অভিশপ্ত ঘৰ-কুশল মহন্ত
(এক) ঘৰটোলৈ অহা মোৰ বেছিদিন হোৱা নাই।এটা দুমহলীয়া ঘৰ আৰু বৰ্তমানৰ ইয়াৰ একমাত্ৰ আৱাসী মই।ঘৰটো লোৱাৰেপৰা ওচৰ চুবুৰীয়াই মোক আচহুৱাকৈ চায়, তেওঁলোকে হয়তো মোক সহজভাৱে ল’ব পৰা নাই। নল’বলগীয়া কথাই ,কাৰণ তেওঁলোকৰ বাবে সেই ঘৰটো অভিশপ্ত বা ভূত-প্ৰেতৰ বাসস্থলী।ঘৰটোত হেনো ৰাতি ভূত-প্ৰেত ওলায়।বহুজনে দেখিছে বুলি মই শুনিবলৈ পাইছোঁ।ঘৰটো মোৰ বন্ধু এজনৰ আছিল।ঘৰটোত তাৰ বাহিৰে কোনো নাছিল।পিছলৈ সি ডিপ্ৰেচনৰ চিকাৰ হৈ ঘৰটোতেই চিপ লৈ আত্মহত্যা কৰিছিল।তেতিয়াৰপৰাই ঘৰটোলৈ যাবলৈ মানুহে ভয় কৰিছিল আৰু যেতিয়া ঘৰটোৰ দ্বিতীয় আৱাসী ভাড়াতীয়া এজনেও আত্মহত্যা কৰিছিল,তেতিয়া ওচৰ
Read more