আমাৰ খাদ্যত বৰবিহ-ৰঞ্জনা দত্ত

কিছুদিন আগতে মোৰ এগৰাকী ভতিজা বোৱাৰীয়ে বেলতলাৰ স্থানীয় বজাৰৰপৰা সৰু সৰু চাই লোকেল ফুলকবি দুটামান কিনি আনিলে। ডাঙৰবোৰত হৰমন ব্যৱহাৰ কৰিব পাৰে বুলি সৰু চাইজৰ বিচাৰি আনিছিল। ভালদৰে ধুই পখালি আন শাক-পাচলি বোৰৰ লগত কবি দুটা ফ্ৰিজৰ পাচলি থোৱা প্লাষ্টিকৰ বাকচটোত ভৰাই থলে। ৰাতি শুবলৈ যোৱাৰ পিছত গোটেই ৰাতি ঘৰৰ ভিতৰৰ ক’ৰবাৰপৰা কেৰকেৰ মেৰমেৰ শব্দ আৰম্ভ হ’বলৈ ধৰিলে। চাৰিওফালে শব্দটোৰ উৎসটো বিচাৰিবলৈ চেষ্টা কৰিলে যদিও উলিয়াব নোৱাৰিলে। পিছদিনা ৰাতিপুৱা ফ্ৰিজটো খুলি চাই হতবাক হ’ল। ফ্ৰিজৰ প্লাষ্টিকৰ বাকচটো কেইবা ঠাইতো ফাটি আছে আৰু আগদিনা বজাৰৰপৰা অনা কবি দুটাৰ আকাৰ বাঢ়ি প্ৰায় আগতকৈ চাৰিগুণ মান হৈ গৈছে। হিচাব নোহোৱাকৈ অতিমাত্ৰাত ব্যৱহাৰ কৰা হৰমনৰ ফল এয়া !কবিকেইটা খাবলৈ আৰু সাহস কৰিব নোৱাৰিলে।

আজিকালি মানুহে বজাৰৰপৰা সম্পূৰ্ণভাৱে পকা ফল-মুল কিনি আনি ভিতৰত তিতা বা সেৰেকা পানীহেন সোৱাদ পোৱাৰ কথা প্ৰায়েই কয়। আমি ৰাজস্থানত ১৫ বছৰ থকা কালছোৱাত প্ৰায়েই ভিতৰুৱা ঠাই দুই এখনলৈ যাব লগা হৈছিল। তাত ৰাজসমন্দ জিলাৰ বানাচ নদীৰ বালিত খেতি কৰা তৰমুজবোৰ কিদৰে এটা ৰাতিৰ ভিতৰতে ২৫০ গ্ৰাম মান ওজনৰপৰা ৫ কিলোগ্ৰামমানৰ একোটাহঁত হৈ পৰেগৈ নিজ চকুৰে দেখিছিলোঁ। আজিকালি কৃষক আৰু বিক্ৰেতাসকলে পাচলিবোৰ সোনকালে ডাঙৰ কৰি বেছি লাভ পোৱাৰ আশাত বিভিন্ন ধৰণৰ হৰমন জাতীয় ৰাসায়নিক দ্ৰব্য চিৰিঞ্জৰ সহায়ত ফল-পাচলি আদিত সুমুৱাই দিয়ে। বহুত খেতিয়কে আচলতে নাজানেই এই ইঞ্জেকচনবোৰৰ পৰানো কি ক্ষতি হ’ব পাৰে ? তেওঁলোকে মাত্ৰ জানে এইবোৰ দিলে পাচলিবোৰ সোনকালে ডাঙৰ হৈ পৰে। বাহিৰৰপৰা এইবোৰ দেখিলে কাৰো ধৰিবৰ সাধ্য নাই যে এই সুন্দৰ পকা ফলটোৰ ভিতৰত এটা মাৰাত্মক দ্ৰব্য সোমাই আছে।

