দুঃসময়-ৰাজু কুমাৰ নাথ

খলুৱাৰ খলকনিত চোৱা ভাই

চৌদিশে লাগিছে জুই,

কোদো বৰলেও সাৰ পালে

সিহঁতো আছিল শুই।

দেশ ৰক্ষা,স্বাভিমানৰ নামত 

কুটুমৰ তেজৰ বৈছে এখনি নৈ,

চৌদিশে মাথো ধোঁৱা আৰু ছাই

মৃত্যুৱে হাত বাউলে তাতে ৰৈ।

ওলংগৰ দেশত ‘ধোবা ৰজা’

নামত আছে ৰাজপাট খাই,

নিজ বিপদৰ লেশ দেখিলেই

মিছাতেই কান্দে ইনাই বিনাই।

ভুৱা ছল চাতুৰীৰে নিজকে বোলাই বৰ,

দুৰ্বলী হৈ জীয়াই থকাতকৈ তহঁতে 

নিঃশেষ হৈ মৰ।

প্ৰদৰ্শনকামী এই শক্তিৰ যুঁজত

ধৰিত্ৰী হ’ব ছাৰখাৰ,

আগতেই মহাপুৰুষে গৈছে কৈ,

“…ম্লেছক কৰিব বুন্দামাৰ।”

************

2 Comments

Leave a Reply to ৰাজু কুমাৰ নাথ Cancel reply

Your email address will not be published. Required fields are marked *