সোঁৱৰণ-হৰিচন্দ্ৰ ডেকা

তুমি সুধিছিলা সিদিনা মোক

কিমান গভীৰতাত তোমাৰ স্থান

মোৰ হিয়াৰ নিৰলা পঁজাত ? 

মই ক’লোঁ তোমাৰ কপালত

সেন্দূৰীয়া জোনটো আঁকি দি,

চোৱাচোন মোৰ বুকুত হাত থৈ,

শুনিছানে কলিজাৰপৰা অহা

এটি অনুৰণনৰ শিহৰণ

মোৰ হৃদয়ৰ স্পন্দনত ?

ৰিণিকি -ৰিণিকি বাজি থকা

এটি মৃদু সুৰ উষ্ম নিশাহৰ  ?

এবাৰ কাণ পাতি শুনাচোন

মোৰ মনৰ আকুলতাখিনি

তোমাৰ হিয়াৰ মণিকাঞ্চনত ৷

বাজি উঠিব তোমাৰ হিয়াতো

নিজান পখীৰ সুমধুৰ সুৰ।

আলফুলে সাঁচি থোৱা 

দুয়োৰে আমাৰ জীৱনৰ গান।

যদিহে বিচৰা তুমি

হিয়া উজাৰি দিম

মোৰ সাঁচি ৰখা মৰমবোৰ

তোমাৰ নীলাভ দুচকুত 

চিৰদিনলৈ সাঁচি থ’ব পৰাকৈ ৷

তোমাৰ চকুত চকু ৰাখিলেই

শুনিবলৈ পাওঁ জানোচা

দুয়োৰে মিলনৰ গান।

**********

2 Comments

Leave a Reply to বন্দিতা জৈন Cancel reply

Your email address will not be published. Required fields are marked *