উত্তৰণ-হৰিচন্দ্ৰ ডেকা
(গল্পটোৰ পটভূমি সত্তৰ – আশী দশকৰ । গতিকে পঢ়ুৱৈয়ে সেই সময়ৰ গুৱাহাটী মহানগৰীখনৰ কথা কল্পনা কৰি পঢ়ে যেন) গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় ভৱনৰ বাকৰি আজি লোকাৰণ্য, চাৰিওফালে দলদোপ-হেন্দোলদোপ৷ লাউড স্পিকাৰত বাজি থকা সুমধুৰ অসমীয়া গানে চৌদিশ ৰজনজনাই আছে৷ গোটেই মহানগৰীখনেই আলোকসজ্জাৰে সজাই তোলা হৈছে, যেন চহৰখনত আবতৰীয়া দেৱালীহে উৎযাপন কৰা হৈছে।সৰু সৰু ছোৱালীবিলাকে মাক-বায়েকৰ পাট-মুগাৰ মেখেলা-চাদৰ পিন্ধি হাতত ফুলৰ তোৰা লৈ ইফালে সিফালে দৌৰি ফুৰিছে৷অসমীয়া তথা হিন্দী কথাছবি জগতৰ অপ্ৰতিদ্বণ্ডী গায়িকা মলয়া দেৱীক গুৱাহাটী বিশ্ববিদ্যালয়ে আজি কলা-সংস্কৃতিত তেখেতৰ অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে
Read more