কৃষক আৰু বিক্ৰেতাসকলে দ্ৰুত গতিত আকাৰ আৰু ওজন বঢ়াবৰ বাবে অক্সিটচিন (oxytocin) নামৰ এটা ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰে। সতেজ ভাৱ আনিবৰ বাবে বিক্ৰেতাবোৰে কেৰেলা, পটল, লাও, ভেণ্ডি,বিন আদিত কিছুমান হানিকাৰক পদাৰ্থ ব্যৱহাৰ কৰে। এইদৰে ব্যৱহাৰ কৰা ৰঞ্জক পদাৰ্থবোৰৰ বেছিভাগেই পেট্ৰকেমিকেল জাতীয় বস্তুৰপৰা তৈয়াৰ কৰা হয় আৰু দীঘলীয়া সময়ৰ বাবে এইবোৰ ব্যৱহাৰ কৰাটো আমাৰ শৰীৰৰ বাবে সাংঘাটিকভাৱে ক্ষতিকাৰক। প্ৰশাসনৰ চকুত ধূলি দি স্থানীয় শাক-পাচলি আৰু মাছ- মঙহৰ বজাৰত এই মাৰাত্মক বৰ বিহবোৰৰ অবাধ ব্যৱহাৰ চলি আহিছে। সময়ে সময়ে প্ৰশাসনে অভিযান চলাই কিছুমান ক্ষতিকাৰক ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ বন্ধ কৰে।সৰু বেপাৰীবোৰৰ হাৰাশাস্তি হয়, তেওঁলোকৰ ফলমূল , শাক-পাচলিবোৰ পেলাই দিয়ে। কিছুদিনৰ পিছত আগৰদৰেই শাক-পাচলি, ফলমূল , মাছ -মঙহৰ বজাৰলৈ এই বৰবিহবোৰ সংগোপনে লাহে লাহে সোমাই আহে। নিৰাপদ বুলি বিবেচিত হোৱা আৰু বৰ্তমান বজাৰত বহুলভাৱে ব্যৱহাৰ কৰি থকা ৰাসায়নিক পদাৰ্থবোৰো বিপদমুক্ত বুলি ক’ব নোৱাৰি।

চিকচিকাই থকা ধুনীয়া ৰঙা পকা আপেলবোৰ আমাৰ দেখিলেই কিনিবৰ মন যায়। সুদূৰ কাশ্মীৰৰপৰা অহা এই আপেলবোৰ বাৰু গছৰপৰা ছিঙা কিমান দিন হ’ল আমি ভাবি চাইছোনে? এই ভীষণ গৰমৰ দিনত ফলমূলৰ বজাৰখনত দেখিলেই মোক খা, মোক খা কৰা পকা ফলমূলবোৰ কেনেকৈ ইমান দিন বেয়া নোহোৱাকৈ থাকে বাৰু? আচলতে আপেলৰ কাঠৰ বাকচ বোৰৰ ভিতৰত 1-মিথাইল চাইক্ল’ প্ৰপিন নামৰ গেছটো পাম্প কৰি সুমুৱাই দিয়া হয়। এই গেছটোৱে আপেলবোৰ প্ৰাকৃতিক ভাৱে পকাত সহায় কৰা হৰমোনটোৰ উৎপাদন একেবাৰে বন্ধ কৰি দিয়ে। ফলত ফলবোৰ একেবাৰে লাহে লাহে পকে আৰু সোনকালে বেয়া হৈ নেযায়। জাৰকালি ফলমূলৰ বিক্ৰেতাসকলে কেঁচা কলৰ থোকবোৰ ছালফাৰ-ডাই-অক্সাইড গেছ( Sulphur di oxide) আৰু কেলচিয়াম কাৰবাইড (calcium carbide) গেছৰ সংস্পৰ্শত ৰাখি থয়। ফলত কলবোৰ অতি সোনকালে পকি যায় আৰু এইবোৰ বজাৰত বিক্ৰীৰ বাবে উলিয়াই দিয়া হয়।

