সাক্ষাৎকাৰ
শিক্ষাবিদ, লেখিকা , অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, পদাৰ্থ বিজ্ঞান বিভাগ, যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়, অসম বিজ্ঞান লেখক সংস্থাৰ প্ৰাক্তন সভাপতি ড০অদিতি বেজবৰুৱাৰ সৈতে এটি সাক্ষাৎকাৰ।
(সাক্ষাৎ গ্ৰহণকৰোঁতা: ‘শব্দচিত্ৰ’ গোটৰ হৈ ই-মেগাজিন ‘শব্দচিত্ৰ—জীৱন জিজ্ঞাসা’ৰ সম্পাদিকা শ্ৰীমতী কুমকুম দেৱী শৰ্মাবৰুৱা।)
শৰ্মাবৰুৱা: নমস্কাৰ বাইদেউ। মই ‘শব্দচিত্ৰ’ গোটৰ তৰফৰ পৰা আপোনাৰ লগত আপোনাৰ জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত দুআষাৰ কথা পাতিব খুজিছোঁ।আশাকৰোঁ আপুনি সহায় কৰিব।
ড০ বেজবৰুৱা: নমস্কাৰ শৰ্মাবৰুৱা। ‘শব্দচিত্ৰ’ গোটলৈও মোৰ শুভেচ্ছা জনালোঁ। নিশ্চয় সহায় কৰিম। অৱশ্যে মোৰ জ্ঞান আৰু অভিজ্ঞতা সীমাবদ্ধ।
শৰ্মাবৰুৱা: বাইদেউ আপোনাৰ জন্ম, জন্মৰ ঠাই আৰু শৈশৱকালৰ বিষয়ে দুআষাৰ কওকচোন প্ৰথমে।
ড০ বেজবৰুৱা: মোৰ জন্ম হৈছিল যোৰহাটৰ ঐতিহ্যমণ্ডিত বালিগাঁও অঞ্চলৰ ৰজাহাউলি গাঁৱত। আচলতে মোৰ পিতৃ নিত্য ভট্টাচাৰ্যৰ মূল ঘৰ আছিল লক্ষীমপুৰ জিলাৰ ধলপুৰ মৌজাৰ কচুৱা গাঁৱত। মা আছিল ৰজাহাউলি গাঁৱৰ প্ৰখ্যাত বৰকটকী পৰিয়ালৰ জীয়াৰী। আমাৰ পিতৃ কলেজৰ শিক্ষক, অধ্যক্ষ আৰু মাতৃ এখন উচ্চ ইংৰাজী বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হোৱাৰ সূত্ৰে দুয়োজনেই শিক্ষানুৰাগী আছিল আৰু পঢ়া-শুনাৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্ব দিছিল। তেওঁলোক দুয়ো নিজৰ জীৱনৰ উদাহৰণেৰে আমাক বাট দেখুৱাই দিছিল। দুয়োৰে চিন্তা আৰু কৰ্মত স্বাৰ্থপৰতা নাছিল আৰু আমাৰ লগতে তেওঁলোকে সকলো ল’ৰা-ছোৱালীৰে উন্নতি আৰু মঙ্গল কামনা কৰিছিল।শুভ চিন্তা আৰু সজ কৰ্ম তেওঁলোকৰ জীৱনৰ মন্ত্ৰ আছিল। আমি নগৰতে ডাঙৰ হৈছিলোঁ যদিও মা আৰু দেউতাৰ গাঁও দুখনে আমাক অসমৰ গাঁৱলীয়া সমাজ সংস্কৃতিৰ লগত চিনাকি কৰি দিছিল।যোৰহাটৰ দৰঙীচুকৰ নতুনপাৰাত দেউতাই নিজাকৈ ঘৰ সাজি যোৰহটীয়া হৈ পৰিল। আমি থকা নতুনপাৰাত আৰু ওচৰৰ অঞ্চলবোৰত এটা অতি সুস্থ সামাজিক পৰিৱেশ আছিল। আমি সকলো পৰিয়ালে মিলি-জুলি থাকিছিলোঁ। আমি ল’ৰা-ছোৱালীবোৰে একেলগে খেলা-ধূলা কৰিছিলোঁ, মইনা মেল কৰিছিলোঁ, কিতাপৰ আদান-প্ৰদান কৰি পঢ়িছিলোঁ। আমি স্কুলীয়া শিক্ষা লাভ কৰা ‘বাল্যভৱন’ নামৰ বিদ্যালয়খন , বৰবাইদেউ অৱলা গোঁহাইকে আদি কৰি মাননীয় শিক্ষা গুৰুসকলেও আমাৰ জীৱনত বিভিন্ন ধৰণে প্ৰভাৱ পেলাইছিল। এনেকৈয়ে যোৰহাটৰ এক সুন্দৰ পৰিৱেশত আমি আমাৰ শৈশৱ অতিবাহিত কৰিছিলোঁ।
