নীৰৱতাৰ দ্বীপ মেৰবিল-জয়ন্ত গগৈ

নাহৰকটীয়া নগৰৰপৰা প্ৰায় ১২ কিলোমিটাৰ দূৰত্বত অথাৎ বৃহৎ চাচনী মৌজাৰ  মধ্যস্থলত অৱস্থিত মেৰবিল পৰিৱেশ পৰ্য্যটন প্ৰকল্পই ইতিমধ্যে ৰাজ্যিক পৰ্য্যায়ত ব্যাপক প্ৰচাৰ লাভ কৰিছে।মন্ত্ৰী-আমোলাৰপৰা অইলৰ উচ্চ প্ৰদস্থ বিষয়ালৈ,নামজ্বলা বুদ্ধিজীৱি-শিল্পীৰপৰা প্ৰকৃতিপ্ৰেমী NGO লৈ,অসমৰ বিভিন্ন প্ৰান্তৰ উৎসাহী জনগণৰপৰা বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীলৈ অহৰহ পৰ্যটকৰ আগমণ ঘটি আছে। মুঠতে আজি ২০০৯ -২০১০ চন মানৰপৰা এই প্ৰকল্পলৈ বহু পৰ্যটকৰ সোঁত বৈ থকা লক্ষ্য কৰি আহিছোঁ।মোৰ ঘৰৰপৰা ৫ কি:মি: দূৰত্বত এই মেৰবিল পৰিৱেশ প্ৰকল্প, সেয়ে দূৰৰ বন্ধু -সুহৃদসকলেও এই মেৰবিল সম্বন্ধে প্ৰায়ে সোধে আৰু মোৰ জ্ঞানৰ পৰিধিত থকা

Read more

মাঘৰ বিহু বা ভোগালী বিহুৰ ইতিহাস আৰু পৰম্পৰা-পূৰ্ণিমা শইকীয়া গগৈ

পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা সকলো অসমীয়াই চেনেহৰ মাঘ বা ভোগালী বিহু পালন কৰে।কৃষিজীৱি অসমীয়াই বছৰজুৰি কৰা পৰিশ্ৰমৰ অন্তত পালন কৰা হয় ভোগৰ উৎসৱ ভোগালী বিহু।আঘোণৰ পথাৰ সোণোৱালী হোৱাৰ পাছত আঘোণ-পুহত  ধান, মাহ, তিল, আলু আদি শস্য চপাই মানুহে ভঁড়াল ভৰায়।এইখিনি সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত খাবলৈ দুমুঠি ধান-চাউল থাকে। সেয়েহে এই বিহুত খোৱা-বোৱাত বেছি গুৰুত্ব দিয়া হয়।এই বিহুত বিভিন্ন প্ৰকাৰৰ জলপান যেনে, চিৰা, সান্দহ,কোমল চাউল, ভজা চাউল, আখৈ, মুৰী, হুৰুমৰ লগতে নানা ধৰণৰ পিঠা, লাডু আদি সকলোৰে ঘৰতে উভৈনদী

