পিতৃঋণ,মূল লিখক :অজ্ঞাত,অনুবাদ-সুস্মিতা দাস

নিজে প্রতিষ্ঠিত হোৱা পিছত এজন ল’ৰাই নিজৰ প্রথম মাহৰ দৰমহা আনি দেউতাকৰ হাতত দিলে। টকা খিনি দিয়া সময়ত দেউতাকক ক’লে –  

: দেউতা তুমি এদিন কৈছিলা পিতৃঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰি। কিন্তু জানা দেউতা, যোৱা ছাবিশ বছৰে তুমি যিমান টকা মোৰ নামত খৰচ কৰিছা সেই আটাইবিলাক টকা ম‌ই মাত্ৰ তিনি বছৰত তোমাক ঘূৰাই দিব পাৰিম।

দেউতাই তেতিয়া মিচিকিয়া হাঁহি এটা মাৰি কলে, 

: এটা গল্প শুনিবিনে?

ল’ৰাজন অলপ অপ্রস্তুত হোৱা যেন লাগিল। তলমুৱাকৈ ক’লে – 

: কোৱা দেউতা,শুনিম……

: তোৰ বয়স যেতিয়া চাৰি বছৰ আছিল তেতিয়া মোৰ মাহেকীয়া আয় আছিল দুই হাজাৰ টকা। সেই টকাৰে সংসাৰ চলাই নিবলৈ মোৰ বহুত কষ্ট হৈছিল কিন্তু ম‌ই কেতিয়াও কাকো বুজিব দিয়া নাছিলোঁ। মই মোৰ সাধ্য অনুসৰি সকলো সময়তে চেষ্টা কৰি গৈছোঁ তোৰ  মাৰক  সুখী ৰখাৰ বাবে। তোক যিদিনা স্কুলত প্ৰথম ভর্তি কৰিছিলোঁ  আমি দুয়োজনে  সংকল্প কৰিছিলোঁ যে আমি তোৰ পঢ়াৰ খৰচৰ বিনিময়ত কি কি ত্যাগ কৰিম।সেই বছৰ তোৰ মাক মই একো এটাই  দিব পৰা নাছিলোঁ।

ত‌ই যেতিয়া কলেজ পালি  আমাৰ তেতিয়া অৱস্থা অলপ ভাললৈ আহিব ধৰিছিল যদিও সিমানো ভাল নাছিল। তেতিয়া হঠাতে তোৰ মা অসুস্থ হৈ পৰে,ঔষধ কিনাৰ বাবে ম‌ই অতিৰিক্ত সময় কাম কৰিছিলোঁ,কেতিয়াবা বাছত কেতিয়াবা খোজকাঢ়ি ঘৰলৈ আহিছিলো; জীৱনটো দুর্বিসহ হৈ উঠিছিল যদিও কেতিয়াও কাকো বুজিব দিয়া নাছিলোঁ আনকি তোৰ মাকো কোৱা নাছিলোঁ।

এদিন অফিচৰপৰা আহোঁতে শ্ব’-ৰুমত গৈ এখন বাইক চাই আহিছিলো। সেইদিনা ৰাতি মই বাইক লৈ কামলৈ যোৱাও দেখিছিলো সপোনত। কিন্তু পিছদিনাখন ত‌ই কৈছিলি লেপটপ লাগে। তোৰ দুখত আমাৰ কষ্ট হয় অ’ সোণ। গতিকে ম‌ই তোকে লেপটপটো কিনি দিছিলোঁ। 

মোৰ তেতিয়াৰ এটকা তোৰ এতিয়া এক প‌ইচা! কিন্তু মনত পেলাই চা, এই এটকা দি তই বন্ধুসকলৰ লগত পার্টি কৰিছিলি,

ব্রেণ্ড নিউ মোবাইলত হেড ফোন কাণত লগাই গোটেই ৰাতি গান শুনিছিলি, পিকনিক গৈছিলি, ভ্ৰমণ, কন্সার্ট আদিত গৈছিলি। তোৰ প্রতিটা দিন আছিল তেতিয়া সপোনৰ দৰে। এতিয়া তোৰ দিয়া টকাৰে মই হার্টৰ বায়পাচ কৰোঁ, ডায়বেটিচ চেক কৰো। ত‌ই জান সোন এতিয়া মোৰ মাছ খোৱা

নিষেধ, মাংস খোৱা নিষেধ, ক’তনো ইমান টকা খৰচ কৰিম কচোন?

