আপদীয়া সোঁত-ভনিতা শৰ্মা

’ধপং!!’ কপাহীৰ বুকুখন মোচৰ খাই উঠিল৷ক’ত জানো কিহৰ শব্দ হ’ল!গাৰ কাষৰ জেগাকণ খেপিয়াই চালে৷—“আছে,পোনাকণ গাৰ কাষতে আছে”— বুলি তাই স্বস্তিৰ নিশ্বাস পেলালে৷তাই পোনাকণৰ ফালে কাটি হৈ পিয়াহটো তাৰ মুখত লগাই দিলে৷ঘোৰ টোপনিৰ মাজতো দুবছৰীয়া ল’ৰাকণে পিয়াহটো মুখত লৈ চুপিবলৈ ল’লে লাহে লাহে৷কপাহীৰ চকুত তন্দ্ৰা নামি আহিল৷কিবা এক আৱেশে দেহাটো শাঁত পেলাই দিলে৷তাইৰ চকু দুটি মুদ খাই আহিল৷ প্ৰতিবছৰৰ দৰে এইবছৰো বানে কপাহীহঁতৰ গাওঁখনক নিস্তাৰ দিয়া নাই৷এইবাৰ আকৌ বৰষুণজাক চ’তৰপৰাই আৰম্ভ হৈছিল৷কপাহীহঁতো সেয়ে আগতীয়াকৈয়ে বানৰ উপদ্ৰৱৰপৰা ৰক্ষা পৰাৰ হাজাৰ চিন্তাত মূৰ

Read more

অব্যক্ত-জয়শ্ৰী কলিতা

গোৱা যাত্ৰাৰ বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হোৱাৰ পিছত দেউতাই তাইৰ লগত চিনাকি কৰাই দিয়াৰ লগে লগে খন্তেক সময়ৰ বাবে শিল পৰা কপৌৰ দৰে থৰ লাগিলোঁ মই। অন্বেষা! অন্বেষা! দুবাৰমান মনৰ ভিতৰতে নামটো আওৰাই মনত পেলাবলৈ চেষ্টা কৰিলোঁ ক’ত লগ পাইছিলোঁ তাইক! কিছু মুহূৰ্ত মগজুটোক কষ্ট দিয়াৰ পিছত হঠাতে তাহানিৰ স্মৃতি এখিনিয়ে চোঁচা মাৰি আহি স্মৃতিকাতৰ কৰি তুলিলে মোক। এইখনেই! হয়, এইখনেই সেই মুখখন! ল’ৰালি গচকি কৈশোৰত ভৰি দিয়া সময়ত প্ৰিয় বন্ধুৰ পেহীয়েকৰ বিয়াত মাত্ৰ পোন্ধৰ মিনিটমানৰ

Read more

স্বৰ্ণ-মৃগ-চন্দামিতা শৰ্মা

জোন-তৰাৰ শ্যামবছা আকাশ। গলা ৰূপ হৈ পৃথিৱী বুৰাই পেলোৱা জোনাক৷ কোনোবা প্ৰখ্যাত চিত্ৰকৰে অঁকা এখন যেন নিখুঁত চিত্ৰ–য’ত জোনাকত ওপঙি আছে গোদাবৰী নৈ, পঞ্চৱটীৰ  সুশোভিত সৌন্দৰ্য৷ পূৰ্ণ চন্দ্ৰটো গোদাবৰীৰ পানীত এখন ৰূপৰ কাঁহীৰ দৰে  জিলিকি আছে। নৈৰ পানীত জিলিকি উঠা উজ্জ্বল জোনটো একুৰা জুই হৈ বিয়পি গৈছে কিন্তু এই জুই শান্ত, সমাহিত, শীতল, চকুক বিমুগ্ধ কৰিব পৰা৷ একো একোটা তৰাই সোণালী মুকুতাৰ ৰূপ লৈ নৈখনত সাঁতোৰ মেলিছে যেন জলকেলি  কৰি থকা কোনোবা অপ্সৰাৰ জাক৷ গলা ৰূপ হৈ পৃথিৱীক বুৰাই  পেলোৱাৰ

Read more
1 13 14 15