সংখ্যাটোৰ আঁৰৰ কথা 

অক্টোবৰৰ ২৪ তাৰিখ মানে গধূলি সময়ত মেছেজ এটা আহিছিল….’কথা এটা আছে, ফোনত পাতিব লাগিব’ ..! দহ মিনিটৰ পিছতেই ফোন কলটো আহিছিল অৰবিন্দ গোস্বামীদাৰ পৰা। ‘শব্দচিত্ৰ-জীৱন জিজ্ঞাসা’ ই-আলোচনীখনৰ এইমাহৰ সম্পাদক তুমি হ’ব লাগিব বুলি কওঁতেই মোৰ চিন্তা লাগি গৈছিল। এনেকুৱা এখন গম্ভীৰ আলোচনীৰ সম্পাদকৰ দৰে গধুৰ দায়িত্ব পালন কৰিবলৈ এই অভাগীয়ে যে পাৰিম তাত সন্দেহ আছিল…। নাই , তুমি পাৰিবাই, আমি আছোঁ লগত ইত্যাদি ইত্যাদি প্ৰেৰণামূলক কথাৰে মোক আৰু একো ক’বলৈয়ে সুযোগ নিদিলে তেওঁ। মোৰ আটাইতকৈ বেছি চিন্তা লাগিছিল মোৰ ব্যস্ততাপূৰ্ণ

Read more

সংখ্যাৰ আঁৰৰ কথা-পূৰ্ণিমা শইকীয়া গগৈ

কেতিয়া‌ এই গ্ৰুপত সোমালো মনত নাই।এদিন কুমকুম বাইদেৱে মেচেজ দিলে…. : তুমি তৰ্কত দ্বিতীয় হৈছা।অৰবিন্দ গোস্বামীয়ে তোমাৰ ফটো এখন বিচাৰিছিল।মই দিলোঁ।তেওঁ তোমালৈ friend request পঠিয়াইছে। গ্ৰুপৰ মুখ্য পৃষ্ঠাত মোৰ ফটো ওলাল।এয়াই আৰম্ভণি। তাৰ পিছত গ্ৰুপটোৰ প্ৰতি অলপ মোহ হ’ল।  ‘শব্দ চিত্ৰ জীৱন‌ জিজ্ঞাসা’ৰ পাতত যোৱা তিনিটা সংখ্যাত মোৰ সৰু সৰু লেখাই স্থান পালে।লেখা পঠোৱাৰ বাবে অৰবিন্দ গোস্বামীৰ হোৱাটচ্ আপ্ নম্বৰটো মোৰ ম’বাইলত চেভ হল। সেই নম্বৰটোত এদিন কথাও‌ পাতিছিলো। এমাহৰ আগতে সন্ধিয়া  ম’বাইলটোলৈ চেভ নথকা নম্বৰ এটাৰ পৰা ফোন আহিল।

Read more

সংখ্যাটোৰ আঁৰৰ কথা

“নমস্কাৰ বাইদেউ, অহা সংখ্যাৰ ই-আলোচনীখন আপোনাক সম্পাদনা কৰিবলৈ অনুৰোধ জনালোঁ৷ সবিশেষ কথা পাতিম৷ প্ৰথমতে অনুৰোধ জনাই ল’লোঁ – এতিয়া দাবী জনালোঁ দেই৷ সন্মতি দিয়ক৷ – সোনকালে নিশ্চিতি লাগে৷’’ এনেকৈয়ে যোৱা ২৬ এপ্ৰিল তাৰিখে বায়েকৰ ওচৰত দাবী কৰিলে ‘শব্দচিত্ৰ’ৰ মুখ্য প্ৰশাসক শ্ৰীঅৰবিন্দ গোস্বামীয়ে৷ ছপা মাধ্যমৰ আলোচনী এখন সম্পাদনা কৰাৰ কথা সুকীয়া; কিন্তু ই-আলোচনী সম্পাদনা কৰাৰ কোনো অভিজ্ঞতা তথা কাৰিকৰী জ্ঞান মোৰ নাই৷ সেই অজুহাততে গোস্বামীৰ দাবী নাকচ কৰাৰ চেলু উলিয়াওতে চতুৰ গোস্বামীয়ে ভেটা দিলেই – “কাৰিকৰী জ্ঞানৰ প্ৰয়োজন নাই৷ সেই ক্ষেত্ৰৰ

