কথাবোৰ গল্পৰ দৰেই-দুলুমণি শইকীয়া

‘বৌটি মোক ইমান ভাত দিছা কিয়?মোৰ মূৰটোহে ভাঙৰ পেটতো নহয় নহয়।’

কথাষাৰ মনত পৰাৰ লগে লগে তৰালীৰ ওঁঠলৈ অজানিতে হাঁহি এটা  আহিল।ক’ত আছে বাৰু এতিয়া সি।জীয়াই আছে বা নাই!মনটো বেয়া লাগিল তাইৰ।ইমান সহজ সৰল আছিল সি!তাক জোকালেহে তাৰ খংটো টিঙিচ কৈ উঠিছিল।যত যিমান বেয়া মাত আছে সেইবোৰেৰে গালি দিছিল।  এইটোও ঠিক যে সেইখিনি মাত শুনিবলৈকে ইচ্ছা কৰিয়েই তাক ল’ৰা-ছোৱালী বোৰে জোকাইছিল। হাঁহি হাঁহি সৱ পাগল হৈ গৈছিল।কথাবোৰ তাই কাৰোবাক কবলৈ মন গ’ল।

সেয়ে , তাই বন্ধু পলাশলৈ ফোনটো লগালে। 

: হেল্লো তৰালী, অসময়ত ফোন যে ?

: মই কি সময় চাই তোলৈ ফোন কৰিম নেকি ?

: নহয় মানে, এনেয়ে মই হে আগত কৰোঁ, আজি যে ওলোটাতো হ’ল!

: নহয় অ’, মোৰ মানে আগৰ কথা কিছুমান মনত পৰিল।কথাবোৰ কাৰোবাক ক’বলৈ মন গ’ল। সেয়ে তোলৈ ফোনটো লগালো।

: অ’ কথা সেইটো।নহ’লে মোলৈ মনত পৰে নে তোৰ?

: হেই! ফটুৱামী নকৰিবি ৰ,নহ’লে কথাটো কোৱাৰ আমেজেই নাথাকিবগৈ।তোৰ শুনাৰ সময় আছে যদিহে কথাবোৰ কওঁ ,নহলে ফোন থ।

: ক ক গোঁসানী, মই নুশুনিলে তোৰ

কথা শুনিবনো কোনে !

: থ শুনা মানুহ বহুত আছে।তোক মই গুৰুত্ব দিছোঁ বাবে অকণমান বেছি কৰিছ ন?

: হেই এইজনী! মই ধেমালি কৰিছোঁ।অ’ ,ক’চোন, কি কথা মনত পৰিল তোৰ?মোৰ সময় বহুত আছে আজি। এনেয়ে বিচনাত পৰি আছোঁ। ঘৰত কোনো নাই এতিয়া।ওচৰৰ বৰমাহঁতৰ ঘৰত নাৰায়ণ পূজা এভাগ পাতিছে।এওঁ আৰু মা তালৈ গৈছে।এঘণ্টামান লাগিব চাগে আহোঁতে।তই বিন্দাচ কৈ থাক।

: শুন তেন্তে—

: এদিন সৰু ল’ৰা এটাক তাৰ দেউতাকে আমাৰ ঘৰলৈ লৈ আহিছিল। দেউতাকে আমাৰ ঘৰতে মাজে মাজে ইটো-সিটো কাম কৰি দিছিল। ল’ৰাটোৰ মূৰটো সঁচৰাচৰ মানুহৰ যিমান ডাঙৰ থাকে, তাতকৈ বহুত ভাঙৰ আছিল।অলপ বেঙাও আছিল।চাপৰ আৰু বেঁকাবেকীকৈ খোজবোৰ কাঢ়িছিল।কথা ক’লে  সিমান নুবুজিলেও আকাৰ ইংগিতত কিন্তু বুজি পাইছিল । সিহঁতৰ  চাৰিটা নে পাঁচটা ল’ৰা ছোৱালী আছিল মই পাহৰিলোঁ। মাথোঁ তাৰ দেউতাকে মোৰ দেউতাৰ আগত কোৱা কথাবোৰ অলপ মনত আছে।

