ডেজা ভূ (déjà vu)-যোগেশ ভট্টাচাৰ্য

(প্ৰথম খণ্ড) খপজপকৈ সাৰ পাই উঠিল সি। প্ৰায়েই সেই সপোনটো দেখে সি। মংগল গ্ৰহৰ আকাশত এয়াৰবাইক খন লৈ সি ঘূৰি ফুৰে। পলমকৈ অফিচত সোমায়েই সি বছৰ সন্মুখীন হ’ল। “আজিও দেৰিকৈ সাৰ পালা নেকি স্বপ্নীল?” তাৰ লগত বছৰ খুবেই ভাল সম্পৰ্ক। দায়িত্বৰ কামখিনি নিয়াৰিকৈ কৰে বাবে পলম হলে বা কেতিয়াবা ছুটী ল’লেও বছে বেয়া নাপায় তাক। অফিচটোত সিয়েই একমাত্ৰ ব্যক্তি যাৰ লগত বছে ব্যক্তিগত কথাও পাতে মাজে সময়ে। “আজি আকৌ সেই সপোনটো দেখিছিলোঁ, চাৰ।” “মংগল গ্ৰহৰ সপোনটো? হেঃহেঃ।” “হমম… মংগল গ্ৰহত

Read more

বৰষা_যেতিয়া_নামে-সমুজ্জ্বল কাশ্যপ

দুপৰীয়া ডেৰমান বাজিছে। বাহিৰত প্ৰখৰ ৰ’দ। আনদিনাৰ দৰে আজিও সি অফিচৰ পৰা দৌৰাদৌৰিকৈ ওলাই আহিল৷ উদ্দেশ্য, স্মিতাক লগ কৰা। : ছেঃ আজিও দেৰি হ’ল। পাঁচ মিনিটৰ বাট যদিও এইটো সময়ত যান-জঁটৰ বাবে পঁচিছ মিনিটমান লাগে। তাই প্ৰায়েই ৰৈ থাকিবলগীয়া হয়। কিবা এটা খোৱাৰ অজুহাত লৈ দুয়ো স্মিতাৰ অফিচৰ সম্মুখৰ ৰেষ্টোৰাখনত একেলগে অলপ সময় বহে। স্মিতাৰ মানসিক অৱস্থাটোৰ কথা ভাবি অন্যমনষ্ক হৈ থকা সিদ্ধাৰ্থৰ কাষেৰে কাৰ এখন সাউৎকৈ পাৰহৈ ঠিক তাৰ আগতে ৰৈ গ’ল। যেনে তেনে ব্ৰেকডাল টানিহে সি খুন্দা নলগাকৈ

Read more
1 2