কুইজৰ কিছু কথা-ড০  মৃদুস্মিতা ফুকন

“আমাৰ পূজা-পাৰ্বণ বা শ্ৰাদ্ধাদিত সাধাৰণতে জাহাজী কল ব্যৱহাৰ কৰা নহয় কিয়?”—কুইজ প্ৰতিযোগিতা এখনত প্ৰশ্নকৰ্তাজনে প্ৰতিযোগীকেইজনৰ উদ্দেশ্যে এই কুইজটো নিক্ষেপ কৰিলে। _______________________________________________ ইতিমধ্যে অনুষ্ঠানটোত ভাগ লোৱা ল’ৰা-ছোৱালী কেইটাক দেখি আমি অভিভূত হৈ পৰিছিলোঁ।বিজ্ঞান-বাণিজ্য,সমাজ-সংস্কৃতি,খেল-খাদ্য যি বিষয়ৰে প্ৰশ্ন নকৰক লাগে, আটাইবোৰৰে উত্তৰ দিবলৈ তেওঁলোক সদা তত্‍পৰ।আটাইবোৰ উত্তৰেই যেন তেওঁলোকৰ জিভাৰ আগত। ইয়াকে বোধকৰো কণ্ঠত সৰস্বতীয়ে থিত লোৱা বুলি কয়।মই এই ল’ৰা-ছোৱালীকেইটাক দেখিছিলোঁ টেলিভিছনৰ পৰ্দাত—তেওঁলোকে কুইজৰ অনুষ্ঠান এটাত ভাগ লৈছিল|কিন্তু উল্লিখিত প্ৰশ্নটো শুনি সেই সপ্ৰতিভ প্ৰতিযোগী ল’ৰা-ছোৱালীকেইটাৰ মুখৰ মাত হৰিল।পৰস্পৰে পৰস্পৰৰ মুখলৈ চোৱা-চুই কৰিলে।আনকি

Read more

অসমৰ সংস্কৃতিৰ এক অবিচ্ছেদ্য  অংশ: থিয় নাম বা বীৰ নাম-ৰীণা দাস

এজন পাঠক আৰু ৫/৬ জনমান সহযোগীয়ে থিয় হৈ দলবদ্ধভাবে নৃত্যছন্দৰ মাজেৰে ঘোষা আৰু পদ তালৰ সহায়ত পৰিৱেশন কৰা ভক্তিমূলক অনুষ্ঠানটিয়েই হ’ল  ‘থিয় নাম  বা  বীৰ নাম’। নামৰ পদসমূহ ভাগৱত শাস্ত্ৰৰপৰা লোৱা হয়। ‘থিয় নাম’ বা  দৈত্য বীৰসকলে গোৱা ‘বীৰ নাম’ৰ মুখ্য পাঠক পৰম বৈষ্ণব প্ৰহ্লাদ। আমাৰ অসমত জগৎ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ দিনৰে পৰা ‘থিয় নাম’ বা  ”বীৰ নাম’ৰ প্ৰচলন হোৱা বুলি ধৰিব পাৰি।ধুঞাহাট বেলগুৰিত থিয় নামৰ প্ৰথম আৰম্ভণি হয় আৰু সেয়া আছিল ‘পালনাম’ৰ এটি বিশেষ মুহূৰ্তত। ধুঞাহাটত পালনামৰ লগে লগে