‘ককাই আমি দুখীয়া মানুহ। এইমখাক খুৱাবলৈ মোৰ শকতি নাই।তোৰ ঘৰতে গৰখীয়া হিচাপে ৰাখ।কাম বনো কৰি দিব সি।ভালকৈ বুজাই দিলে সি কথাবোৰ বুজি পায়।পইচা-পাতি একো নালাগে।সি  খাবলৈ পালেই হ’ব।মোৰ লগত থাকিলে ইহঁতে  খাবলৈ নেপাই মৰিব।বাকী কিটাকো কাৰোবাৰ ঘৰত দিব লাগিব।ভগৱানে আমাৰ নিচিনা দুখীয়াক সুখবোৰ দিবলৈ নোখোজে।এনেই আমি দুখীয়া, তাতে জন্ম দিছে ক’লা বেঙা কিটাক।হাললৈও নহয় ফাললৈও।তই না নকৰিবি ককাই!’

দেউতাই —-‘হব দে, সি আমাৰ ঘৰতেই থাকিব’— বুলি বাপেকক আশ্বাস দিছিল।তাৰ বয়স কিমানমান সোধাত  দেউতাকে ক’লে তাৰ বয়স ১৫-১৬ বছৰমান হৈছে।

দেউতাই আচৰিত হৈ কৈছিল—–

‘ওৱা এইটো দেখিবলৈ একেবাৰে অকণমান দেখোন।ইমান বয়স হৈছে নে?’

তাৰ দেউতাকে কৈছিল—

‘অ’ ককাই, এই কিটা দেখাত মেউনা- মেউনী যদিও বয়স হৈছে।মোৰ গোটেই কিটাই এনেকুৱা হ’ল। কি কৰিম ককাই, অশিক্ষিত মানুহ,একোকে বুজি নাপাওঁ।এতিয়া এইকেইটা মোৰ টেঁটুত লাগিল।’

মই, মোৰ বা আৰু ভাইটিয়ে তাক দেখি সেইদিনা খুউব হাঁহিছিলোঁ।মানুহটো দেখাত সৰু  মূৰটো মস্ত।দেউতাই আমাক খং কৰিছিল আৰু কৈছিল, 

‘সি নিজে নিজে এনেকুৱা হোৱা নাই নহয়।সিহঁত  দুখীয়া তাতে পঢ়া শুনা নাই। ল’ৰা ছোৱালী এগাল হ’লে

যে সিহঁতৰেই অসুবিধা হ’ব,ক’ৰপৰা খুৱাব সেইবোৰ বুজি নাপায়।তাৰোপৰি সন্তান গৰ্ভত থাকোঁতে পুষ্টিকৰ খাদ্য খাব লাগে।চৰকাৰী হস্পিতেলত সেইবোৰ  যোগান ধৰে যদিও সিহঁতে সেইবোৰ বিশ্বাস নকৰে। ।সেয়ে পুষ্টিহীনতাত ভোগে আৰু সন্তানবোৰ বিকলাংগ হয়।শিক্ষাৰ পোহৰৰপৰা সিহঁত বঞ্চিত। সি আজিৰপৰা আমাৰ ঘৰতেই থাকিব।অনিৰ লগতে ভড়ালৰ ওচৰৰ ৰুমটোতে শুব।অনি লগত থাকিলে সি ভয় নকৰিব।’

অনি আমাৰ ঘৰত থকা ল’ৰা আছিল।বহুত বছৰেই হ’ল সি থকা।আমাৰ খেতি সিয়ে কৰিছিল।দেউতাই আমাক সঁকিয়াই দিছিল আমি যেন তাক বেয়া ব‍্যৱহাৰ নকৰোঁ।

ওচৰৰ ঘন খুড়া আহি ল’ৰাটোক দেখি মাক সুধিছিল–

‘এই পিচ ক’ৰ পৰা পালা বৌদৌ, বৰমূৰীয়া দেখোন।’ 