Read more

পূজাত আৰতিৰ প্ৰাসংগিকতা আৰু  মানৱ মনত ইয়াৰ প্ৰভাৱ-উপাসা ভাগৱতী

ভাদমাহৰ পূৰ্ণিমাৰ পিচৰ চতুৰ্থীটোত গণেশ পূজা আৰম্ভ হোৱাৰ পিছতে নিৰ্মল এক বাতাৱৰণে সমগ্ৰ পৰিৱেশ চানি ধৰে।আকাশত শুক্ল নিৰদ, মৰ্ত্যত শুক্ল কঁহুৱাৰ নাচোন ,ৰাতিৰ বতাহ সুগন্ধিত কৰি পুৱা দলিচাৰ ৰূপেৰে সৰি থকা শেৱালিয়ে এই ধাৰণা আৰু তীব্ৰ কৰি তোলে । শৰৎ ঋতুৰ আগমণত প্ৰথমেই মনত পৰে শাৰদীয় দুৰ্গা পূজাভাগিলৈ।দেৱী পক্ষৰ নটা দিন, প্ৰতিপদৰপৰা নৱমীলৈ দুর্গাৰ নটা ৰূপৰ পূজা অৰ্চনা কৰা হয়।আমাৰ ইয়াত অৰ্থাৎ পূৱত ষষ্ঠীৰপৰাহে পূজা আৰম্ভ কৰা হয় বেলবোধনৰ জৰিয়তে। পূজা বুলিলেই আমি বাহ্যিক দিশটোৰ প্ৰতিহে আকৰ্ষিত হওঁ।বৰ্তমান বাহ্যিক আড়ম্বৰত

Read more

দুৰ্গা পূজা…..শক্তি আৰু ভক্তিৰ মহামিলন-নন্দিতা ভাণ্ডাৰ কায়স্থ

আহিনৰ শুক্লা তিথিত বৰ ওলহ-মালহেৰে উদযাপন কৰা দুৰ্গা পূজাই হিন্দু ধৰ্মাৱলম্বী লোকৰ শিৰাই শিৰাই ভক্তি ভাৱৰ উদ্ৰেক কৰে।দুৰ্গা পূজাৰ আৰম্ভণি নদিয়াৰ ৰজা কংশনাৰায়নে কৰা বুলি বহুতো তথ্যৰ সহায়ত জনা যায়।দুষ্টক দমন তথা বিনাশ কৰি ধৰাত শান্তিৰ বন্যা বোৱাই সকলোৰে মঙ্গল কামনা কৰাটোৱেই হ’ল দুৰ্গা পূজা পালনৰ প্ৰধান উদ্দেশ্য।দুর্গাদেৱী শক্তিৰ অধিষ্ঠাত্রী দেৱীৰূপে যুগে যুগে এক শ্ৰেণীৰ ভক্তৰদ্বাৰা পূজিতা হৈ আহিছে। বর্তমান যুগত দুর্গা পূজা বংগদেশৰ জাতীয় উৎসৱৰূপে পৰিগণিত হৈছে।সেইবাবে এই পূজা বংগদেশত ব্যাপক আৰু সার্বজনীনভাৱে মহাসমাৰােহেৰে অনুষ্ঠিত হৈ আহিছে।আমাৰ ব’হাগ বিহুৰ

Read more

মাজুলী-শুভ বৰা শইকীয়া 

মাজুলী পৃথিৱীৰ বৃহত্তম নদীদ্বীপ।কিছুমান লোকৰ মতে মা-মানে অন্ন জুলী মানে ভঁৰাল। মাজুলী শস্যে মৎস্যে এখন উভয়নদী ঠাই বাবে ঠাইখনক মাজুলী বুলি কোৱা হয়। আকৌ আন কিছুমান লোকৰ মতে চাৰিওফালে নদীৰে আগুৰি থকা মাজৰ দ্বীপ বাবে মাজুলী বুলি কোৱা হয়। মাজুলী সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। মাজুলীক সত্ৰ নগৰী আৰু এটকা মহন্তৰ স্থান বুলিও কোৱা হয়। বৰ্তমান মাজুলীৰ মাটি কালি ১২৫০ বৰ্গকিলোমিটাৰ (৪৮২ বৰ্গমাইল)। ২০১৬ চনৰ ২৭জুন তাৰিখে মাজুলীক অসমৰ এখন জিলা হিচাপে স্বীকৃতি দিয়া হয়। মাজুলীত সৰু ডাঙৰ ৩৬ খন সত্ৰ আছে।তাৰে