Read more

শক্তিতত্ত্ব আৰু অসমত ইয়াৰ ক্ৰমবিকাশ-বৰষা ডেকা

শক্তি উপাসনাৰ দেশ ভাৰতবৰ্ষ। ভাৰতৰ উত্তৰ-পূব অঞ্চল অসম (প্ৰাচীন নাম কামৰূপ) শক্তি পূজাৰ কেন্দ্ৰস্থল। অসমৰ গুৱাহাটীত অৱস্থিত নীলাচলৰ কামাখ্যা মন্দিৰ শক্তি উপাসনাৰ কেন্দ্ৰবিন্দু। এই শক্তি পূজাৰ মূল উৎস ক’ত? মহেঞ্জদাৰোত আৱিষ্কৃত বিভিন্ন নাৰীমূৰ্তি লক্ষ্য কৰিলে শক্তিৰ উৎপত্তি তথা ধাৰণা পূৰ্ব বৈদিক বুলি অনুমান হয়। কিন্তু পণ্ডিত সমাজে এই কথা মানি নলৈ শক্তিৰ উৎপত্তি সম্বন্ধে বহু মত পোষণ কৰিছে। ১. কিছুমানৰ মতে Fertility theory-য়েই শক্তি ধৰ্মৰ উৎপত্তিৰ মূল কাৰণ। তেওঁলোকৰ মতে পৃথিৱীখন মাতৃ; ইয়াৰ লগতে কৃষি কাযৰ্কো জড়িত কৰিছে। ২. মাতৃ

Read more

অধঃপতিত যুৱসমাজ আৰু অভিভাৱকৰ কৰ্তব্য-ইলি তালুকদাৰ

মানৱ সম্পদ সকলো সম্পদতকৈ শ্ৰেষ্ঠ সম্পদ। যুৱশক্তি এই সম্পদৰে এক গুৰুত্বপূৰ্ণ অংশীদাৰ। এখন দেশৰ সামগ্ৰিক উন্নয়নৰ মূল চালিকাশক্তিয়েই হৈছে যুৱ সমাজ। সম্প্ৰতি  যেন এই শক্তিৰ অৱক্ষয় হ’বলৈ লৈছে। যুৱ সমাজক কেন্দ্ৰ কৰি দেখা দিয়া উচ্ছৃংখলতাই সম্প্ৰতি এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ইয়ে দেশৰ উজ্জ্বল ভৱিষ্যতৰ বিপৰীতে এক অন্ধকাৰ ভৱিষ্যতৰ ছবি এখনহে দাঙি ধৰিছে। আজি কিছুবছৰ আগলৈ  অসম এখন শান্তিপূৰ্ণ অতিথিপৰায়ণ ৰাজ্য হিচাপে বিখ্যাত আছিল । অতিথিপৰায়ণতাৰ যেন সুযোগ ল’লে বিদেশী নাগৰিকে। সমস্যাৰে জৰ্জৰিত সমাজখনত এটা সমস্যাৰো  যেন সমাধান নহ’ব ।

Read more

প্ৰদূষণৰ  প্ৰত্যাহ্বান আৰু ইয়াৰ বিকল্প-চন্দামিতা শৰ্মা

প্ৰকৃতি হৈছে মানুহৰ প্ৰাণস্পন্দন – যি সঞ্জীৱনী  সুধা হৈ জীৱনক গতিশীল কৰি ৰাখিছে। ধৰিত্ৰীয়ে শিকাই  মানুহক জীয়াই থকাৰ   অমোঘ মন্ত্ৰ।পাহাৰ-পৰ্বত, নৈ-জান-বিল -নিজৰা আদিয়ে যি অনুপম নৈসৰ্গিক পৰিৱেশ ৰচনা কৰে তাৰ মাজতে আচলতে আমি   বিচাৰি পাব লাগিছিল জীৱনৰ অৰ্থ, জীয়াই থকাৰ মন্ত্ৰ। কিন্তু বাস্তৱক্ষেত্ৰত  এই মাতৃস্বৰূপা ধৰিত্ৰীৰ  ওপৰত  পদে পদে কৰি আহিছে অমানুষিক অত্যাচাৰ, সততে জীৱশ্ৰেষ্ঠ(?) বুলি  অহংকাৰ কৰা মানুহ নামৰ  প্ৰজাতিটোৱে ।অবৰ্ণনীয় ক্ষতিসাধনৰ ফলত বিনষ্ট হৈছে পৰিবেশ,  বিনষ্ট হৈছে প্ৰকৃতি। মানৱজাতিয়ে যান্ত্ৰিকতাৰ যি প্ৰতিযোগিতা পাতিছে, সেই প্ৰতিযোগিতাৰ ধামখুমীয়াত সেউজী ধৰণী

