মৌনতা-চন্দ্ৰপ্ৰভা বৰুৱা

নিজৰ ওপৰতে খং উঠিছে বিনীতাৰ। ভগৱান সকলোৰে বাবে সমান কিয় নহয় বাৰু?  “হৰিণাৰ মাংসই বৈৰী”……._কথাষাৰ তাইৰ জীৱনতে ফলিয়াইছে দেখোন! ইমান সৌন্দৰ্য্য ভগৱানে কিয় দিলে বাৰু তাইক? যদি দিছিলেই,তেন্তে নিৰাপত্তাও দিব লাগিছিল।  “কাকো নক’বি কিন্তু!”….. এই কথাষাৰ তাই যে কিমানৰ পৰা শুনিব লগা হৈছে!জন্ম দিয়েই যদি মাক দেউতাকে তাইক এৰি নগ’লহেঁতেন, তাইৰ জানো এনে দশা হ’লহেঁতেন?প্ৰায়ে শুনিবলগা হোৱা……. “কাকো নক’বি কিন্তু”…..এই কথাষাৰ খুড়াক, বৰদেউতাকৰ ল’ৰা আৰু সিহঁতৰ লগৰীয়াবিলাকৰ পৰা থকাৰ ওপৰিও আজি তাই নিজৰ মোমায়েকৰপৰাও শুনিব লগা হ’ল।ধিক! সৌন্দৰ্য্য,ধিক মানৱতা!!  

Read more

এমুঠি অণুগল্প-ইলি তালুকদাৰ

(১)চেল্ফি : মা, মা, আহানা। আহানা পাৰলৈ। শিল এটাত আঁউজি চেল্ফি লোৱাত ব্যস্ত মাক-দেউতাক। প্ৰকাণ্ড প্ৰকাণ্ড ঢৌৰ গৰ্জনে ভয়ত কঁপি থকা সন্তানৰ  চিঞৰ ওফৰাই পেলাইছে বাৰে বাৰে। নাই, এটা সময়ত ঢৌৱে সামৰি ল’লে। সাগৰৰ মাজত শিলটো তাত অকলে পৰি ৰ’ল ভয়ানক দৃশ্যৰ সাক্ষী হৈ ।    (২)নিয়ম জন্মিয়েই মাতৃহাৰা হোৱা ছোৱালীজনীক কোলাই বোকোচাই লৈ ডাঙৰ-দীঘল কৰি এতিয়া তাইৰ নাম বাঁজী!আকৌ তিনিদিনলৈ চাবলৈ নাপাব?গাঁৱৰ বুঢ়ী তিৰোতা কেইগৰাকীৰ ফুচফুচনি শুনি প্ৰদীপ আৰু ৰৈ নাথাকিল। উচুপি থকা ৰীণাক কোঠাৰপৰা উলিয়াই আনি পুষ্পিতা হোৱা

Read more

সময়ৰ ৰং-মানসী শৰ্মা

“ডাঙৰ মানুহবোৰৰ যে কথাৰ কোনো ঠিক নাই জাননে।” “কালিলৈকে জুই ওচৰলৈ নাযাবা নাযাবা কৰি আছিল, আজি আকৌ এমুঠামান  দীঘল খৰি জ্বলাই  মোৰ হাতত তুলি দিছে।” ******

Read more

লাজ-কমলা দাস

: অ’ মা,আপুনি বজাৰৰ ফালে যায় নেকি! শাহুৱেকে কৰবালৈ যাবলৈ সাজু হোৱাৰ পৰতে বোৱাৰী নিতুৱে খৰখেদাকৈ আহি মাত লগালে। : নাই, মই বেলেগ এফালেহে যাম। কিয় সুধিলানো! : কথা এটা হ’ল নহয়!ঘৰত আনি থোৱা পেড নাই আৰু মাইনাৰ মাহেকীয়া আৰম্ভ হৈছে এইমাত্ৰ।আপুনি বেলেগ ফালে গ’লেও আহোঁতে বজাৰত সোমাই মাইনাৰ বাবে পেড এটা লৈ আনিবচোন। : দেউতাককেই নোকোৱা কিয় আনিবলৈ! সি অফিচৰ পৰা আহি পাবৰ হৈছেই নহয়।আহোঁতে লৈ আনিব পাৰিব। : অ’ মা,  কি যে কয় আপুনি! জীয়েকৰ পেড দেউতাকক আনিবলৈ

