মৰমৰ প্ৰতিদান-কুমকুম দেৱী শৰ্মাবৰুৱা
নীলা বছেৰেকীয়া পৰীক্ষাৰ পাছত পেহীয়েকৰ ঘৰলৈ যাবলৈ উত্ৰাৱল হৈ পৰিল। তাত তাই পেহীয়েকৰ অকৃত্ৰিম মৰমৰ লগতে ওচৰ-চুবুৰীয়া সমনীয়া ল’ৰা-ছোৱালীৰ লগত মুকলিমনেৰে খেলিবলৈ পায়।পেহীয়েকৰ ছোৱালী পৰীও তাইতকৈ এবছৰৰহে সৰু। নিজৰ ঘৰ নগৰত হোৱা বাবে পাৰ্কলৈ গৈ কেতিয়াবা খেলাৰ বাদে বাহিৰলৈ ওলাবলৈ মাকে নিদিয়ে। গাড়ী-মটৰৰ ভয়,কোনোবাই ধৰি নিয়ে বুলি ভয় ,মুঠতে বহুতো সমস্যা। নীলাৰ লগতে মাকো এইবাৰ তিনিদিনৰ কাৰণে ৰূপাপেহীৰ ঘৰলৈ ওলাল।ৰূপাপেহীয়ে আনন্দতে প্ৰথমদিনাই ঘৰৰে হাঁহ এজনী মৰাই সুন্দৰকৈ ৰান্ধি খুৱালেই। পাছদিনা নীলা পথাৰত পুখুৰী সিঁচা চাবলৈ ওলাল।আঁঠজনমান লোকে লাহনীৰে পানী সিঁচি
Read more