হাট!-ৰিমঝিম বৰঠাকুৰ

অকণ হাটলৈ যাব আজি। আহ্, কিমান বছৰৰ মূৰত সি হাটলৈ যাব। সেই স্কুলত পঢ়ি থাকোঁতেই চাগে তাৰ শেষ হাটলৈ যোৱা। তাৰপিছত পঢ়িবলৈ বুলি ঘৰৰপৰা বাহিৰত থাকিবলৈ লোৱাৰপৰা এতিয়া চাকৰি কৰালৈকে তাৰ ঘৰলৈ যিকেইটা দিন থকাকৈ অহা হয় ইটো সিটো কিবাকিবি কৰোঁতেই গুচি যায়। দেউতাকে হাটত কিবাকিবি বেচি ঘৰ চলোৱা কাহিনীবোৰো বহুত পুৰণি হ’ল। হয়তো সি স্কুলৰ দেওনা পাৰ হোৱাৰ পিছৰেপৰা সেইবোৰ নোহোৱা হ’ল। পিছলৈ ঘৰৰ বস্তুকেইটাহে আনিবলৈ যায়। শেষত বজাৰলৈ যোৱা মানুহটো একেবাৰে নোহোৱা হোৱাৰ পিছত হাটৰ নামটো শুনিবলৈকে নোপোৱা

Read more

তুমি থকাহেঁতেন-ৰিমঝিম বৰঠাকুৰ

‘পাপা তুমি মোক ড্ৰপ কৰিবানে?’ ‘য়েছ বেবী।’ ‘তেন্তে ওলোৱা আকৌ। সদায় তুমি লেট মানে।’  দেউতাকলৈ চাই ভোৰভোৰাই প্ৰিয়ম ওলাই গ’ল। কাইলৈ সৰস্বতী পূজা, সেয়ে আজি তাই অকণমান বজাৰলৈ যায় বোলে। ঘূৰি আহোঁতে পাৰ্লাৰত সোমাই কিবা হেয়াৰ চেটিংছো কৰি আহিব বোলে। আজিকালিৰ ল’ৰা-ছোৱালী। স্কুলত পঢ়ি থাকোঁতেই সিহঁতৰ ফেশ্বনৰ ওপৰত যি জ্ঞান, সেয়া অসীমৰ দৰে মানুহে বুজিব নোৱাৰে। এইবাৰ স্কুলৰ শেষ বছৰ বুলি অকণমান ষ্টাইল কৰোঁ বুলি জীয়েকে টেনলৈ পোৱাৰ পৰাই লাগি আছিল। অসীমৰো বেছি না ক’বলৈ মন যোৱা নাই। মানে জীয়েকক

Read more

অভাগিনী ৰাধিকা-সদানন্দ ভূঞা

তিনিচুকীয়া জিলাৰ ধলাৰ ভীমপ্ৰসাদ উপাধ্যায় মোৰ নলে-গলে লগা বন্ধু। বন্ধুৰ বহুদিনৰ অনুৰোধত কালি তেখেতৰ বাসগৃহত উপস্থিত হৈছিলোঁ । তেখেতৰ সান্নিধ্য সঁচাকৈয়ে মোৰ বাবে পৰম সৌভাগ্য । অতিথি আপ্যায়নত অৱশ্যে নেপালী সম্প্ৰদায়ৰ লোকসকল এনেও আগৰণুৱা । আজি তেখেতে ধলাৰ দাঁতি কাষৰীয়া অঞ্চল ভজনীলৈ বুলি ফুৰাবলৈ লৈ আনিছে । আমি দুয়ো কথা পাতি পাতি মথাউৰিৰ ওপৰেৰে খোজ কাঢ়ি গৈ আছোঁ । বন্ধুবৰ উপাধ্যায় ডাঙৰীয়াই ক’লে… “সৌ যে নদীখন দেখিছে সেইখনেই অসমৰ মূল প্ৰাকৃতিক সম্পদ, আমাৰ অসমৰ গৌৰৱ ব্ৰহ্মপুত্ৰ নদ। মথাউৰিটোৰ দুয়োপাৰে যে

