সাক্ষাৎকাৰ

(ৰাষ্ট্ৰীয় মহিলা দবা খেলুৱৈ, বিশিষ্ট কবি,সাহিত্যিক জুনমনি গগৈৰ সৈতে হোৱা এটা সাক্ষাৎকাৰ।সাক্ষাৎ গ্ৰহণ কৰিছে পূৰ্ণিমা শইকীয়া গগৈয়ে) পূৰ্ণিমা শইকীয়া গগৈ: নমস্কাৰ। জুনমনি গগৈ: নমস্কাৰ। পূৰ্ণিমা শইকীয়া গগৈ: আপোনাৰ নাম? পিতৃ মাতৃৰ নাম আৰু ঠিকনা? জুনমনি গগৈ: মোৰ নাম জুনমনি গগৈ।পিতৃৰ নাম ৰাতিৰাম গগৈ আৰু মাতৃৰ নাম মেনকা কোঁৱৰ‌ গগৈ। মই যোৰহাট জিলাৰ নকছাৰি মৌজাৰ তিৰুৱাল গাঁৱৰ বাসিন্দা। পূৰ্ণিমা শইকীয়া গগৈ: আপোনাৰ শিক্ষাগত অৰ্হতা? জুনমনি গগৈ: শিক্ষাগত অৰ্হতা বুলি ক’বলৈ হ’লে মই অৰ্থনীতি আৰু অসমীয়াত এম.এ.কৰিলো।অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰপৰা প্ৰবীণ আৰু

Read more

 শান্তনু কৌশিক বৰুৱাৰ সৈতে সাক্ষাৎকাৰ

শান্তনু কৌশিক বৰুৱা অসমীয়া সাহিত্য আৰু সংবাদ তথা তথ্যৰ জগতৰ এটি পৰিচিত নাম।১৯৮৬ চনত “নতুন অসম বিলাসিনী” সংবাদপত্ৰৰ সহ-সম্পাদক হিচাপে সাংবাদিকতা জীৱন আৰম্ভ কৰা বৰুৱাদেৱ অসমৰ সৰ্বকালৰ প্ৰখ্যাত শিশু আলোচনী “মৌচাক”ৰ সৈতে ছবছৰ কাল জড়িত আছিল।কেইবাখনো মূল্যবান গ্ৰন্থৰে তেখেতে ইতিমধ্যে অসমীয়া তথ্য – সাহিত্যৰ জগতলৈ প্ৰভূত বৰঙণি আগবঢ়াইছে। “শব্দচিত্ৰ—জীৱন জিজ্ঞাসা”  ই-আলোচনীখনৰ দ্বিতীয় বৰ্ষৰ তৃতীয় সংখ্যাৰ বাবে শান্তনু কৌশিক বৰুৱাৰ এই সাক্ষাৎকাৰটি যুগুতালে ‘শব্দচিত্ৰ’ৰ গ্ৰুপ এডমিন সমীৰণ শৰ্মাই।   শৰ্মা : নমস্কাৰ দাদা।আপোনাৰ মনত পৰাত আপোনাৰ বিদ্যাৰম্ভ কেনেকৈ হৈছিল? সেইক্ষেত্ৰত পিতৃ-মাতৃ

Read more

শ্ৰীযুত দীপাংকৰ মল্ল বৰুৱাদেৱৰ সৈতে অন্তৰংগ আলাপ

অইল ইণ্ডিয়া লিমিটেডৰ এজন সুদক্ষ অভিযন্তা, উপন্যাসিক, প্ৰবন্ধ লেখক, সুবক্তা তথা এজন সামাজিক ভাৱে জনপ্ৰিয় লোক শ্ৰীযুত দীপাংকৰ মল্ল বৰুৱাদেৱৰ সৈতে এটি সাক্ষাৎকাৰ ( ‘শব্দচিত্ৰ’ গোটৰ তৰফৰপৰা  ই-মেগাজিন ‘জীৱন জিজ্ঞাসা’ৰ কাৰণে এইবাৰৰ সাক্ষাৎকাৰটি গ্ৰহণ কৰিলে শ্ৰীমতী কুমকুম দেৱী শৰ্মাবৰুৱাই) শৰ্মাবৰুৱা: নমস্কাৰ বৰুৱাদেৱ। মই ‘শব্দচিত্ৰ ‘ গোটৰ তৰফৰপৰা আপোনাৰ লগত আপোনাৰ জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত দুআষাৰ কথা পাতিব খুজিছোঁ। আশাৰাখোঁ আপুনি সহায় কৰিব।  বৰুৱাদেৱ:- নিশ্চয়। মই ‘শব্দচিত্ৰ’ গোটৰ সকলো সদস্য-সদস্যা, লগতে আপোনাকো মোৰ দৰে অভাজনক সাক্ষাৎকাৰৰ বাবে নিৰ্বাচন কৰাৰ বাবে ধন্যবাদ জনাইছোঁ।

