দেহাকণী-অশোক কুমাৰ নাথ
দেওবাৰ।পুৱাই পুৱাই শ্ৰীমতী দাং খাই উঠিল…… “তুমি সবতে কণীটো কিয় লগাই লগাই দিয়া?” “ক’ত লগাইছোঁ?কেতিয়া লগাইছোঁ?” “লগাইছা তুমি! কণীকংকনা, কণীমালা, কণীপ্ৰিয়া, কণীমা….এইবোৰ কি তেন্তে?এইবোৰ কি নাম হ’ল? মোক ভাল পোৱা হ’লেহে ভাল নাম এটা তোমাৰ মনলৈ আহিলহেঁতেন!মোক জানো তুমি ভাল পোৱা?” ময়ো উঠিলোঁ দাং খাই….. “নাম এটা বিচাৰি দিব পৰা নাই বাবেই ‘ভাল নাপাওঁ’ বুলি ছাৰ্টিফিকেটখন দিয়েই দিলা! আৰু শুনা…..দুটাকৈ ভাল নাম থাকোতেই তৃতীয় নাম এটা তোমাকনো কিয় লাগিছে?” উচাট মাৰি কান্দি-কাটি শ্ৰীমতী শোৱনি কোঠাৰ ফালে দৌৰ মাৰিলে।দৌৰ মৰা বুলিয়েই
Read more