Read more

মুকুতাৰ মালা-সমুজ্জ্বল কাশ্যপ

দৌৰি ঢপলিয়াই ফুৰা পখিলাজনীয়ে চিঞৰি-বাখৰি গোটেই ঘৰখন মূৰৰ ওপৰত তুলি মজিয়াত সিঁচৰতি কৰি পেলাই থোৱা নিজৰেই খেলা সামগ্ৰীবোৰ পুনৰ সামৰি আইনাখনৰ সম্মুখত ক্ষন্তেক ৰৈ কপালৰ কণমানি ফোটটো দুটি আঙুলিৰে ঠিক-ঠাক কৰি ৰং-বিৰঙী পোছাকযোৰ গাত মেৰিয়াই দেউতাকে পুৱাতে মেজৰ ওপৰত ঢাকি থৈ যোৱা আহাৰৰ ঠালিখন যেনে-তেনে লিৰিকি-বিদাৰি পৃথিৱীৰ সবাতোকৈ সুখী ছোৱালীজনী হৈ কণ-কণ দুহাতেৰে ৰঙা গাল দুখনৰ ওপৰত বিৰিঙি উঠা মুকুতাৰ মালাধাৰি মোহাৰি সম্মুখত এমোকোৰা হাঁহিৰে দুবাহু সম্প্ৰসাৰিত কৰি ৰৈ থকা মাকৰ বুকুলৈ জপিয়াই উঠি ওৰে দিনটো কণমানি পঁজাটোৰ ভিতৰত নাচি-বাগি

Read more

ৰত্নাকৰ-মানসী শৰ্মা

: তই ক’লে আমি উঠাই আনিব  পাৰোঁ।   :তাইৰ শৰীৰৰ নহয়, তাইৰ মনৰ ৰাজকুমাৰ হে হ’ব খোজোঁ।   প্ৰেম টকা-পইচা,সোণৰ আ-অলংকাৰ নহয় যে জোৰ কৰি কাৰোবাৰপৰা আদায় কৰিব পাৰি। প্ৰেম হ’ল তপস্যা।”    : তই তাৰমানে এতিয়া ‘ৰত্নাকৰ’ৰপৰা ‘বাল্মীকি’  হ’বি।   : কাৰোবাৰ কাৰণে মই বাল্মীকি হ’বলৈও প্ৰস্তুত।   *********

Read more

দুখ-মামণি কলিতা

দ্বিতীয় পত্নী হিচাপে ৰুবী নীলিমৰ ঘৰত প্ৰৱেশ কৰোঁতেই শাহুৱেকে তাইক সঁকিয়নি দি কৈছিল  : তুমি নাতিনী লিজাৰ মাক হিচাপে মৰম যত্নহে ল’বা; অনুশাসন কৰিবলৈ আমি আছোঁ। শাহুৱেকে কোৱাৰ দৰেই ৰুবীয়ে হৃদয়ৰ সমস্ত মৰম চেনেহেৰে লিজাৰ দায়িত্ব পালন কৰি গ’ল। কিবা বেয়া দেখিলেও একো ক’ব নোৱাৰা অন্তৰ্দ্বন্দ্বত ভুগি ধৈৰ্যৰে সময়বোৰ পাৰ কৰি গ’ল। অনুশাসনহীনতাৰ বাবেই লিজাই একো দায়িত্ব নুবুজি যেতিয়া চহৰৰে নিচাখোৰ কুন্দনলৈ পলাই গ’ল, তেতিয়া আকৌ তেওঁলোকেই ৰুবীক  ‘নিজৰ ছোৱালী নহয়তো, গতিকে মাক নহৈ অকল মাহীমাক হৈ ছোৱালীজনীক এয়াহে শিক্ষা