আমি মুখ টিপি।হাঁহিছিলোঁ। সি যদিও আমাতকৈ ডাঙৰ আছিল আমি তাক নাম কাঢ়িয়েই মাতিছিলোঁ।ঘন খুড়াৱে কোৱাৰ পিছৰেপৰা তাৰ ‘গণেশ’ নামটো লুকাই ‘বৰমূৰীয়া’ নামটো প্ৰচলিত হৈছিল।বৰমূৰীয়া বুলি ক’লে অঞ্চলৰ সকলোৱে চিনি পোৱা হৈছিল।

সি সদায়ে ৰাতিপুৱা ভাত খাই গৰু চৰাবলৈ যায় আৰু সন্ধিয়া ওভতে।গৰু চৰোৱা ঠাইত তাক জোকাই কোনো সাৰি যাব নোৱাৰে।শিলগুটি মাৰি  বহুতৰে

মাথা ফালি দিছিল।এইবোৰলৈ তাৰ ভ্ৰক্ষেপ নাই। আনন্দহে পাইছিল।সেইবোৰ আপত্তি লৈ বহুত মানুহ

আহিছিল দেউতাৰ ওচৰলৈ। দেউতাক কৈছিল ,

‘এই পাগলটোক কিয় ৰাখিছে,পঠিয়াই দিয়ক।আমাৰ ল’ৰা-ছোৱালীৰ গালৈ শিলগুটি মাৰি মাথা ফালি দিছে।’

তাক মাৰিম বুলিও কৈছিল। দেউতাই তেওঁলোকক এটা কথাই কৈছিল ,

‘তাৰ মাথাটো নাই , মাথা থকা কিটাক  তাক জোকাবলৈ মানা কৰি দিবচোন আৰু কোনেও যাতে তাৰ গাত হাত নিদিয়ে।ন’হলে কথা বেয়া হবগৈ।’

সি সদায়ে সন্ধিয়া কাৰোবাক নহয় কাৰোবাক গালি দি  আহে এনেকৈ,

‘চিনি পোৱা নাই সিহঁতে মোক।পিঠি ফালি পেলাম।বাপেৰক বুজি পোৱা নাই… মই কি বস্তু।’

বকি বকি আহিয়ে  মাক কয় ,

‘বৌটি চাহ এবাটি দিয়া।ডিঙিটো একেবাৰে শুকাই গৈছে।’

‘কাকনো বকি আছ গণেশ?’

‘সেই চেঙেলী নে ফেঙেলীৰ পুতেক কিটাক।সিহঁতে মই কথা বুজি নাপাওঁ বুলি ভাবে।মই কৈ থ’লো বৌটি

কেতিয়াবা জেউৰা খৰিৰে সিহঁতৰ পিঠি ফালি পেলাম।দেউতালৈ ভয় লাগে কাৰণেহে একো কৰা নাই। ন’হলে , সিহঁতক—-‘

মায়ে তাক বৰ মৰম কৰিছিল।তাৰ শিশুসুলভ মনটোক ভালকৈয়ে বুজি পাইছিল।সেয়ে তাক কয়—-

‘হেই সিহঁতে তোক এনেয়ে জোকায়।তই সিহঁতৰ লগত নালাগিবি।ন’হলে দেউতাৰৰ খং জানই নহয়!’

‘অ… সিহঁতে মোৰ মূৰটোক লৈ  সদায়েই তেনেকৈ জোকাব নেকি? মই  তাহাঁতক সুদাই নেৰোঁ।বৌটি  আৰু অকণমান চাহ দিয়াচোন।’

সি তৎক্ষণাতে কথাবোৰ পাহৰে।

‘এইডাল কিমান চাহ খাৱ অ’। ল এইটোতে গৰম পানী আছে আৰু চেকনীত চাহপাত দিয়া আছে।তই বাকি বাকি যিমান খাৱ খাই থাক।আৰু শুন সেইমখাৰ লগত লাগি নাথাকিবি। গৰুৰ দানাখিনি দি ভালকৈ ভৰি হাত ধুই আহ।’

সি আমাৰ ঘৰত তিনি বছৰমান আছিল।মাকৰ গা বেয়া হোৱাত ঘৰলৈ গৈ সি আকৌ আহিব নোৱাৰিলে।সি

নোহোৱা হোৱাত আমাৰ বৰ বেয়া লাগিছিল। আমাৰ ঘৰ খনৰ লগতে ওচৰ চুবুৰীয়া সকলোৰে সৰু-সুৰা কামবোৰ সিয়ে পূৰণ কৰিছিল।পিছলৈ সি সকলোৰে ভাল লগা হৈছিলগৈ ।

এবাৰ সিহঁতৰ গাঁৱৰ এজন দাদা  আমাৰ ঘৰলৈ আহিছিল।তাক ভাইটিয়ে বৰমূৰীয়াৰ কথা সুধিছিল।

‘সি ভালে আছেনে?’