Read more

সাক্ষাৎকাৰ

শিক্ষাবিদ, লেখিকা , অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, পদাৰ্থ বিজ্ঞান বিভাগ, যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়, অসম বিজ্ঞান লেখক সংস্থাৰ প্ৰাক্তন সভাপতি ড০অদিতি বেজবৰুৱাৰ সৈতে এটি সাক্ষাৎকাৰ। (সাক্ষাৎ গ্ৰহণকৰোঁতা: ‘শব্দচিত্ৰ’ গোটৰ হৈ  ই-মেগাজিন ‘শব্দচিত্ৰ—জীৱন জিজ্ঞাসা’ৰ  সম্পাদিকা শ্ৰীমতী কুমকুম দেৱী শৰ্মাবৰুৱা।) শৰ্মাবৰুৱা: নমস্কাৰ বাইদেউ। মই ‘শব্দচিত্ৰ’ গোটৰ তৰফৰ পৰা আপোনাৰ লগত আপোনাৰ জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত দুআষাৰ কথা পাতিব খুজিছোঁ।আশাকৰোঁ আপুনি সহায় কৰিব।  ড০ বেজবৰুৱা: নমস্কাৰ শৰ্মাবৰুৱা। ‘শব্দচিত্ৰ’ গোটলৈও মোৰ শুভেচ্ছা জনালোঁ। নিশ্চয় সহায় কৰিম। অৱশ্যে মোৰ জ্ঞান আৰু অভিজ্ঞতা সীমাবদ্ধ। শৰ্মাবৰুৱা: বাইদেউ আপোনাৰ জন্ম, জন্মৰ

Read more

সাক্ষাৎকাৰ

(‘শব্দচিত্ৰ ই আলোচনীৰ এই সংখ্যাৰ সাক্ষাৎকাৰ যুগুতাইছে কুমকুম দেৱী শৰ্মাবৰুৱাই) বিশিষ্ট শিক্ষাবিদ,লেখক, সমাজ সংগঠক তথা ‘অসম সাহিত্য সভা’ৰ প্ৰাক্তন উপ -সভাপতি শ্ৰীযুত ভূপেন শইকীয়াদেৱৰ সাক্ষাৎকাৰ ল’বলৈ ‘শব্দচিত্ৰ’ৰ প্ৰশাসক মণ্ডলীয়ে মোক দায়িত্ব প্ৰদান কৰাত মনে মনে খুব আনন্দিত হৈছিলো।শইকীয়াদেৱৰ দৰে এগৰাকী বৰেণ্য,সুবিশাল ব্যক্তিত্বৰ অধিকাৰী অথচ সহজ-সৰল ব্যক্তিৰ সৈতে সাক্ষাৎকাৰৰ মুহূৰ্ত মোৰ জীৱনৰ বাবে চিৰস্মৰনীয় হৈ ৰ’ব। আহকচোন,শ্ৰীযুত ভূপেন শইকীয়াদেৱৰ মনৰ সৈতে কিছু সময় একাত্ম হৈ পৰোঁ। মই : নমস্কাৰ ছাৰ। মই ‘শব্দচিত্ৰ’ গোটৰ তৰফৰপৰা আপোনাৰ লগত সাহিত্যৰ বিষয়ে দুআষাৰ কথা পাতিব

Read more

এইবাৰৰ অতিথি-অংকিতা বৰুৱা

গ্ৰন্থৰ জগতখনলৈ তিলমাত্ৰও বৰঙণি আগবঢ়াব পৰাটো জীৱনৰ এক সাৰ্থকতা। এটা সময় আছিল যেতিয়া গ্ৰন্থ একোখন প্ৰকাশ কৰাটো এক দুৰূহ কাম আছিল।এনে নহয় যে অসমভূমিত প্ৰতিভাৰ অভাৱ আছিল।অসমত প্ৰতিভাৰ অভাৱ কেতিয়াও হোৱা নাই।নাছিল যদি এখন উপযুক্ত মঞ্চ নাছিল,যাৰ জৰিয়তে প্ৰতিভাসমূহৰ বিকাশ সাধন হ’ব পাৰে।কিন্তু আজিৰ দিনত আমাৰ সেই মঞ্চখনৰ অভাৱ পূৰণ কৰিলে ‘ফেচবুক’এ।ফেচবুকৰ জৰিয়তে আজি সাহিত্যৰ ক্ষেত্ৰখনত নৱ নৱ প্ৰতিভাসমূহ জিলিকি উঠিছে।ফেচবুক মাধ্যমত সাহিত্য চৰ্চা কৰি আজি বহুতে গ্ৰন্থ একোখন ৰচনা কৰিবলৈ সাহস কৰিছে।’শব্দচিত্ৰ’ই এই নৱ প্ৰতিভাসমূহক চিনাকি কৰাই দিয়াৰ লগতে

Read more

“দ্যা ব্লু ষ্টাৰ—-বুলেট টু ইন্দিৰা” গ্ৰন্থৰ স্ৰষ্টা ৰামানুজ গোস্বামীৰ সৈতে অন্তৰঙ্গ আলাপ

ফেচবুক মাধ্যমৰ জৰিয়তে বৰ্ত্তমান অসমীয়া ভাষাৰ যি প্ৰচাৰ আৰু প্ৰসাৰ আৰম্ভ হৈছে,সেয়া অসমীয়া ভাষা সাহিত্যৰ বাবে অত্যন্ত আশাপ্ৰদ এক খবৰ বুলিব পাৰি। নতুন গ্ৰন্থ একোখন ৰচনাৰ প্ৰতি যুৱচামৰ ধাউতি দেখি আমি অভিভূত হৈছোঁ। “লায়ণ্স আৰ্মি” গ্ৰন্থৰ সৃষ্টিৰে সাহিত্যজগতত প্ৰথম খোজ পেলাই পাঠকৰ হৃদয় জিনিবলৈ সক্ষম হোৱা ৰামানুজ গোস্বামী ফেচবুক জগতত Ramanuj G নামেৰে পৰিচিত আৰু ব্যক্তিগত জীৱনত তেওঁ এজন অভিযন্তা। “দ্যা ব্লু ষ্টাৰ—বুলেট টু ইন্দিৰা” নামৰ ৰামানুজ গোস্বামীৰ দ্বিতীয় গ্ৰন্থখন প্ৰকাশ হোৱাৰ লগে লগে সাহিত্য অঁকাডেমী বঁটা বিজয়ী ৰীতা চৌধুৰী

Read more
1 2