অসমকে ধৰি আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে কানপুৰ আৰু অন্ধ্ৰ  প্ৰদেশৰপৰা মাছ আমদানি কৰা হয়। এই মাছবোৰত সাধাৰণতে ফৰ্মেলিন(Formalin) আৰু বেনজেলডিহাইড( benzaldehye) নামৰ ৰাসায়নিক পদাৰ্থ দুটাৰ প্ৰয়োগ কৰা হয়। মাছৰ যোগান ধৰোঁতা আৰু বিক্ৰেতাসকলে এইবোৰ ব্যৱহাৰ কৰি কুৰি পঁচিশ দিনলৈকে মাছবোৰ সতেজ কৰি ৰাখে। ভালকৈ চাব নাজানিলে অতি অভিজ্ঞ লোকেও লোকেল মাছ আৰু ইয়াৰ পাৰ্থক্য বিচাৰিব নোৱাৰে।

শৰীৰৰ পুষ্টিৰ বাবেই খাদ্য। সেই খাদ্যই যেতিয়া ভেজাল হয় তেতিয়া পুষ্টিৰ সলনি শৰীৰৰ ক্ষতি হয় আৰু মানুহ ৰোগাক্ৰান্ত হৈ পৰে। চুপাৰ মাৰ্কেটৰ শ্বেলফ আৰু ফ্ৰিজাৰত থোৱা ধুনীয়া ধুনীয়া পানীয় আৰু খাদ্য সামগ্ৰী বোৰতো শৰীৰৰ বাবে ক্ষতিকাৰক ৰাসায়নিক দ্ৰব্য কিছুমান মিহলোৱা থাকে। সুন্দৰ,ৰঙীণ আকৰ্ষণীয় আৰু দেখিলেই খাবলৈ মন যোৱাকৈ তোলা ফটোৰ লগতে ক্ৰেতাৰ মন হৰি নিব পৰাকৈ দিয়া পুষ্টিকৰ গুণগত মানৰ তালিকাৰ আঁৰত লুকাই থকা বৰবিহবোৰৰ নাম সকলোৰে অজ্ঞাতেই থাকি যায়। যদিও কিছুমান ৰাসায়নিক পদাৰ্থৰ একো হানিকাৰক গুণ নাই, কম পৰিমাণত থকা অন্য কিছুমান পদাৰ্থই মানুহক সাংঘাটিকভাৱে অসুস্থ কৰি তুলিব পাৰে। পাঠকৰ জ্ঞাতাৰ্থে সঘনাই ব্যৱহাৰ হোৱা কেইটামান কেমিকেলৰ নাম আৰু সেইবোৰে কৰিব পৰা শাৰীৰিক ক্ষতিৰ বিষয়ে থোৰতে আগবঢ়াবলৈ প্ৰয়াস কৰিলো।

(১)পটাচিয়াম ব্ৰমেট (Potassium Bromide)

ব্ৰেড, ৰোল, কেক আদি কোমল কৰিবৰ বাবে ময়দাত পটাছিয়াম ব্ৰমেট নামৰ ৰাসায়নিক পদাৰ্থ এটা মিলোৱা হয়। জন্তুৰ ওপৰত পৰীক্ষা কৰি ইয়াৰপৰা কেঞ্চাৰ হ’ব পাৰে বুলি প্ৰমাণিত হৈছে। বহুতো দেশত এইবিধ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা বস্তুবোৰৰ ওপৰত কেঞ্চাৰৰ সাৱধানতাৰ লেবেল লগোৱাটো বাধ্যতামূলক।

(২)ছ’ডিয়াম নাইট্ৰেট আৰু ছ’ডিয়াম নাইট্ৰাইট

     (Sodium Nitrate and Sodium Nitrite)