 সোণ এতিয়া তোৰ টকাৰে মই কল্পনাৰ ৰাজ্যত ভাহি ফুৰোঁ য’ত ম‌ই বাইক চলাই গোটেই চহৰ এপাক ঘূৰি আহোঁ, মোৰ বন্ধু সকলৰ লগত চিনেমা চাব যাওঁ, তোৰ মাৰক লগত লৈ বিভিন্ন মেলাবোৰ ঘুৰি আহোঁ।

দেউতাসকল হেনো “খাড়ুচ টাইপ”। আমিও আমাৰ দেউতাক তেনেকৈ ভাবিছিলো।পুৰুষৰপৰা  পিতা হবলৈ মোৰ কোনো কষ্ট নহ’ল, সকলো কষ্ট তোৰ মাই সহ্য কৰিছে। কিন্তু বিশ্বাস কৰ সেই দেউতাৰপৰা দায়িত্বশীল দেউতা হ’বলৈ কিমান কষ্ট এজন দেউতাইহে গম পায়। 

যুগে যুগে সকলোতে মাতৃবন্দনা হৈ আহিছে কিন্তু ক’তো আজিলৈকে পিতৃবন্দনা হোৱা দেখিছনে বা শুনিছনে? অৱশ্যে আমি পিতৃবন্দনা আশাও নকৰোঁ। সন্তানৰ প্রতি ভালপোৱা কোনো দেউতাকেই হয়তো প্রকাশ কৰিব

নোৱাৰে,তথাপিও কিন্তু কোনো দেউতাকে নিজৰ সন্তানৰ প্রতি দায়িত্ব পালনত অৱহেলা নকৰে। ম‌য়ো  তোৰ  বাবে মোৰ কষ্টৰে অৰ্জিত অর্থ ব্যয় কৰিছোঁ হয়তো তই তিনি বছৰত পৰিশোধ কৰি দিব পাৰিবি…… কিন্তু যৌৱনত দেখা সেই মোৰ সপোনবোৰ ??? যি সপোনৰ দলিচাত  থিয় হৈ  আজি ত‌ই মোক ঋণ পৰিশোধৰ কথা কৈ আছ……. সেই সপোনবোৰ মোৰ কোনো দিন বাস্তৱায়িত হ’বনে???

.প্লিজ দেউতা!! মনে মনে থাকা। মই তোমাৰ টকা নহয় তোমাৰ ভালপোৱাবোৰ মোৰ মৰম আৰু ভালপোৱাৰে 

তোমাক উভতাই দিম।

হা..হা..হা..  অবুজ ল’ৰা মোৰ!

মাক-দেউতাকৰ মৰম ভালপোৱা কেতিয়াও ঘূৰাই দিব নোৱাৰি অ’। অবুজ  শিশুৰ মল-মূত্র চাফ-চিকুন কৰি দিব পাৰি কিন্তু বৃদ্ধসকলৰ কোঠাটোতো যে সোমাব নোৱাৰি।তোক এটা সাধাৰণ প্রশ্ন কৰোঁ সোণ ভাবি চিন্তি উত্তৰ দে।

“ধৰি ল  তই, মই আৰু তোৰ ল’ৰা আমি তিনিজন এখন  নাৱেৰে ক’ৰবালৈ গৈ আছোঁ। হঠাৎ নাওখন  ডুবিবলৈ  আৰম্ভ কৰিলে…..তেনে পৰিস্থিতিত তোৰ হাতত এটা মাত্ৰ সুবিধা আছে য’ত ত‌ই এজনকেই বচাব পাৰিবি। কচোন ত‌ই কাক বচাবলৈ চেষ্টা কৰিবি?

ল’ৰাটোৱে হাজাৰ চেষ্টা কৰিও তিলমাত্ৰ‌ও  মুখখন লৰাব পৰা নাছিল তেতিয়া।

 হ’ব সোণ, উত্তৰ দিব নালাগে দে। ল’ৰাবোৰহে  দেউতাক হয়,

দেউতা কেতিয়াও ল’ৰা হ’ব নোৱাৰে। 

পৃথিবীতখনত আটাইতকৈ গধুৰ বস্তু কি জাননে? এজন দেউতাকৰ কান্ধত  পুত্রৰ শৱ! মই মাত্ৰ ভগবানক  এটাই বস্তু বিচাৰোঁ এতিয়া আৰু সেইটো হৈছে মোৰ অন্তিম যাত্ৰাত মই যেন তোৰ কান্ধত উঠি যাব পাৰোঁ। তেতিয়া অন্ততঃ ত‌ই মোৰ এটা ঋণ পৰিশোধ কৰিব পাৰিবি তোক কোচত লোৱা ঋণ।

************

One comment

Leave a Reply to বন্দিতা জৈন Cancel reply

Your email address will not be published. Required fields are marked *