স্লিপ ডিস্ক-শ্ৰীমন্ত বৰা

গুৰি ল’ৰা গোঁজটোৰ দৰে থিয় হৈ থাকোঁ।

বেকা হৈ বহি থাকোঁ।

উঁয়ে ধৰা শেতেলীত শুই পৰোঁ ৰাতি 

ৰাতি মানে হাতী আৰু এডাল আধামৰা গোমসাপ।

ৰাতিৰ বেলিটোক নিচুকাই থাকোঁতে খিৰিকীৰে সোমাই আহে দিনৰ সূত্ৰ

সূতা এডালত ধৰি আগবাঢ়ে একোটা বেঁকা দিন

কিছুৱে সোধে আৰু কিছুৱে কেৰাহিকৈ চায়।

বোলো বৰ বিষ। 

আইৰ কঁকালত থেৰাপী দিয়া হ’ল বহুবাৰ 

ডুব গ’ল কেবাটাও বেলি।

সৰি পৰিল বেলিৰ দেশৰ বহু তৰা,

বেঁকা হৈয়ে থাকিল কঁকাল।

 

পোন হ’বনে আই….! 

এচেৰেঙা ৰ’দত কঁকাল বেঁকা 

কৰি গৈ আছে বহুলোক।

কোনোবাজন বুকুৰ দলঙত চকু মুদি বহি পৰে।

কোনোবাজন বহি পৰে বাটৰ কাষত,

খামুচি ধৰে দলঙৰ ৰেলিঙত।

বেলিটো ওলোৱাৰপৰা লহিওৱালৈকে

চুবুৰীখন,চহৰখন, আনকি দেশখনকো

বেঁকা হৈ গৈ থকা দেখোঁ শিলনিবাটত।

শ্লিপ ডিস্ক হৈছে সকলোৰে

নমৰালৈকে জ্ঞাতে অজ্ঞাতে 

কঁকালে কেঁকাই থাকিব মোৰ দৰে।

কেৱল, থিয় হৈ আছে আৰু থাকিব 

আঙুলিৰ টিপৰ পুতলাৰজা,

নিছিগে মানে ৰছী পুতলাঘৰত।

************

6 Comments

Leave a Reply to Upasha Bhagawti Cancel reply

Your email address will not be published. Required fields are marked *