Read more

দানৰ ইটো সিটো বহুতো কথা-উপাসা ভাগৱতী

‘দান” শব্দৰ আভিধানিক অর্থ হ‘ল নিজৰ স্বত্ব ত্যাগ কৰি আনক দিয়া কাৰ্য্য ৷ একে আষাৰে কবলৈ গলে সহায় কৰা৷ দানত  দাতব্য মানবিক সার্হায্য অৰ্থ্যাৎ দিব লগা,দিবৰ যোগ্য,বিনামূল্যে দান বা কোনো কাৰণে কাৰোবাৰ উপকাৰৰ বাবে দিয়া উপহাৰো এই দানৰ অন্তর্গত হব পাৰে ৷ দানৰ ভিতৰত অর্থ সার্হায্য,ভাত্তা ,সেৱা বা পোছাক ,খেলনা, খাদ্য বা যানবাহন ইত্যাদি পণ্যসহ বিভিন্ন বিষয় যুক্ত হৈ থাকিব পাৰে।দানৰ মাধ্যমেৰে চিকিৎসাৰ চাহিদা পূৰণ হ’ব পাৰে ,তেনেদৰেই ৰক্তদান বা অঙ্গদান কৰাও এটা মহৎ দান হৈ পৰিব পাৰে ৷ দান

Read more

বিশ্বনাথৰ গোসাঁই বিহু -উপসা ভাগৱতী

‘বিশ্বনাথ’ অৰ্থাৎ পৃথিৱীৰ ত্ৰাণকৰ্তা।ব্ৰহ্মপুত্ৰৰ পাৰত তেখেত ত্ৰাণকৰ্তা ৰূপত আবিৰ্ভাৱ হৈ আছে বাবেই ঠাইখনৰ নাম বিশ্বনাথ।বিশ্বনাথৰ পৌৰাণিক অন্য তিনিটা নাম হ’ল- বাণ, বাৰাণসী, বাণকাশী বা গুপ্তকাশী। ‘বিশ্বনাথ ধাম’ সম্পর্কে সম্ভেদ দিব পৰা দুখন প্ৰসিদ্ধ গ্রন্থ হৈছে দশম শতিকাৰ ‘কালিকা পুৰাণ’ আৰু ষোড়শ শতিকাৰ ‘যোগিনী তন্ত্র’। এই দুয়োখন গ্ৰন্থতে এই ক্ষেত্ৰক হিন্দুসকলৰ এখন প্ৰধান তীৰ্থস্থান হিচাপে উল্লেখ কৰিছে।এই প্রাচীন ধর্মগ্রন্থত উল্লেখ আছে যে – ‘সৌমাৰ পী’ঠৰ অন্তৰ্গত ‘হিল্লোল’ নামৰ ঠাইৰ প্ৰথমতে ৰদ্ৰপদ, মধ্যত নাগশঙ্কৰ আৰু তৃতীয়তে হৈছে বিশ্বনাথ ক্ষেত্র। বিশ্বনাথ ক্ষেত্ৰৰ পৰিসৰ বিস্তৃত

Read more

সমন্বয়ৰ ডোলেৰে বন্ধা বিহু অসমৰ পৰা বিশ্ব দৰবাৰলৈ-নিবেদিতা শৰ্মা 

শীতৰ শুষ্কতাই প্ৰকৃতিৰ বুকু নিৰস কৰি থৈ যোৱা গছ-লতিকাই বৰদৈচিলাজনীৰ আগমনত জীপাল হৈ উঠি ন-কুহিঁপাতেৰে দেহটো জুৰায়।প্ৰকৃতিৰ এনে কোমল পৰিৱেশত আত্মহাৰা হৈ নানা ৰঙী ফুলবোৰো হাঁহিৰে মুখৰিত হয়।প্ৰকৃতিৰ অন্যতম অৱদান চৰাই চিৰিকটিবোৰেও প্ৰকৃতিৰ গাভৰু বুকুত নানা মাতেৰে প্ৰেমৰ গীত গায়।বসন্তৰ পৰশত নিজস্ব ভাষাৰে ভাব-অনুভূতি প্ৰকাশি বন-উপবনত প্ৰাণোচ্ছল অনুৰণন তোলে সৌন্দৰ্যপিয়াসী বিহংগই।কুলি,কেতেকীৰ হিয়াভঙা বিননিত দুখৰ নিজৰা বোৱাই কোনোবা দুখী প্ৰেমিক প্ৰেমিকাই। বিৰিখৰ ’’কুহিঁপাত” বিহংগৰ কোলাহলে আপোন আপোন অস্তিত্ব ঘোষণা কৰাৰ লগতে প্ৰকৃতিৰ বুকুলৈ ৰঙালী বিহুৰ আগমনৰ বতৰা বিলায়।কুলিটিৰ যাদুকৰী ঐক্যতান গুঞ্জৰিত