মাংসৰ চালানী , চচেজ, বা বৰফত সংৰক্ষণ কৰা পেকেটৰ মাংস আদি বহুত দিনলৈ ভালে ৰাখিবৰ বাবে ছডিয়াম নাইট্ৰেট আৰু ছডিয়াম নাইট্ৰাইট ব্যৱহাৰ কৰা হয়। এই নাইট্ৰাইটবোৰে আমাৰ পাকস্থলীত থকা কিছুমান এমিনো’ এচিডৰ লগত ক্ৰিয়া কৰি নাইট্ৰচ’ এমিন (Nitroso amino) নামৰ এবিধ পদাৰ্থলৈ পৰিৱৰ্তিত হয়। এই নাইট্ৰচ’ এমিনবোৰ কেঞ্চাৰৰ কাৰক বুলি বিজ্ঞানসন্মতভাৱে প্ৰমাণিত হৈছে। আমাৰ খাদ্য সামগ্ৰীত ব্যৱহাৰ কৰা কিছুমান ৰঞ্জক পদাৰ্থত ছ’ডিয়াম নাইট্ৰেট( Sodium nitrate ) ব্যৱহাৰ কৰে যিবোৰ সহজেই নাইট্ৰাইটলৈ পৰিৱৰ্তিত হয়। নাইট্ৰাইট ব্যৱহাৰ কৰা প্ৰচেচড মাংসবোৰ বেছি তাপত ভজাৰ সময়তো এবিধ কেঞ্চাৰ হ’ব পৰা ক্ষতিকাৰক পদাৰ্থ উৎপন্ন হয়।

(৩)অক্সিটচিন( Oxytocin)

কৃষকসকলে লাও , কোমোৰা, কবি, তৰমুজ আদি অতি সোনকালে ডাঙৰ কৰিবৰ বাবে অক্সিটচিন নামৰ হৰমনবিধ ব্যৱহাৰ কৰে। ইয়াৰোপৰি দুগ্ধ উৎপাদক সকলেও গাখীৰৰ উৎপাদন বঢ়াবৰ বাবে গাই গৰুক ইয়াৰ বেজী দিয়ে। অক্সিটচিন বেছি মাত্ৰাত শৰীৰলৈ গ’লে মানুহৰ পেটৰ বিষ, কথা পাহৰা, মূৰ ঘূৰোৱা, অপ্ৰকৃতিস্থ বা টোপনিৰ ভাৱ হোৱা আদি লক্ষণে দেখা দিয়ে। ই কেতিয়াবা হৃদযন্ত্ৰৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলাব পাৰে।

(৪) ফৰ্মেলিন( Formalin)

এইটো ফৰ্মেলডিহাইড নামৰ এটা গেছৰ পানীত দ্ৰৱীভূত হৈ থকা অৱস্থা। সাধাৰণতে মৃত শৰীৰবোৰ মৰ্গত ভালে ৰাখিবৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়। বায়’লজি প্ৰয়োগশালাত থকা জীৱ- জন্তুৰ স্পেচিমেনবোৰ ফৰ্মেলিনৰ দ্ৰৱণত ভৰাই থোৱা আমি দেখিবলৈ পাওঁ। বাহিৰৰ পৰা অহা চালানী মাছবোৰ বহুদিনলৈকে সতেজ কৰি ৰাখিবৰ বাবে ইয়াক বহুলভাৱে প্ৰয়োগ কৰা হয়। ফৰ্মেলিন আমাৰ শৰীৰলৈ গ’লে বমি বমি ভাৱ, চকুত লাগিলে চকু নাক আদিত পোৰণি আৰম্ভ হ’ব পাৰে। শৰীৰত ইয়াৰ অত্যাধিক উপস্থিতিত ফুচফুচ আৰু পেটৰ বিভিন্ন অংশত কেঞ্চাৰৰ সৃষ্টি কৰিব পাৰে। ৩৭% ৰো কম ফৰ্মেলডিহাইড দ্ৰৱীভূত হৈ থকা ৩০ মিলিলিটাৰতকৈও কম ফৰ্মেলিন শৰীৰত সোমালেই এজন প্ৰাপ্তবয়স্ক লোকৰ মৃত্যু হ’ব পাৰে। পৰীক্ষাৰদ্বাৰা ইয়াৰ লগত তেজৰ কেঞ্চাৰৰো সম্বন্ধ বিচাৰি পোৱা গৈছে।