শৰ্মাবৰুৱা: ধন্যবাদ বাইদেউ। এতিয়া আপোনাৰ গৌৰৱময় শিক্ষা আৰু কৰ্মজীৱনৰ বিষয়ে আমি জানিব খোজোঁ। আপুনি এগৰাকী জনপ্ৰিয় আৰু কৃতি অধ্যাপিকা আছিল বুলি আমি জানিব পাৰিছোঁ।
ড০বেজবৰুৱা: মই মোৰ শিক্ষা আৰু কৰ্মজীৱন গতানুগতিকভাৱে পাৰ কৰি এতিয়া অৱসৰী জীৱন কটাইছোঁ। আপুনি মোৰ শিক্ষা জীৱনক গৌৰৱময় আখ্যা দিছে। মোৰ পৰীক্ষাৰ ফলাফলসমূহ অৱশ্যে ভাল আছিল বুলি ক’ব পাৰি। মই প্ৰাথমিক বৃত্তি পৰীক্ষাত ছোৱালীৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছিলোঁ আৰু মাধ্যমিক বৃত্তি পৰীক্ষাত অবিভক্ত শিৱসাগৰ জিলাৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছিলোঁ। ১৯৭৫ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান অধিকাৰ কৰাৰ লগতে গণিতত সৰ্বোচ্চ নম্বৰ (১০০%) লাভ কৰিছিলোঁ। ১৯৭৭চনৰ প্ৰাক-স্নাতক পৰীক্ষাত বিজ্ঞান শাখাত দ্বিতীয় স্থান লাভ কৰাৰ লগতে গণিত আৰু পদাৰ্থবিজ্ঞানত সৰ্বোচ্চ নম্বৰ লাভ কৰিছিলোঁ। একেদৰে স্নাতক পৰীক্ষাত বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান আৰু স্নাতকোত্তৰ পৰীক্ষাত প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰিছিলোঁ। কাম কৰি থকাৰ সময়তে ২০০৩ চনত মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা জ্যোতি পদাৰ্থবিজ্ঞানৰ এটা বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰিলোঁ।
এয়াই চমুকৈ মোৰ শিক্ষাজীৱন।পিছে মই ভাবো মোৰ শিক্ষাজীৱন আচলতে শেষ হোৱা নাই। আনুষ্ঠানিক শিক্ষা বা ডিগ্ৰী অৰ্জনৰ বাবে কৰা প্ৰণালীবদ্ধ শিক্ষাজীৱন শেষ হ’লেও পঢ়িবলৈ , জানিবলৈ , শিকিবলৈ অনেক কথাই বাকী ৰৈ গ’ল।
নতুন প্ৰজন্মৰ কোনোবাই যদি মোৰ এই সাক্ষাৎকাৰ পঢ়ে তেওঁলোকৰ বাবে মই ক’ব খোজো যে আমাৰ পৰীক্ষাৰ নম্বৰৰ তালিকা আচলতে আমাৰ বাবে পাৰপত্ৰৰ নিচিনাহে। জীৱনত সফলতা লাভ কৰিবলৈ হ’লে আমাৰ বাবে অধ্যৱসায়, একাগ্ৰতা, পৰিশ্ৰম কৰিবপৰা ক্ষমতা আৰু লক্ষ্যৰ প্ৰতি অবিচলতাহে অধিক প্ৰয়োজনীয়।
বাৰু এইবোৰ বাদ দি এইবাৰ প্ৰশ্নটোৰ দ্বিতীয় অংশলৈ যাওঁ।১৯৮৫ চনৰ আৰম্ভণিতে স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হৈয়ে বাহনা কলেজত পদাৰ্থ বিজ্ঞানৰ অংশকালীন শিক্ষক হিচাবে যোগ দিলোঁ। এয়াই মোৰ কৰ্মজীৱনৰ আৰম্ভণি আছিল। এই প্ৰথম অভিজ্ঞতা মোৰ কাৰণে স্মৰণীয় হৈ ৰ’ল । ল’ৰা-ছোৱালীবোৰে মোক মৰমেৰে আদৰি লৈছিল। শিক্ষকসকলৰ লগতো আন্তৰিক সম্পৰ্ক এটা গঢ় লৈ উঠিছিল। আজিও সেই সম্পৰ্ক অটুট আছে। তাত কেইমাহমান চাকৰি কৰাৰ পিছতে মই যোৰহাটৰ চৰকাৰী ‘বিজ্ঞান মহাবিদ্যালয়’ত চাকৰি পালোঁ। ১৯৮৭ চনৰ জুলাই মাহত এ.