Read more

নাৰী মহিমাময়ী-নিবেদিতা শৰ্মা

‘নাৰী’ এটি মাথো শব্দই নহয়।নাৰী শব্দৰ মাজত অন্তৰ্নিহিত হৈ আছে নাৰীৰ সৌন্দৰ্য,মমতা, সাহস আৰু ত্যাগ।নাৰীৰ জীৱনটো সৰ্বগুণেৰে অলংকৃত কৰি আগুৱাই নিবলৈ আমাৰ সমাজ আৰু অভিভাৱক সকলৰ দায়িত্ব অনস্বীকাৰ্য।নাৰীক সৃষ্টিৰ মূল চালিকা শক্তি হিচাপে গণ্য কৰা হয় ।নাৰী আৰু পুৰুষ পৃথিৱীৰ দুটা অবিচ্ছেদ্য অংগ।নাৰী শব্দটো এটা অতি অনুভূতি প্ৰৱণ শব্দ যাৰ অৰ্থ হৈছে ললনা,তিৰোতা,মহিলা ইত্যাদি। নাৰী শব্দটোতে যেন সকলো সোমাই আছে।নাৰী হ’ব পাৰে কাৰোবাৰ জীয়ৰী কাৰোবাৰ বোৱাৰী কাৰোবাৰ পত্নী।নাৰীৰ অভিধা ইয়াতকৈও বিশাল যাক কেৱল সীমাহীন আকাশৰ লগতহে তুলনা কৰিব পাৰি।সেয়ে হয়তো

Read more

অসমীয়া সংস্কৃতিত জাপিৰ ব্যৱহাৰ-পলাক্ষী লস্কৰ

অসমীয়া  সংস্কৃতিৰ বাৰে -বৰণীয়া ক্ষেত্ৰখন বিভিন্ন লোক কলা আৰু থলুৱা শিল্পৰ অৱদানেৰে সমৃদ্ধ। নিজৰ স্বকীয় বৈশিষ্টৰে ভৰপূৰ সম্পদবোৰৰ প্ৰতিটোৱেই বৈশিষ্ট্যপূৰ্ণ। অসমীয়া জাতীয় কৃষ্টিৰ এক আপুৰুগীয়া আৰু মৰ্যাদাপূৰ্ণ সম্পদ হ’ল –“-জাপি”। জাপি হৈছে বাঁহৰ কাঠীৰে টুপী আকৃতিৰ দুখন তাল হাজি টকৌপাত বা জেঙুপাতেৰে ছোৱা এবিধ ঘূৰণীয়া আকৃতিৰ সামগ্ৰী। সমাজৰ চহা জীৱনৰ সেউজীয়া পথাৰখনৰপৰা বিয়া-সবাহ, উৎসৱ-পাৰ্বন, সন্মানৰ অভ্যৰ্থনা আদি অনুষ্ঠানসমূহত জাপি বিশেষৰূপে ব্যৱহাৰ হৈ আহিছে। অসমত জাপিৰ ব্যৱহাৰ কেতিয়াৰ পৰা হৈছে তাক সঠিককৈ কোৱা টান। ৭ম শতিকাৰ  কুমাৰ ভাস্কৰ বৰ্মণৰ ৰাজত্বকালত চীনা

Read more
1 2 3