(৫) বেঞ্জইক এচিড আৰু চ’ডিয়াম বেঞ্জএট (Benzoic acid and sodium benzoate)

এই দুটা কেমিকেল গাখীৰ উদ্যোগ, শীতল পানীয়ৰ উদ্যোগ, কম চেনি থকা বুলি লিখা বজাৰৰ পেকেটত থকা খাদ্য সামগ্ৰীবোৰত আৰু মাছ ,মাংসৰ সংৰক্ষক হিচাবে ব্যৱহাৰ কৰা হয়। এইবোৰ আমাৰ শৰীৰৰ ভিতৰলৈ যোৱাৰ ফলত আমাৰ পাচন ক্ৰিয়াত বাধা আহিব পাৰে । মূৰৰ বিষ, এচিডিটি বা কেতিয়াবা এজমাৰদ্বাৰাও আক্ৰান্ত হ’ব পাৰে। ই অতি লাহে লাহে স্নায়ুতন্ত্ৰৰ ওপৰত ক্ৰিয়া কৰি কোষবোৰ ধ্বংস কৰে আৰু ফলত ‘পাৰকিনচন’ নামৰ এবিধ স্নায়ুৰোগৰ চিকাৰ হ’ব পাৰে। চডিয়াম বেঞ্জএটৰ নেমুটেঙা জাতীয় পদাৰ্থত থকা ভিটামিন চিৰ লগত যুক্ত হৈ বেনজিন নামৰ এবিধ কেঞ্চাৰ হ’ব পৰা ৰাসায়নিক পদাৰ্থৰ সৃষ্টি হয়।

(৬) বিউটাইলেটেড হাইড্ৰক্সি এনিচ’ল(BHA) আৰু বিউটাইলেটেড হাইড্ৰক্সি টলুইন ( BHT)

এই কেমিকেল পদাৰ্থ দুটা চিপচ্, ভুজিয়া, চানাচুৰ জাতীয় পেকেটত থকা বস্তুবোৰত ব্যৱহাৰ কৰে। ইয়াৰ উপৰিও চচেজ, চালামী, শুকান সংৰক্ষিত মাংসজাত বস্তু আদিতো ইয়াৰ ব্যৱহাৰ কৰা হয়। এই কেমিকেল দুটা কেঞ্চাৰ জাতীয় টিউমাৰৰ বৃদ্ধিৰ কাৰক হ’ব পাৰে বুলি বৈজ্ঞানিক সকলে প্ৰমাণ কৰিছে।

(৭)কেন্থাজেনথিন( canthaxanthin)

কণীৰ কুহুমৰ হালধীয়া ৰংটো বঢ়াবৰ বাবে এইবিধ কেমিকেল ব্যৱহাৰ কৰা হয়। ই চকুৰ ৰেটিনাৰ ক্ষতি কৰিব পাৰে।

(৮) মন’ চডিয়াম গ্লুটামেট (MSG)

আজিন’মট নামেৰে জনাজাত এইবিধ ৰাসায়নিক পদাৰ্থ চাইনীজ খাদ্য সামগ্ৰী, মেগী, চাওমিন, মম’ আদিত ব্যৱহাৰ কৰা হয়। ইয়াৰোপৰি মেয়নিজ জাতীয় খাদ্য সামগ্ৰীতো ইয়াক ব্যৱহাৰ কৰা হয়। MSG বেছি মাত্ৰাত শৰীৰলৈ গ’লে ডিঙি আৰু হাতৰ জ্বলাপোৰা ভাৱ, মূৰৰ বিষ, বুকুখন গধুৰ লগা আদি উপসৰ্গই দেখা দিব পাৰে। ইয়াৰ সঘন ব্যৱহাৰে স্নায়ুতন্ত্ৰৰ ক্ষতি কৰাৰ বহুত ঘটনা পোহৰলৈ আহিছে।