পি.এছ.চিৰ সাক্ষাৎকাৰত অৱতীৰ্ণ হৈ মনোনীত হ’লো আৰু চৰকাৰে এইবাৰ মোক যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত নিযুক্তি দিলে। এই মহাবিদ্যালয়ত সুদীৰ্ঘ ৩৪ বছৰকাল শিক্ষকতা কৰি ২০২০ চনৰ ৩১ মাৰ্চত অৱসৰ গ্ৰহণ কৰিলোঁ। মোৰ কৰ্মজীৱনৰ সমান্তৰালভাৱে মই তিনিখন ক্ষেত্ৰত কাম কৰি আছিলোঁ। বিজ্ঞান জনপ্ৰিয়কৰণ, প্ৰতিবন্ধী বা অন্যভাৱে সক্ষমসকল আৰু মহিলা তথা শিশুসকলৰ কল্যাণ আৰু সৰ্বাঙ্গীন বিকাশৰ কাৰণে কাম কৰি আছিলোঁ। পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় কাম -কাজ আৰু লিখা-মেলাতো মই আন্তৰিকতাৰে জড়িত হৈ আছোঁ। কৰ্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পাছত এতিয়া সমাজৰ কামত আত্মনিয়োগ কৰিবলৈ অধিক সময় পাইছোঁ । এতিয়া পঢ়া-শুনা আৰু লিখা-মেলাত ব্যস্ত হৈ মনৰ হেপাঁহ পূৰাম বুলি আশা কৰিছোঁ।
ল’ৰা-ছোৱালীবিলাকে মোক ভাল পাইছিল বুলি আপুনি মোক কৈছে। আচলতে মইহে মোৰ ছাত্ৰ-ছাত্ৰীসকলক বৰ ভাল পাইছিলোঁ।তেওঁলোকক মই বাট দেখুৱাবলৈ আৰু ভাল মানুহ হিচাবে গঢ়ি তুলিবলৈ যত্ন কৰিছিলোঁ। কৃতকাৰ্য হ’লোনে নাই নাজানো। নিজকে কৃতি শিক্ষক বুলি কেতিয়াও ভবা নাই। কেতিয়াবা দুই এজন ছাত্র-ছাত্ৰীয়ে তেওঁলোকৰ জীৱনত প্ৰভাৱ পেলোৱাৰ কথা কয়। তেতিয়া আৰু বহুত কৰিব পাৰিলোহেঁতেন যেন ভাৱ হয়।
শৰ্মাবৰুৱা: আপুনি ‘অসম বিজ্ঞান লেখক সংস্থা’ৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। বিজ্ঞান সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আপুনি বহুতো কাম কৰিছে।আমি তাৰ বিষয়ে কিছু কথা জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছোঁ। আমাৰ ‘শব্দচিত্ৰ—-জীৱন জিজ্ঞাসা’ ই-আলোচনীখনত বিজ্ঞান ভিত্তিক লেখাকো এইবাৰ ঠাই দিয়া হৈছে।সবিনয়ে আপোনাৰ পৰামৰ্শ বিচাৰিছোঁ।
ড০ বেজবৰুৱা: হয়, মই অসম বিজ্ঞান লেখক সংস্থাৰ লগত ইয়াৰ জন্মলগ্নৰপৰাই জড়িত হৈ আছোঁ। ইয়াৰ প্ৰকাশন সচিব আৰু সভাপতি হিচাবেও কাম কৰিছোঁ। এই সংস্থাই অসমত বিজ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিজ্ঞান সাহিত্য এক শক্তিশালী মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ আঁচনি গ্ৰহণ কৰিছে আৰু তাৰবাবে কৰ্মশালা , আলোচনা চক্ৰৰ আয়োজন কৰাৰ লগতে বিজ্ঞানৰ কথাবোৰ সৰ্বসাধাৰণৰ বোধগম্য হোৱাকৈ সহজ ভাষাৰে সমাজৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছে। এই সংস্থাৰ উপৰিও আমি বিজ্ঞান জনপ্ৰিয়কৰণৰ আন বহুবোৰ অনুষ্ঠান আৰু কামৰ লগত জড়িত হৈ আছোঁ। বহুখিনি লিখা-মেলা কৰাৰ লগতে কেইবাশও বক্তৃতা প্ৰদান কৰিছোঁ। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে যুঁজ কৰি থকা বহুতো অনুষ্ঠানৰ হকে কামত ব্ৰতী হৈ আছোঁ। বিজ্ঞান আৰু প্ৰযুক্তিৰ অভিনৱ প্ৰয়োগেৰে আধুনিক মানৱৰ বৈষয়িক জীৱন সমৃদ্ধ হৈছে। কিন্তু আমাৰ চিন্তা-চৰ্চা আৰু জীৱন যাত্ৰাত আমি এতিয়াও বিজ্ঞান মানসিকতা আৰু বৈজ্ঞানিক পদ্ধতিক আঁকোৱালি ল’ব পৰা নাই। গতিকে মই ভাবো যে এইক্ষেত্ৰত আমাৰ বহুতো কাম কৰিবলগীয়া আছে।
‘শব্দচিত্ৰ—জীৱন জিজ্ঞাসা’ ই -আলোচনীখনত বিজ্ঞানভিত্তিক লেখাকো ঠাই দিয়াত আনন্দিত হৈছোঁ। কাৰণ সামাজিক মাধ্যম এতিয়া ছপা মাধ্যমতকৈ অধিক জনপ্ৰিয় হৈছে আৰু এই মাধ্যমৰ লেখাই বৃহৎ সংখ্যক পাঠকক স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। আশা কৰিছোঁ এই লেখাসমূহ বিজ্ঞানৰ লেখা হ’লেও সাহিত্যৰ ৰসত বিধৌত হৈ পাঠকক আনন্দ দিয়াৰ লগতে বিজ্ঞানক সমাজৰ মাজলৈ লৈ যাবলৈ সক্ষম হ’ব। এই আলোচনীৰ যুক্তিপূৰ্ণ, বিজ্ঞান ভিত্তিক লেখাই মানুহৰ মনত বৈজ্ঞানিক দৃষ্টিভংগীৰ বিকাশ ঘটাবলৈ সক্ষম হ’ব।
শৰ্মাবৰুৱা: এতিয়া আপোনাৰ জীৱনসঙ্গী শ্ৰদ্ধাৰ জয়ন্ত বেজবৰুৱাদেৱ আৰু পৰিয়ালৰ বিষয়ে অকণমান কওকচোন। তেখেত অসমৰ এজন আগশাৰীৰ ব্যৱসায়ী।সেইবাবেই বহুতে আপোনালোকৰ পৰিয়ালত লক্ষ্মী-সৰস্বতী একেলগে বাস কৰিছে বুলিও কয়।
ড০ বেজবৰুৱা: মোৰ জীৱনসঙ্গী জয়ন্ত বেজবৰুৱা এগৰাকী স্থপতিবিদ। তদুপৰি তেওঁ তেওঁৰ পিতৃ অসমত হোটেল ব্যৱসায়ৰ পথিকৃত স্বৰ্গীয় যতীন্দ্ৰ নাথ বেজবৰুৱাই আৰম্ভ কৰা ব্যৱসায়, তেওঁৰ ভাতৃসকলৰ সৈতে চোৱা-চিতা কৰি আছে। আমি প্ৰায় চাৰিটা দশক জীৱনৰ বাটত একেলগে বাট বুলিছোঁ। প্ৰতিটো ক্ষণতে তেওঁ মোক সাহস যোগাইছে। মোৰ এগৰাকী কন্যা আছে। তেৱোঁ মোৰ বাবে সাহস আৰু প্ৰেৰণা।
শৰ্মাবৰুৱা: আপোনাৰপৰা আমি সামাজিক মাধ্যমৰ সাহিত্য-চৰ্চাৰ ওপৰত অকণমান আশিস নিৰ্মালি তথা দিহা-পৰামৰ্শ বিচাৰিলোঁ।