Read more

অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত এক পৰিৱৰ্তন-বৰষা ডেকা

অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত ক্ৰমে ক্ৰমে এক পৰিৱৰ্তনে গা কৰি উঠিছে৷ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছৰ পৰাই ইংৰাজৰ শাসন আৰু বাঙালী আমোলাসকলৰ চলন-ফুৰণ, আচাৰ-ব্যৱহাৰৰ প্ৰতি অন্ধ অনুকৰণে অসমীয়া সংস্কৃতিৰ ভেঁটি কপাই থৈ যায়৷ সংস্কৃতিৰ ক্ষেত্ৰত সততে এটা কথা ব্যৱহাৰ কৰা হয় ‘সংস্কৃতি পৰিৱৰ্তনশীল’৷ এই কথা ঠিক যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে সংস্কৃতিৰ ধাৰণাৰো পৰিৱৰ্তন হয়৷ পূৰ্বতে মানুহ গাঁৱত বাস কৰিছিল৷ ক্ৰমে ক্ৰমে মানুহ নগৰমুখী হ’ল৷ নানান শিল্প-বাণিজ্যৰ প্ৰসাৰ বাঢ়িল৷ উদ্যোগৰ সৃষ্টি হ’ল৷ সংস্থাপনৰ কাৰণে মানুহে নিজৰ গাঁও এৰি নগৰত বাস কৰিবলৈ

Read more

বুৰঞ্জীয়ে পৰশা নাহৰকটীয়া, শলগুৰি আলি, চাঁচনি আৰু কালৰ বুকুত হেৰাই যোৱা দুটি মৈদামৰ পম খেদি যৎকিঞ্চিত-জয়ন্ত গগৈ

বুৰঞ্জীৰ চৰিত্ৰবোৰ মনেসজা আৰু কাল্পনিক নহয়। বুৰঞ্জীত অতীত,বৰ্তমান আৰু ভৱিষ্যত- একেডাল সূতাৰে গঁথা থাকে। বুৰঞ্জীত অতীজৰপৰা শিক্ষা লৈ বৰ্তমানক বুজিব পাৰি, ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰিব পাৰি। সেইবাবেই  নতুনক পালেও পুৰণিক ৰোমন্থন কৰি মনলৈ আহে এক বৰ্ণনা কৰিব নোৱাৰা সুখানুভূতি। এই বুৰঞ্জী বুৰঞ্জী লগা এক স্মৃতিময় কথা কিছুমানে শৈশৱতে এছোৱা সময় পাৰ কৰা চাঁচনি পথাৰৰ মাজত থিয় দি থকা দুটা বৃহৎ মৈদামৰ স্মৃতিয়ে আজি মোক বহুত ভাৱ বিভোৰ কৰি তোলে।তাতোকৈ বেছি দুখ অনুভৱ কৰিবলগা হয় সেই বৃহৎ মৈদাম দুটাক হেৰুৱাৰ দুখে। শৈশৱতে

Read more

ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০- এক নতুন দিগন্তৰ সূচনা-চন্দামিতা শৰ্মা

মানৱ সমাজৰ সম্ভাৱনীয়তা, সামাজিক ন্যায়নিষ্ঠতা আৰু ৰাষ্ট্ৰীয় বিকাশক পৰিপূৰ্ণ ৰূপত আগবঢ়াই নিয়াটোৱেই হ’ল শিক্ষাৰ মূল উদ্দেশ্য। প্ৰতিজন ব্যক্তি তথা প্ৰতিখন দেশ আগুৱাই যোৱাত শিক্ষাই অপৰিসীম গুৰুত্ব বহন কৰে আৰু সেয়েহে  শিক্ষাক কোৱা  হয় জীৱনৰ চালিকা শক্তি। শিক্ষাই মানুহৰ জীৱনৰ দিক্ নিৰ্ণায়কৰ ভূমিকা পালন কৰে। প্ৰতিখন দেশে নিজ নিজ দেশৰ উন্নতিৰ বাবে এক নির্দিষ্ট শিক্ষানীতি গ্ৰহণ কৰে। আমাৰ দেশ ভাৰতেও স্বাধীনতাৰ পাছৰে পৰাই “ৰাষ্ট্ৰীয় শিক্ষা নীতি” অভিধাৰে নিৰ্দিষ্ট কিছুমান শিক্ষানীতি গ্ৰহণ কৰি আহিছে আৰু প্ৰয়োজন সাপেক্ষে সময়ে সময়ে ভাৰতৰ “ৰাষ্ট্ৰীয় শিক্ষা নীতি”

