শীতৰ ৰাতিৰ ইলিজি-অনসূয়া বৰঠাকুৰ

(এবছৰীয়া মৃত্যু তিথিত আইৰ চৰণত এটুপি চকুলোৰে)

           (১)

নীলা আলোৱানখন

গাত মেৰিয়াই,

উজাগৰী ৰাতিটোক নিচুকাই,

বুকুৰ পিয়াহ খুৱাই,

সৌৱা কোন?

জোনবাই

নে মোৰ আই!

        (২)

বেলিটোৱে 

আত্মগোপন কৰাৰ দিনা

জোনটোকে থপিয়াই আনি,

আইৰ কপালত আঁকি দিলোঁ!

মূধচটো খহি পৰাৰ দুখতেই নে কি জানো!

আকাশখনেও উচুপি উঠিল!!

       (৩)

ৰাতিৰ আকাশত লেটি লৈ থকা

ঘূৰণীয়া সৌটো যেন

আইৰ আখলৰ পানীপিঠা!!

হাঁহিছা?

ভোকাতুৰ, শোকাতুৰ

সেই সন্তানক সোধা,

যাৰ আই এতিয়া

তৰাৰ দেশৰ সাধু-কথা!!

**********

2 Comments

Leave a Reply to ৰঞ্জিত কুমাৰ শৰ্মা৷ Cancel reply

Your email address will not be published. Required fields are marked *