ড০ বেজবৰুৱা: আপোনাক আগৰেপৰা জানো যদিও সামাজিক মাধ্যমত কৰা সাহিত্য চৰ্চাৰ বাবেই আপোনাৰ লগত অন্তৰঙ্গ সম্বন্ধ গঢ়ি উঠিছে। সামাজিক মাধ্যমে বহুজনক সাহিত্য চৰ্চাৰ বাবে সুবিধা দিছে। বিশেষকৈ গঢ়ি উঠা সাহিত্যৰ গোটবোৰে নতুন লেখকসকলক এখন মঞ্চ দিছে আৰু বহুতো লেখকৰ সৃষ্টি কৰিছে। নিজৰ পৰিশ্ৰম , সততা আৰু সাৱধানতাৰে আগবাঢ়ি গ’লে এইসকলে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিব পাৰিব। অনুশীলন আৰু অধ্যয়নে তেওঁলোকক অধিক পৰিপক্ক কৰি তুলিব বুলি মই ভাবোঁ। কিন্তু সামাজিক দায়বদ্ধতা থাকিব লাগিব।
শৰ্মাবৰুৱা: বাইদেউ ,আপুনি ভালেকেইখন কিতাপ লিখিছে। আপোনাৰ সাহিত্য চৰ্চাৰ বিষয়ে অকণমান কওকচোন।
ড০ বেজবৰুৱা: হয় মই এতিয়ালৈকে ভালেকেইখন কিতাপ লিখিছোঁ। সেইবোৰৰ ভিতৰত ‘জোনবাই’ , ‘মৃত্যুৰ পৰা অমৃতলৈ’ , ‘অনবগুণ্ঠিতা’ , ‘মহাকাশ অভিযান’ , ‘বিজয়িনী’ , ‘ছাৰ চি ভি ৰমণ’ ,’মেডাম কুৰী’ ,টমাছ আলভা এডিছন’ আদি উল্লেখযোগ্য। মই কেইখনমান গ্ৰন্থৰ সম্পাদনাও কৰিছোঁ। ইয়াৰ ভিতৰত উল্লেখযোগ্য দুখনমান হৈছে ৪৬০ পৃষ্ঠাৰ ‘অসমৰ প্ৰাকৃতিক সম্পদ’ , ‘পানী আৰু আমি’ আৰু ‘ বৰ্ণালী’। মোৰ সাহিত্য চৰ্চা উদ্দেশ্যধৰ্মী। জীৱনী আৰু বিজ্ঞানৰ কথাৰে নতুন প্ৰজন্মক জীৱন গঢ়াত সামান্য অৰিহণা যোগোৱাৰ প্ৰয়াসহে কৰিছোঁ। তদুপৰি নাৰীৰ ইতিহাস, অধিকাৰ আৰু উন্নতি সম্পৰ্কীয় অধ্যয়ন আৰু লেখা মোৰ প্ৰিয়। মই ইতিমধ্যে পাঁচ শতাধিক প্ৰবন্ধও লিখিছোঁ। এইবিলাক বিষয়ে ভৱিষ্যতে অধিক অধ্যয়ন আৰু চৰ্চা কৰাৰ মন আছে। কিমানদূৰ সফল হওঁ নেজানো।
: শৰ্মাবৰুৱা: আমি আপোনাৰ সুস্বাস্থ্যৰে দীৰ্ঘায়ু জীৱন কামনা কৰাৰ লগতে বিজ্ঞানৰ চৰ্চা আৰু প্ৰচাৰত ব্ৰতী হৈ থাকিবলৈ ভগৱানে শক্তি প্ৰদান কৰিবলৈ প্ৰাৰ্থনা জনালোঁ। আপোনাৰ বহুমূলীয়া সময় আমাৰ বাবে খৰচ কৰাত অশেষ কৃতজ্ঞ হৈ ৰ’লোঁ।
:ড০বেজবৰুৱা: ধন্যবাদ শ্ৰীমতী শৰ্মাবৰুৱা। ময়ো আপোনাৰ সুস্বাস্থ্য আৰু লেখক জীৱনৰ শ্ৰীবৃদ্ধি কামনা কৰিলোঁ। ‘শব্দচিত্ৰ’ গোটলৈও মোৰ শুভেচ্ছা জনালোঁ। মোক মনৰ কথা ক’বলৈ সুবিধা দিয়াৰ বাবে অশেষ ধন্যবাদ জনালোঁ।
8:29 PM
ভাল লাগিল সাক্ষাৎকাৰটো
6:51 AM
সাক্ষাৎকাৰটো ভাল লাগিল। তাতে অদিতি বাইদেউ আমাৰ আদৰৰ, চুবুৰীয়া।
7:31 AM
বাইদেউ ৰ বিষয়ে বহু কথা জাানিলো। ভাল লাগিল।
আপোনাক ধন্যবাদ জনালো।
8:27 PM
ধন্যবাদ জনালোঁ।
2:00 PM
Aditi Bezbarua’s name was familiar to me but not her. The interview impressed me as it projected her philosophy and her out puts.
Thanks to Kumkum Sarma Barua for the interview. It is highly appreciable.
3:16 PM
ভাল লাগিল সাক্ষাৎকাৰটো ।
8:15 PM
ভাল লাগিল সাক্ষাৎকাৰটো।