Read more

হুঁচৰি-মানসী শৰ্মা

“কোনেনো মেল বহুৱালে হয়নে নামঘৰীয়া? তুমি যে বিশেষ দবাৰ চেওটো মাৰিব লগা হল।” “ৰাইজ, এই অধমক ক্ষমা কৰিব।  গাঁওখনৰ এজন এঘৰলৈ নাযায়, সিজন সিঘৰলৈ নাযায় এইবোৰ খামখেয়ালিতে গাৱঁৰ হুঁচৰি ভাগ বহুবছৰ গোৱাই হোৱা নাই। এইবাৰ নামঘৰৰ আগতে বা খেলপথাৰতে হওক  আকৌ গোৱা হওক।” “কথাটো তই বেয়া কোৱা নাই। কিন্তু দুদিন থাকোঁতে তোৰ ঘপককৈ মনত পৰিল যে?” “দাইটি, মোৰ বাহিৰত থকা ছোৱালীজনীৰ নাতিহাল গাৱঁৰ বিহু চাবলৈ আহিব হেনো। মইনো গাৱঁত বিহু নহয় বুলি কেনেকৈ কওঁ। কিবা আপত্তি আছে নেকি ৰাইজ?” “তেন্তে

Read more

সংকল্প-কমলা দাস

সন্ধিয়াৰ বেলিটোৱে মেলানি মাগিলে। এন্ধাৰবোৰে হোঁহোৱাই সোমাই আহি ধৰাৰ পোহৰ নাশিবলৈ চাৰিওফালে বিয়পি পৰাৰ যো-জা চলালে। তাকে দেখি  ৰাতিপুৱা বেলিটো লৈ অহা শৰালিজাকে ওভতা পথেৰে পাখি কোবাই কোবেৰে ঘৰমুৱা হৈছে।এন্ধাৰবোৰেও সিহঁতৰ পিছে পিছে লৰ মাৰিছে সিহঁতক ক’বলৈ–হেৰৌ, তহঁতে কাইলৈ সোনকালে আহি বেলিটো পুনৰ লৈ যাবিচোন! আজি বাৰু ৰাতিটোৰ বাবে ৰাখি থলো! খিৰিকীখন জপাবলৈ লৈ দৃশ্যটো দেখি সদ‍্য বেলিবিহীন ৰীমা থৰ লাগিল। মন গহনত  দৃশ্যটোৱে পাকঘূৰণি খাবলৈ ধৰিলে— “মোৰ আকাশৰপৰা হেৰাই যোৱা বেলিটোও যদি এনেদৰে ৰাতিটো ঘূৰাৰ পাছতে লৈ আনিব পাৰিলোঁহে‌ঁতেন!”

Read more

অণুগল্প-সমীৰণ শৰ্মা

                                             (১)   মুখা বসুন্ধৰা বৰুৱা অঞ্চলটোৰ এটা পৰিচিত নাম।দিনৰ দিনটো তেওঁ নাৰী সৱলীকৰণৰ নামত বিভিন্ন সভাই- সমিতিয়ে বিশিষ্টা অতিথিৰ আসন অলংকৃত কৰে। যোৱা বৰ্ষত তেওঁক সমগ্ৰ অঞ্চলটোৰ মহিলাসকলে লগ লাগি “সাহসী নাৰী” বঁটাও প্ৰদান কৰিছিল। পাছদিনা বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা খবৰটোৱে সমগ্ৰ অঞ্চলবাসীৰ চকু কপালত তুলিলে। ” বিশিষ্টা নাৰী, সাহসী বঁটা ২০২২ বিজয়ী বসুন্ধৰা বৰুৱাৰ ঘৰৰ

Read more
1 2 3 4 5 6