Read more

সংখ‍্যাটোৰ আঁৰৰ কথা

‘শব্দচিত্ৰ’ গ্ৰুপটো আমাৰ অতি হেঁপাহৰ গ্ৰুপ। ‘ফটাঢোল’ৰ ভগ্নী গ্ৰুপ শব্দচিত্ৰ।জন্মলগ্নৰেপৰা জড়িত  গ্ৰুপটোৰপৰা যেতিয়া আলোচনী এখন উলিওৱাৰ প্ৰস্তাৱ ওলাইছিল, মনটো কিবা এটা ভাল লাগি গৈছিল।যেন নিজৰ পৰিয়ালৰপৰাহে ভাল কাম এটা হ’বলৈ গৈছে!  সময়ত বহুজনৰ কষ্ট আৰু আশাশুধীয়া নেৰানেপেৰা চেষ্টাৰ ফলত আলোচনীখন প্ৰকাশ হৈ ওলাইছিল। আমাৰ বৰ স্ফূৰ্তি লাগিছিল।আৰু সেইখন আলোচনীৰেই যেতিয়া সম্পাদক হবলৈ মোলৈ অনুৰোধ আহিছিল, মই না কৰাৰ প্ৰশ্নই নুঠে।খুব আনন্দেৰে সৈতে অৰবিন্দ গোস্বামীয়ে অনুৰোধ কৰা সেই প্ৰস্তাৱটো মই গ্ৰহণ কৰিলোঁ।  আলোচনী এখন অকলে প্ৰকাশ কৰিব কোনেও নোৱাৰে, সেইটো সকলোৱে

Read more

সংখ্যাটোৰ আঁৰৰ কথা 

‘শব্দচিত্ৰ—জীৱন জিজ্ঞাসা’ৰ  ১ম বছৰৰ অন্তিম সংখ্যাটো প্ৰকাশ হোৱাৰ  দুদিনমানৰ পাছতেই  ‘শব্দচিত্ৰ’ গোটৰ প্ৰাণস্বৰূপ অৰবিন্দ গোস্বামীয়ে এদিন মোলৈ ফোন কৰি কলে,   “বাইদেউ  , অনুৰোধ এটা কৰো— ৰাখিব দেই।” মই ভাবিলো যে গোটত মাজে -সময়ে দুই এটা অনুবাদ গল্প প’ষ্ট কৰো বাবে পাছৰ সংখ্যাটোত প্ৰকাশ কৰিবলৈ  তেনে গল্প এটা লিখিবলৈ ক’ব।মই ক’বলৈ কোৱাত যিটো অনুৰোধ কৰিলে যে মোৰ কাণৰ কাষত এজাক কোদোৱেহে যেন গোঁ-গোঁৱাই উঠিল।উচপ খাই উঠিছিলো।তথাপিও, কৌশলেৰে মোৰপৰা সন্মতি আদায় কৰিহে এৰিলে অৰবিন্দই।সেয়ে—- এয়া মই দুআষাৰ কথা লিখি আপোনালোককো জনাব লগা

Read more

সংখ্যাটোৰ আঁৰৰ কথা

পৃথিৱীৰ প্ৰেমেৰে পূৰ্ণ মোৰ জোনাকী হৃদয়খনি ভাষা-সাহিত্যৰ কাৰণে কিবা অকণ কৰিবলৈ সুযোগ পালেই  প্ৰফুল্লিত হৈ উঠে । সেয়ে মুখ্য  এডমিন অৰবিন্দ গোস্বামীদেৱে মোক ‘শব্দচিত্ৰ—জীৱন জিজ্ঞাসা’ৰ চতুৰ্থ সংখ্যাৰ সম্পাদিকা হ’বলৈ কোৱাত মই লগে লগেই সন্মতি প্ৰদান কৰিলোঁ। জোনাকী জীৱনত আশাৰ দীপ্ত চাকি জ্বলাই তাৰ আলোকেৰে আমি বাট বুলিলো।মোক এখিনি অমূল্য পোহৰৰ সময় উপহাৰ দিয়াৰ বাবে প্ৰথমেই মই অৰবিন্দ গোস্বামীক মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। সময়মতেই সুন্দৰ সুন্দৰ লেখাবিলাক আহি থাকিল। মই পঢ়ি চাওঁতেই চকুত পৰা বানানবোৰ শুদ্ধ কৰি গ’লো। উচ্চমানবিশিষ্ট গল্প আৰু