(৯) কৃত্ৰিম চেনি জাতীয় পদাৰ্থ

চেনিবিহীন ডায়েট ফুড আৰু পানীয়ৰদৰে কৃত্ৰিম মিঠা জাতীয় পদাৰ্থবোৰ মিঠা কৰাৰ লগতে কেল’ৰিৰ মান অটুট ৰাখিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। এইবোৰৰ ভিতৰত এচপাৰটেম, চুক্ৰাল’জ আৰু চেকাৰিন অন্যতম। এচপাৰটেম( aspertame)নামৰ ৰাসায়নিক পদাৰ্থবিধ ফিনাইল এলেনাইন নামৰ এবিধ এমিন’ এচিডৰ লগত মিথানলৰ বিক্ৰিয়া ঘটাই তৈয়াৰ কৰা হয়। শৰীৰৰ ওজন কমাবলৈ আৰু চেনি খাব নোৱাৰা বহু লোকে ইয়াক ব্যৱহাৰ কৰে। পৰীক্ষা কৰি দেখা গৈছে যে ই টাইপ-২ মধুমেহ ৰোগৰ কাৰক হ’ব পাৰে। মূৰৰ বিষ, মাইগ্ৰেন , হৃদৰোগ আদিৰ উপৰিও হৰমোনৰ লগত সম্বন্ধ থকা কেঞ্চাৰ আদিৰো ই কাৰক হ’ব পাৰে বুলি বৈজ্ঞানিক ভাৱে প্ৰমাণিত হৈছে।

(১০) কৃত্ৰিম ৰং

জাম, জেলি, মৰ্টন, শীতল পানীয় সকলোতে ৰঙা,হালধীয়া,সেউজীয়া আদি বিভিন্ন কৃত্ৰিম ৰঙৰ ব্যৱহাৰ কৰা হয়। শাক-পাচলিৰ বজাৰতো বেছি সতেজ ভাৱ দেখুৱাবলৈ পটল, ভেন্দি, মটৰ আদি কৃত্ৰিম সেউজীয়া ৰঙৰ পানীত ডুবাই থোৱা হয়। তৰমুজৰ ভিতৰত ৰঙা চেনি পানীৰ ইনজেকচন দিয়া হয়। মাছৰ ফুলত ৰঙা ৰং সানি ক্ৰেতাৰ চকুত ধূলি দিয়ে। এই কৃত্ৰিম ৰংবোৰৰ কিছুমানে শিশুৰ হাইপাৰ এক্টিভিটি আৰু ADHD নামৰ এবিধ মনোৰোগ বঢ়াব পাৰে। জন্তুৰ শৰীৰত পৰীক্ষা কৰি ৰেড-3 বা এৰিথ্ৰচিন নামৰ ৰংবিধ থাইৰইড গ্ৰন্থিৰ কেঞ্চাৰৰ কাৰক হোৱাৰ প্ৰমাণ পোৱা গৈছে। জয়পুৰৰ বজাৰবোৰত সেউজীয়া কৃত্ৰিম ৰঙৰ পানীত পটল, সেউজীয়া বুট, মটৰ আদি এনেদৰে ডুবাই থোৱা দেখিবলৈ পাইছিলো। এই সেউজীয়া ৰংবোৰ কপাৰ চালফেট নহ’লে কাগজ, কাপোৰ আদিত ৰং কৰা মেলাচাইট গ্ৰীণ( Melachite green) নামৰ এবিধ ঘাতক ৰঞ্জক পদাৰ্থৰ দ্ৰৱণ।