Read more

আত্মবিশ্বাস-কমলা দাস

দিনটোৰ কামবোৰ সামৰি, সন্ধিয়া পৰত ল’ৰাটোক পঢ়া টেবুলত বহাই থৈ শাহুৱেকক চাবলৈ কৈ  ময়ুৰী ওচৰৰ মানুহ ঘৰলৈ বুলি ওলাই গ’ল।  সেইখন ঘৰৰ গৃহিনী জনীক খুড়ী সম্বন্ধৰে মাতে ময়ুৰীয়ে। ছল চাই কঠীয়া পাৰিব জনা সেইজনী খুড়ীয়েকে বহুত দিনৰ আগতেই ময়ুৰীয়ে নিজ হাতে বোৱা পাটৰ কাপোৰ এযোৰ কিনি নিছিল। নিয়াৰ সময়ত দামটো কিস্তি কিস্তি কৈ দিয়াৰ কথা কৈছিল যদিও, এটা কিস্তি দিয়াৰ পাছত আজিলৈকে তেওঁৰ খবৰ নাই। ( চিনাকি মানুহ খিনিয়ে প্ৰায়েই কিস্তিত কাপোৰ বিচাৰে!)   ময়ুৰীয়ে খবৰ ল’লে তেওঁৰ হাতত টকা

Read more

আবিয়ৈ-নমী ফুকন বৰা

”মই গৈ আছোঁ পী ,তই  সাজু হৈ থাক।” —-ভতিজাক জুমনৰ ফোনটো পায়েই নীলিমা বাইদেউৰ মনটো সুখেৰে উপচি পৰিল যদিও এক দুখবোধে তেওঁক কোঙা কৰি পেলালে । শংকিত হৈ পৰিল তেওঁ । পাৰিবনে জুমনৰ সিদ্ধান্তত সহমত প্ৰদান কৰিব ! এক গভীৰ ধৰ্মসংকটত পৰি তেওঁ বিছনাখনতে বাগৰ দিলে । ককায়েকৰ দুই সন্তান জুমন আৰু সুমন।কৰ্মৰ তাগিদাত ককায়েক আৰু বৌৱেক দুয়ো ঘৰৰ বাহিৰত। মাকৰ লগত নীলিমা গাঁৱৰ পুৰণি ঘৰতে আছিল।কিন্তু  কেইবছৰমানৰ আগতে  মাকজনী কোনোধৰণৰ অসুখ -বিসুখ নোহোৱাকৈ হঠাৎ অজান মুলুকলৈ গুচি যোৱাৰ পৰা

Read more

অংগীকাৰ-ইলি তালুকদাৰ

কলিং বেলটো বাজি বাজি ৰৈ গ’ল। হাতত থকা মোবাইলটোত সময় চালোঁ। আবেলি ৩ বাজিছে। কোন হ’ব পাৰে? অনিচ্ছা স্বত্বেও বিছনাৰ মোহ এৰি দুৱাৰখন খুলি দেখিলোঁ  সুন্দৰ পৰিপাটি পোছাকেৰে দীৰ্ঘকায় মানুহ এজন। মুখখন চিনাকি যেন লাগিল। : ইমন , চিনি পোৱা নাই মোক ? মই নীলকান্ত দাস। তুমি কলেজত কাম কৰি থাকোতে যে মোৰ ঘৰত ভাৰা কৰি আছিলা?”   মানুহজনে একে উশাহে কোৱা কথাখিনি শুনাৰ লগে লগে চাতকৈ মনত পৰি গ’ল। : দাদা, আহক আহক, মনত পৰিছে মোৰ… বুলি ঘৰৰ ভিতৰলৈ মাতি

Read more

হৃদয়ৰ আহ্বান-ৰঞ্জিত কুমাৰ শৰ্মা

‘আজি তই যোৱাৰ পাচত ছোৱালীজনীক লৈ কল্পনা আহিছিল৷’— নিশাৰ সাঁজ খাবলৈ বহা দিগন্তলৈ দাইলৰ বাতিটো আগুৱাই দি মাকে ক’লে৷ ‘কিয়? কিবা কামৰ কথা কৈছে নেকি?’— দাইল অকণমান কাঁহীখনত বাকি লৈ দিগন্তই সুধিলে৷ ‘কাম থাকিলেহে আহিব পাৰে নেকি? এনেই আহিছিল৷ ছোৱালীজনীক আৰ্ট স্কুলৰপৰা আনোতে দুয়ো সোমাইছিল৷ ভালেদিনেই হ’ল কল্পনাৰ তালৈ যোৱা নাছিলোঁ, আজি দুয়োৰে লগত ময়ো সিহঁতৰ ঘৰ পালোগৈ৷’ ‘তই গৈছিলি? কিয়?’— প্ৰথম গৰাহ ভাত মুখত ল’বলৈ লৈও ৰৈ যোৱা দিগন্তই মাকক সুধিলে৷ ‘একো কাৰণ নাই অ’৷ তাই ফোন কৰি মাতিয়েই