Read more

সংখ্যাটোৰ আঁৰৰ কথা (পৰিপূৰক লেখা)-অৰবিন্দ গোস্বামী

‘শব্দচিত্ৰ ই-আলোচনী’ৰ এই বিশেষ শিতানটিত প্ৰকৃততে সম্পাদক/সম্পাদিকা গৰাকীয়েহে লিখিব লাগে।কিন্তু এইবাৰ এই শিতানটোত লিখাৰ দায়িত্ব মোৰ ভাগতেই পৰাৰ আঁৰত অন্য এক কাহিনী আছে।সেয়ে লেখাটোক ‘পৰিপূৰক লেখা’ বুলিহে উল্লেখ কৰিলো। আৰম্ভণিতে মই সেইসকল লেখক লেখিকাক ধন্যবাদ জনাব খুজিছোঁ,যিসকলে নিজৰ অমূল্য সময় খৰচ কৰি আমাৰ আলোচনীখনলৈ বুলি লেখা এটা যুগুত কৰি পঠিয়ালে।’শব্দচিত্ৰ আলোচনী টিম’ আপোনালোকৰ ওচৰত সদাকৃতজ্ঞ। আলোচনীখনৰ দ্বিতীয় সংখ্যাটো প্ৰকাশৰ পিছতেই শ্ৰদ্ধাৰ ইলি তালুকদাৰ বাইদেউক আমি পৰৱৰ্তী সংখ্যাৰ আলোচনীৰ সম্পাদিকাৰ পদ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিলোঁ।বাইদেউ সহজেই মান্তিও হৈছিল।যিহেতু ফেছবুকত তেওঁক আমি

Read more

সংখ্যাটোৰ আঁৰৰ কথা-অৰবিন্দ গোস্বামী

নয়নমনি হালৈৰ সম্পাদনাত ‘শব্দচিত্ৰ ই-আলোচনী’ৰ প্ৰথম বৰ্ষৰ প্ৰথম সংখ্যাটো প্ৰকাশ পোৱাৰ পিছতে এই সংখ্যাৰ সম্পাদক কোন হ’ব—বিষয়টো পেনেলত আলোচনা হৈছিল।দুই এজনে তেতিয়া মোৰ নামটো প্ৰস্তাৱ কৰিছিল যদিও সেই সময়ত মই চকু মুদা কুলিৰ ভাও ধৰিলো।কাৰণ মাৰ্চ মাহৰ শেষত আছিল স্কুলৰ বছৰেকীয়া পৰীক্ষা।গতিকে ‘এইবাৰলৈ আন কোনোবাই দায়িত্ব লওক’ ভাৱ এটা লৈ মনে মনে থাকিলো।ফেব্ৰুৱাৰীৰ শেষলৈ কথাটো পুণৰ চৰ্চালৈ আহিল আৰু আলোচনা অনুসৰি ময়েই দায়িত্বভাৰ ল’বলৈ সন্মত হ’লো।ইতিমধ্যে পৰীক্ষাৰ ৰুটিনো দিছিল আৰু মই হিচাপ-নিকাচ মিলাই ১৫-১৬ দিনমান কাম কৰিবলৈ সুবিধা পাম বুলি

Read more

সংখ্যাটোৰ আঁৰৰ কথা-অৰবিন্দ গোস্বামী

নয়নমনি হালৈৰ সম্পাদনাত ‘শব্দচিত্ৰ ই-আলোচনী’ৰ প্ৰথম বৰ্ষৰ প্ৰথম সংখ্যাটো প্ৰকাশ পোৱাৰ পিছতে এই সংখ্যাৰ সম্পাদক কোন হ’ব—বিষয়টো পেনেলত আলোচনা হৈছিল।দুই এজনে তেতিয়া মোৰ নামটো প্ৰস্তাৱ কৰিছিল যদিও সেই সময়ত মই চকু মুদা কুলিৰ ভাও ধৰিলো।কাৰণ মাৰ্চ মাহৰ শেষত আছিল স্কুলৰ বছৰেকীয়া পৰীক্ষা।গতিকে ‘এইবাৰলৈ আন কোনোবাই দায়িত্ব লওক’ ভাৱ এটা লৈ মনে মনে থাকিলো।ফেব্ৰুৱাৰীৰ শেষলৈ কথাটো পুণৰ চৰ্চালৈ আহিল আৰু আলোচনা অনুসৰি ময়েই দায়িত্বভাৰ ল’বলৈ সন্মত হ’লো।ইতিমধ্যে পৰীক্ষাৰ ৰুটিনো দিছিল আৰু মই হিচাপ-নিকাচ মিলাই ১৫-১৬ দিনমান কাম কৰিবলৈ সুবিধা পাম বুলি

Read more
1 2