ব্যৱসায়িক লাভৰ লগতে খাদ্যসামগ্ৰী বেছিদিন ভালদৰে ৰাখিবৰ বাবে এই ধৰণৰ আৰু অনেক ৰাসায়নিক পদাৰ্থ আমাৰ খাদ্যবোৰত ব্যৱহাৰ কৰে। প্ৰতিটো বস্তুৱেই আমাৰ বাবে কম বেছি পৰিমাণে বেয়া। কিছুমান বস্তুৰ ব্যৱহাৰ অপৰিহাৰ্য হ’লেও বহুত ক্ষতিকাৰক কেমিকেলৰ ব্যৱহাৰৰ ওপৰত কঠোৰ আইন বলৱৎ হোৱাটো দৰকাৰ।

খাদ্যবস্তুত থকা কেমিকেলৰ কথা আমি সকলোৱেই কিছু পৰিমাণে জানো যদিও আমি কিছুমান বস্তু পৰিহাৰ কৰিব নোৱাৰোঁ। চাবলৈ গ’লে গাখীৰৰপৰা মাছ-মাংসলৈকে, চাউল,দাইলৰপৰা টিনৰ খাদ্যলৈকে, শাক-পাচলিৰ পৰা ফলমূললৈকে প্ৰায় সকলোতে কিছু পৰিমাণৰ এই বৰবিহবোৰ সোমাই আছে। এই ক্ষেত্ৰত নিজে সাৱধান হোৱাৰ বাহিৰে উপাই নাই। এইবোৰৰ মাজত কেনেকৈ আমি নিজকে কিছু  সুৰক্ষিত ৰাখিব পাৰোঁ তাৰে কিছু আভাস দিবলৈ চেষ্টা কৰিলোঁ।

(১) ডীপ ফ্ৰীজত থকা মাংসৰ চচেজ, চালামী বা পেকেটৰ মাংসবোৰ পৰিহাৰ কৰা উচিত।

(২) টিনত সংৰক্ষিত খাদ্য পৰাপক্ষত খাব নেলাগে।

(৩) ডায়েট চ’ডা বা শীতল পানীয় বোৰ খাব নেলাগে।

(৪) বন্ধ পেকেটত থকা কোম্পেনীৰ চানাচুৰ , ভুজিয়া, চিপচ্  আদিৰ সলনি স্থানীয়ভাৱে বনোৱা এইধৰণৰ বস্তু ব্যৱহাৰ কৰা বেছি ভাল। স্থানীয়ভাৱে বনোৱা চানাচুৰ আদিত কেমিকেলৰ ব্যৱহাৰ সাধাৰণতে নকৰে।

(৫) স্থানীয় বেপাৰীৰপৰা লোকেল পাচলি আৰু লোকেল মাছ, মাংস কিনি খাব পাৰে।

(৬) ৰন্ধা- বঢ়া কৰোতে ননষ্টিক কেৰাহী আদিতকৈ লোহাৰ কেৰাহীত ৰন্ধা- বঢ়া কৰিলে ভাল। খুব বেছি তাপমাত্ৰাত ননষ্টিক তৰপটোৰপৰা কিছুমান ক্ষতিকাৰক গেছ নিৰ্গত হয়।

(৭) থাৰ্ম’কলৰ প্লেটত বা কাপত গৰম বস্তু লৈ কেতিয়াও নেখাব। পূজা আদিত থাৰ্ম’কলৰ প্লেটত গৰম খিচিৰি আদি ঢালি দিলে প্ৰায়ে গলি যোৱা দেখা যায়।

(৮) বজাৰৰ শাক পাচলিবোৰ কুহুমীয়া পানীৰে কেইবাবাৰো ধুব পাৰিলে ভাল। বাহিৰৰ ৰঞ্জক পদাৰ্থ বা বাহিৰৰ পৰা প্ৰয়োগ কৰা কেমিকেল বোৰ এইধৰণে আঁতৰাব পৰা যায়।

(৯) বজাৰৰপৰা অনা মাছ-মাংস ৰন্ধাৰ আগতে কেইবাবাৰো ভালকৈ ধুই ল’ব।

(১০)সকলোতকৈ প্ৰয়োজনীয় কথাটো হ’ল আপুনি কি খাইছে, সেইটো ভালদৰে জানিবলৈ চেষ্টা কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *