,,,এই এচাৰিবোৰত যে ইমান শাস্তি নিহিত থাকে,,,,উফফ্! 

কেতিয়াবা আকৌ স্কুলৰপৰা চিধা ৰাস্তাৰে নাহি পকা কৰা ৰাস্তাৰে গাঁৱৰে বৰদেউতাহঁতৰ ঘৰেদি আকৌ ঘৰৰ ৰাস্তাৰে আহোঁ। সময়খিনি ভাবিলে কম যেন লাগে। কিন্তু মোক মৰম কৰা মানুহখিনিয়ে ধৰি খুৱাই-বুৱাই ৰাখি থয় মৰমতে। সেয়াতো মোৰ দোষ নহয়। তথাপি মাৰ খাওঁ বোলে লোকৰ ঘৰৰ ল’ৰা- ছোৱালী ঘৰ গৈ খাই বৈ খেলা-ধূলা কৰি ঘৰত আহি পঢ়াত বহিল। আমাৰ আই লখিমী আকৌ এতিয়াহে স্কুলৰ পৰা আহিছে!অৱশ্যে বৰদেউতা,বৰমাৰ (বৰ্তমান তেওঁলোকৰ দুয়োজনেই স্বৰ্গগামী হ’ল) কোনোবা এজনে ঘৰলৈ গৈ থৈ আহে। গতিকে দীঘলীয়া সময় ঘৰ গৈ নাপালে  পিছত চিন্তা নকৰা হ’ল। কেতিয়াবা দুই তিনদিন ঘৰলৈকে নাযাওঁ। তাতে থাকোঁ। 

  গোটেইবোৰ কৈ মেলি আমি যে গাঁৱলীয়া প্লেয়াৰ এই কথাটো নকʼলে হ’ব জানো? ওপৰৰ আটাইবোৰৰ বাবে মাৰ খাইছোঁ।খেল খেলি দেৰিকৈ ঘৰ গৈ পালে সেইদিনা শেষ। আৰু যদি হাত-ভৰিত দুখ পাই যাওঁ তেতিয়া এতিয়াৰ ল’ৰা ছোৱালীবোৰক মাকহঁতে কৰাৰ দৰে ডেটল পানীৰে ধুই মলম নলগায়। এচাৰিৰে মলম লগায়। বচ্,যাদুৰ দৰে কাম কৰে! তেজ ওলোৱা,বিষ হোৱা সকলো বন্ধ হৈ যায়। খেলুৱৈ কম আছিলো নে!  হাইগুডো,গুন্দাগুডো, কাবাডী, গাঁৱলীয়া খো_খো, আৰু বহুত, নামবোৰ পাহৰিলো। 

পঢ়াৰ সময়। সন্মুখত পৰীক্ষা, আমাৰ দৰে গাঁৱৰ আগশাৰীৰ খেলুৱৈবোৰে মনপুতি পঢ়া কথাটো অলপ আচহুৱা। কিন্তু সেই বুলি পঢ়াত বেয়া নহয় চকু মুদি পঢ়িলেই টোপনি যোৱা নুবুজায়।মুখেৰে শব্দ হৈ থাকিলেই হ’ল মায়ে শুনাকৈ। এনেদৰে পঢ়ি থাকোঁতে কেইবাবাৰো হাতলাগি টেবুল লেম্পৰ চিমনি ভাঙিছো।মায়ে কাচঁবোৰ উঠাই মেলি পিচদিনা চিমনি আনোৱাই কৰোবাৰ হাতেৰে,কিন্তু প্ৰথমে চিমনিৰ দামটো আমাৰ পিঠিত উঠাই পইচা ৱচুল কৰি লয়। 

মাৰ হাতেৰে যিমান মাৰ খালেও আমাৰ একো গাত লগা নাছিল। কিছুদিন মাৰ নাখালে মনটো বেয়াহে লাগিছিল। কিবা এটা ভুল শুধৰণি কৰিবলৈ মাৰ সেই উপায়টো উৎকৃষ্ট যেন লাগিছিল।আমি সেয়া….’মাৰ মৰমেই নে!’ বুলি মনত কষ্ট পোৱা নাছিলো। কিন্তু দেউতাই মাৰিলে সঁচাকৈ দুখ পাইছিলো। বহুত কম মাৰ খাইছিলো দেউতাৰপৰা।যেতিয়াই খাইছিলো,সেয়া ভয়ানক আছিল আমাৰ বাবে।

লাহে লাহে বদমাচিবোৰ কমি আমিও মাৰ খায়ে হওক বা বয়সৰ বাবেই হওক ভাল ল’ৰা-ছোৱালী হিচাপে সলনি হৈছিলো। পৰিবৰ্তন হৈছিল সময়,পৰিবেশ। বেয়া কাম এটা কৰিবলৈ হাজাৰবাৰ ভাবিব লগাত পৰোঁ।মা-দেউতাৰ কথা মনত পেলাই মনবোৰক ভাল পথলৈ আনিবলৈ যত্ন কৰিছিলো।সেয়া একমাত্ৰ পৰিবেশ বুলি ক’লে ভুল হ’ব। কাৰণ সেই সময়ত আমাৰ মনত ভয় হৈছিল,সৰু-সৰু কথাতে যদি শাস্তি তেনে আছিল, ডাঙৰ ভুলৰ শাস্তি কেনে হ’ব!!

বৰ্তমান সময়ত প্ৰায় ল’ৰা-ছোৱালী সৰু অথবা কিশোৰ-কিশোৰীসকল বেপেৰুৱা মনোভাৱৰ (সকলো অৱশ্যেই নহয়)। বহুতেই খুব ভদ্ৰ হয় সৰুৰেপৰা। সেয়া ঘৰুৱা পৰিবেশৰ বাবে। প্ৰায় সংখ্যকৰ বেপেৰুৱা মনোভাৱটোৰ বাবে তেওঁলোক জগৰীয়া বুলি স্বীকাৰ কৰিবলৈ কঠিন হয়।কাৰণ সেই ল’ৰা-ছোৱালীখিনিয়ে মাক-দেউতাকৰ মৰমৰ আতিশায্যৰ বাদে আন একো পোৱা নাই। বিচৰা বস্তু লগাতকৈ বেছি, অথবা নিবিচৰাকৈয়ে পাইছে। আমাৰ দৰে কাঠ খৰিৰ মাৰ কি,সেয়া  বুজি নাপায়। গতিকে তেওঁলোকৰ মন কেৱল প্ৰতিযোগিতামূলক মনোভাৱৰ আৰু বেপেৰুৱা হোৱাত আচৰিত হ’বলগীয়া একো নাই।পঢ়াত ভাল,ভাল ৰিজাল্ট কৰে প্ৰতিটো শ্ৰেণীত,প্ৰৱেশিকা পৰীক্ষাত প্ৰথম হৈ উত্তীৰ্ণ হয়। কিন্তু জীৱনৰ পদপথত যেন কিছু ক্ষেত্ৰত তেওঁলোক পিছ পৰি থাকে। 

ল’ৰা বা ছোৱালীজনীক সু-শিক্ষাৰে ডাঙৰ কৰিব পৰাটো বৰ্তমান সময়ত বহুত কঠিন কাম। বহুত বিচাৰ কৰিব লগা হয় তেওঁলোকক এটা সুস্থ  ভবিষ্যতৰ ৰাস্তা দেখুৱাই দিবলৈ। সেয়া প্ৰতিজন পিতৃ-মাতৃৰে প্ৰধান চিন্তা।কিন্তু হাতত ম’বাইল গুজি দি ল’ৰা-ছোৱালীয়ে কি কৰিছে সেয়া লক্ষ্য নকৰাকৈয়ে কেৱল উপাৰ্জনৰ পিছত দৌৰিলেও ল’ৰা-ছোৱালীবোৰৰ মগজু আক্ৰান্ত হয় বেপেৰুৱা হোৱাৰ বাবে। সেয়ে সিহঁতৰ মনতো নুবুজা অভিমান এটাই শিপাই থাকে,যাক সিহঁতে প্ৰকাশ কৰিব নোৱাৰে ।ফলাফল–অলপ ডাঙৰ হোৱাৰ পিছত সিহঁতৰ মনবোৰ নিজৰ মতেই চলাবলৈ শিকে। মাক-দেউতাকৰ কথা শুনিব অথবা বুজিব নোখোজে। বহুত সংখ্যক ল’ৰা- ছোৱালীৰ জীৱন অবাবত নষ্ট হয় ম’বাইলৰ অপব্যৱহাৰৰ বাবে।কাৰণ আৰম্ভণিতে ভাল-বেয়াসমূহ বুজাই দিবলৈ তেওঁলোকৰ ওচৰত পৰিয়ালৰ কোনো নাছিল।যেতিয়া থাকে তেতিয়ালৈ বহুত দেৰি হৈ যায়।কম বয়সতে ৰাগিয়াল বস্তুৰ প্ৰতি আসক্ত হোৱা,অনৈতিক কাম আদিবোৰ কৰাৰ ইও এটা কাৰণ। নিঃসংগতা দূৰ কৰিবলৈ প্ৰথম ম’বাইলৰ সহায়,তাৰপাছত দুষ্ট বন্ধুৰ সংগ ― দুয়োটাই এজন ভাল ল’ৰা বা ছোৱালীৰ নৈতিক অৱক্ষয়ৰ কাৰণ।

 সকলোবোৰ কেৱল আধুনিক অৱস্থাৰ লগত খাপ খাৱলৈ কৰা নিৰৰ্থক প্ৰচেষ্টাৰ ফল। আধুনিতাক দৌৰত সকলো ইমান মতলীয়া  যে ভৱিষ্যতৰ কথা চিন্তা কৰি চোৱাৰ মানুহৰ অৱকাশ নাই। কিন্তু আমাৰ সময়ত বা তাতোকৈ আগৰ সময়খিনিত আমাৰ মা-দেউতা, ককা -আইতা অথবা ঘৰৰ আন পৰিয়ালৰ মানুহখিনিৰ বাবে নিজৰ কথা চিন্তা কৰাতকৈয়ো মূল্যৱান আছিল সন্তানৰ সু-ভবিষ্যত এটা গঢ় দিয়া। সেইবাবে চাগে তেওঁলোকে সৰুতে আমাক মাৰপিট কৰি হ’লেও ভাল চৰিত্ৰ বা ভবিষ্যত গঠনত সহায় কৰিছিল।কথাতে কয়….. 

“জুইত গলাই গঢ় দিয়াৰ পিছতহে ভাল সোণৰ অলংকাৰ ৰূপ দিব পাৰি।”

Leave a Reply

Your email address will not be published. Required fields are marked *