Read more

অসমীয়া ফকৰা-যোজনাত নাৰী-ড° মৃদুস্মিতা ফুকন

লোক-সাহিত্যৰ বিভিন্ন বিভাগসমূহৰ ভিতৰত ফকৰা-যোজনাৰো সাহিত্যিক তথা সামাজিক মূল্য অনস্বীকাৰ্য। কোনো এটা গূঢ় তত্ত্ব বা একোটা গধুৰ কথাৰ সাৰমৰ্ম কম কথাৰে, সৰ্ব-সাধাৰণে বুজি পোৱাকৈ ফকৰা-যোজনাৰে বুজাই ক’ব পাৰি। নিৰক্ষৰ চহালোকৰ জীৱনৰ অভিজ্ঞতা আৰু জ্ঞানৰ ভঁৰালস্বৰূপ এনে ফকৰা-যোজনাসমূহৰ প্ৰচলন পৃথিৱীৰ প্ৰায় সকলো ভাষা-ভাষীৰ মাজতে প্ৰচলিত। তাৰ ভিতৰত সৰ্বাধিক স্থান অধিকাৰ কৰিছে নাৰীকেন্দ্ৰিক ফকৰা-যোজনাই। অসমীয়া ফকৰা-যোজনাও নাৰীকেন্দ্ৰিক ফকৰা-যোজনা, পটন্তৰ আদিৰে চহকী। এগৰাকী নাৰী জীয়াৰী- বোৱাৰী, স্ত্ৰী, ভনী আৰু গৌৰৱময়ী মাতৃ। নাৰীৰ এই সকলো ৰূপেই সুন্দৰভাৱে প্ৰতিফলিত কৰাবলৈ এই ফকৰা-যোজনাসমূহ যথেষ্ট। তদুপৰি এইসমূহৰ

Read more

অসমৰ বস্ত্ৰশিল্প অতীতৰ পৰা বর্তমানলৈ-উপাসা ভাগৱতী

মানৱ জাতিৰ বাবে অন্ন, বস্ত্ৰ, বাসস্থান -এই তিনিটা আদিম কালৰেপৰা চলি অহা মৌলিক প্ৰয়োজন৷ বস্ত্ৰৰ ক্ষেত্ৰখনলৈ দৃষ্টি দিলে আদিম অৱস্থাত মানুহে গছৰ বাকলি, পশুৰ ছালহে ব্যৱহাৰ কৰা আমি দেখিবলৈ পাওঁ৷ যদিও কালক্ৰমত কৃষিকৰ্ম কৰিবলৈ যেতিয়াই শিকিলে তেতিয়াই হয়তো কৃষিৰ সমান্তৰালকৈ কাপোৰ কেনেকৈ প্ৰস্তুত কৰিব পাৰি জানিলে৷ পূৰাতত্ববিদসকলে এই সন্দর্ভত বিভিন্ন সিদ্ধান্ত দাঙি ধৰা দেখা যায়৷ আনুবংশিক ছালৰ ৰং অনুসন্ধানৰ আধাৰত ক’ব পৰা যায় যে মানুহে ১০ লাখ বছৰৰ আগতে শৰীৰৰ জন্তুৰ দৰে থকা নোম হেৰুৱাইছিল আৰু শীতৰ প্ৰকোপ তথা গৰমৰপৰা

Read more
1 2 3 4 5