কেতেকী-হৰিচন্দ্ৰ ডেকা

নিজান নিশা কেতেকীৰ 

হিয়াভগা বিননি শুনি,

কিয় জানো বাৰে বাৰে 

মোৰ বুকুত উঠে কঁপনি,

সপোন আৰু দিঠকৰ 

তন্দ্ৰাৰ মায়াজালত

আন্ধাৰতে খেপিয়াই চাওঁ

ক’ত আছে জানো মোৰ

হিয়াৰ উজলা মাণিক,

খিৰিকীৰে পিৰিকিয়াই চালোঁ

কুঁৱলীৰ আঁৰে আঁৰে,

তৰা ফুলৰ মাজে মাজে

সেয়া কোন বাৰু ডিঙিত পিন্ধি

মণিকাঞ্চনৰ সাতসৰী?

উজাগৰী নিশা কবিৰ স্তৱকৰ

এটি হেঁপাহৰ সুৰ কৰিবলৈ,

বিনিদ্ৰ ৰজনীৰ আন্ধাৰ আঁতৰাবলৈ

আহিলা নেকি মোৰ ওচৰলৈ

হিয়াৰ সুৰ কাণপাতি শুনিবলৈ?

ৰিণিকি ৰিণিকি শুনিবলৈ পাওঁ

যেন কঁপি উঠে এটি শিহৰণ,

বৌ কাকা ক’ত বুলি,

নিশাৰ নিৰ্জনতাৰ আঁৰত

জানোচা মোকেই বিচাৰি আছা

সাঁচি ৰখা অনুভূতি বুকুতে সাবটি৷

************

2 Comments

Leave a Reply to Mamoni Kalita Cancel reply

Your email address will not be published. Required fields are marked *