হৈমন্তিক_বিষাদ-শিখা গোস্বামী মহন্ত

“হেমন্ত বৰ বিষাদৰ ঋতু৷

মই মানি ল’ম

যদি ই মোক কন্দুৱাই”

ঠিক এই সময়খিনিৰপৰাই

হাতত সাৰে-ভৰিত সাৰে

কথাবোৰ,সময়বোৰ মোৰ পৰা পলায়

মোৰ বুকুত দুটি স্থলপদ্ম

নাভিমূলত আৰু অগণন নাভিৰ এখন আকাশ

আৰু মোতেই এক অৰণ্যৰ সাম্ভাব্য সেউজ…

আমন্ত্ৰণে মোক অহংকাৰী কৰিব নোৱাৰাকৈ

মই অবোধ

অপেক্ষা থকা হ’লে যন্ত্ৰণাৰ

যান্ত্ৰিক বেলিক থুকুচিব পৰাকৈ…

হেমন্তৰ হেঙুলীয়া বেলিৰ স’তে যুঁজো মই

**********

One comment

Leave a Reply to Mamoni Kalita Cancel reply

Your email address will not be published. Required fields are marked *