Read more

এথোপা_ৰঙা_গোলাপ-প্ৰণীতা গোস্বামী বৰঠাকুৰ

: আজি ৰঙা গোলাপৰ দিন! বিদ্যুতে মুখৰ ভিতৰতে কথাষাৰ ক’লে যদিও ৰঞ্জনাই শুনিলে। পুৱা ঘৰ সাৰি থকাৰপৰাই মুখখন ঘূৰাই তালৈ চাই তাই সুধিলে, : কি, কি কৈছা? : নাই, একো নাই! বিদ্যুতৰ নিৰুত্তাপ উত্তৰ। তাই আৰু সেইখিনিত ৰৈ নাথাকিল, ঝাড়ুটো লৈ তাই ভিতৰ সোমাই গ’ল। পুৱা ঘৰখনত তাইৰ অলেখ কাম। আজি দেওবাৰ, জানমণিৰ স্কুল নাই। তথাপিও ঘৰখনত জানো কমখন কাম! ৰাতিপুৱা শুই উঠিয়েই যে ঝাড়ুটো হাতত লয় সেই হাত আৰু যেন থমকি নৰ’বই। কোনো বনকৰা মানুহ নোহোৱাকৈয়ে তাই ঘৰখনৰ আল

Read more

শিপা-পল্লৱী কৌশিক

প্ৰায় ডেৰবছৰৰ মূৰত এয়া , পুনৰ উভতি আহিছোঁ মোৰ কৰ্মজীৱনলৈ। অভিমন্যু অবিহনে পাৰ কৰি অহা নিসংগতাৰ সময় এছোৱাৰ পৰা নিজকে উদ্ধাৰ কৰি এই ব্যস্ততা মোৰ বাবে উপভোগ্য হৈ উঠিছে যদিও জীউক ঘৰখনত অকলে এৰি থৈ অহাটোহে এটা চিন্তনীয় বিষয় হৈ পৰিছে । কেতিয়াবা ভাবোঁ , গাঁথনিৰ বাবে তৈয়াৰ কৰা মিশ্ৰণটোত চিমেণ্ট আৰু বালিৰ অনুপাত ঠিকে আছে নে নাই , অথবা এচপৰা এচপৰা ইটাৰে ৱালখন গাঁথি যাওঁতে উলম্ব ৰেখাডালে সঠিক দিশে গতি লৈছে নে নাই , ঠিকেই মন কৰিছোঁ যদিও জীউৰ

Read more

কথাবোৰ গল্পৰ দৰেই-দুলুমণি শইকীয়া

‘বৌটি মোক ইমান ভাত দিছা কিয়?মোৰ মূৰটোহে ভাঙৰ পেটতো নহয় নহয়।’ কথাষাৰ মনত পৰাৰ লগে লগে তৰালীৰ ওঁঠলৈ অজানিতে হাঁহি এটা  আহিল।ক’ত আছে বাৰু এতিয়া সি।জীয়াই আছে বা নাই!মনটো বেয়া লাগিল তাইৰ।ইমান সহজ সৰল আছিল সি!তাক জোকালেহে তাৰ খংটো টিঙিচ কৈ উঠিছিল।যত যিমান বেয়া মাত আছে সেইবোৰেৰে গালি দিছিল।  এইটোও ঠিক যে সেইখিনি মাত শুনিবলৈকে ইচ্ছা কৰিয়েই তাক ল’ৰা-ছোৱালী বোৰে জোকাইছিল। হাঁহি হাঁহি সৱ পাগল হৈ গৈছিল।কথাবোৰ তাই কাৰোবাক কবলৈ মন গ’ল। সেয়ে , তাই বন্ধু পলাশলৈ ফোনটো লগালে।  :

Read more
1 12 13 14 15