তেতিয়া সেই দাদাজনে তাৰ এটা

কাহিনী কৈছিল।আমি হাঁহি হাঁহি পাগলৰ দৰে হৈছিলোঁ।

বৰমূৰীয়াৰ দেউতাক আৰু খুড়াকৰ বেমাৰ।এজনৰ জ্বৰ এজনৰ পেট বেয়া।কেইবাবাৰো

বাহিৰলৈ গৈ আছে।ঔষধ অনাৰ

দায়িত্ব পৰিল বৰমূৰীয়াৰ।সি ফাৰ্মাচীলৈ গৈ ঠিকেই ক’লে

‘ববাই জ্বৰ,দদাই পাইখানা…. গতিক ঔষধ লাগে।’

ফাৰ্মাচিষ্ট জনে ভাগে ভাগে ঔষধ তাৰ হাতত দিলে।

সি পেণ্টৰ পকেটত ববায়েকৰটো আৰু চাৰ্টৰ পকেটত দদায়েকৰ ঔষধটো ভৰাই লৈ হাত দুটা

পকেটত দি ঘৰ অভিমুখে গৈ গৈ মুখেৰে—-‘এইটো ববাইৰ… এইটো দদাইৰ’—- বুলি কৈ গ’ল।কাৰণ সি পাহৰি যাব কোনটো ঔষধ কাৰ আছিল। গাঁৱৰ দুটামান  ল’ৰাই তাৰ সেই কাণ্ড দেখি ওচৰলৈ আহি গাত জোকাৰি সুধিলে 

‘কাক বকি আহিছ তই বৰমুৰীয়া।’

তাৰ লাগিল খেলিমেলি। চিঞৰিবলৈ ধৰিলে —-‘ববাই দদাই ববাই দদাই’–কৈ।হাত দুটা হ’ল ওলট -পালট।তাৰ সেই কাণ্ডত ল’ৰাবোৰে খুউব হাঁহিলে।পিছত যেনিবা গাঁৱৰ ল’ৰাহঁতেই ঔষধৰ নাম চাই ববায়েক আৰু দদায়েকক ঔষধ খুৱাই সুস্থ কৰিলে।সি কিন্তু ল’ৰাকিটাক অবাইচ মাতেৰে পাৰে মানে গালি দিলে।ল’ৰা কিটাই তাৰ সেই কামৰ লগতে তাৰ গালি খাই খুব হাঁহিলে বোলে ।আমিও দাদা জনৰ মুখত কথাটো শুনি বৰকৈ হাঁহিছিলোঁ।

সি বাৰু জন্মগত আছিল।আমিও তেতিয়া সৰু আছিলোঁ বুলিয়েই এইবোৰৰ আনন্দ লভিছিলোঁ।

ভগৱানে তাক দিয়া এই অৱস্থাক

আমি হঁহাটো উচিত আছিল নে?

কথাবোৰ মনত পৰিছে বাবে এতিয়া মনটো বৰ বেয়া লাগিছে জান। আমাৰ ভুল শুদ্ধৰ বিচাৰ চাগে ভগৱানে এদিন কৰিব।

তই কি কবি পলাশ?

টিং টং টিং টং….

: তোৰ কলিং বাজিছে।মাহঁত  আহিছে চাগে ।তই দৰ্জা খুলি দেগৈ যা।

বৰমূৰীয়াৰ কাহিনী বহুত আছিল কবলৈ।পিছত কেতিয়াবা কম দে ,

 এতিয়া বাই ——

**********

2 Comments

Leave a Reply to Mamoni Kalita Cancel reply

Your email address will not be published. Required fields are marked *