শুভেচ্ছা বাণী-শ্ৰী কুমকুম দেৱী শৰ্মাবৰুৱা

 ‘শব্দচিত্ৰ’ গোটটি মোৰ অতি মৰমৰ আৰু সুন্দৰৰ আৰাধনাৰ গোট। মই যি ভাবোঁ আৰু যি লেখোঁ প্ৰথমে এই গোটতেই প্ৰকাশ কৰোঁ। গোটৰ প্ৰশাসক আৰু মডাৰেটৰ সকল অতি ভদ্ৰ আৰু নিয়মনুবৰ্তিতা মানি চলা লোক। ইয়াত তিনিমাহৰ মূৰে মূৰে ওলোৱা ই-মেগাজিন ‘জীৱন জিজ্ঞাসা ‘খন এখন উচ্চ মানদণ্ডৰ আলোচনী। গল্প, কবিতা, প্ৰবন্ধ, নিবন্ধৰ উপৰিও ইয়াত শিশুৰ বাবে এটা শিতান আৰু বিজ্ঞান বিষয়ৰ লেখাৰ বাবেও এটা শিতান আছে। আলোচনীখন যিসকলে ভালদৰে পঢ়ে তেওঁৰ নিশ্চিতভাৱে উপকাৰ হ’বই। তাকে সকলোৱে লিংকটো নিজেই খুলিবলৈ শিকিব লাগে। কোনো এটা

Read more

শুভেচ্ছা বাণী

সামাজিক মাধ্যমবোৰে আমাৰ সমাজত গুৰুত্বপূৰ্ণ ভূমিকা লোৱালৈ চাই আমি সকলোৱে তাৰ ব্যৱহাৰ অলপ দায়িত্বশীলতাৰে পালন কৰা উচিত। কিয়নো – মনৰোচক ভুল খবৰ একোটা দ্ৰুতভাৱে সংক্ৰমিত হৈ সমাজত বিৰূপ প্ৰভাৱ পেলাব পাৰে। ভুল খবৰটো আপল’ড কৰোঁতে হয়তো এক মিনিট লাগে। কিন্তু তাৰ শুধৰণি হওঁতে হওঁতে হয়তো কেইবামাহো সময় লাগিব পাৰে। সচেতন ব্যক্তিসকলেহে শেষত সত্যটো উপলব্ধি কৰে। কিন্তু আন বহুতেই ভুলটোকে সত্য বুলি ধাৰণা কৰি আন উত্তেজক খবৰ একোটা লৈ ব্যস্ত হৈ পৰে। আগৰ খবৰটো যে ভুল আছিল তাৰ ভু ল’বলৈ আৰু

Read more

শুভেচ্ছাবাণী

বৰ্তমান সময়ত সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত সামাজিক মাধ্যম তথা সামাজিক মাধ্যমৰ গোটসমূহে এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। সৰু ল’ৰা-ছোৱালীৰ পৰা মহিলা পুৰুষ সকলোৱে নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ এখন মঞ্চ পাইছে, ইয়াতকৈ আৰু ভাল লগা কথা কি হ’ব পাৰে? !!  ‘শব্দচিত্ৰ—–জীৱনৰ কলাজ’ হৈছে এনে এটা গোট য’ত সাহিত্যৰ সকলোবোৰ দিশ বৰ সুন্দৰভাৱে একেলগে সন্নিবিষ্ট কৰা হৈছে। এই গোটটিয়ে গল্প, প্ৰবন্ধ, অনুবাদ, শিশু সাহিত্য, ভ্ৰমণ ভিত্তিক কাহিনী, বিজ্ঞান ভিত্তিক লেখাৰ লগতে বিভিন্ন শিতান ফটোগ্ৰাফী, কুইজ, আদিৰ সৈতে তথা গীত মাত কথা বৰ

Read more