মন্দাগ্নি-নন্দিতা ভাণ্ডাৰ কায়স্থ

পাতল গুলপীয়া ৰঙৰ আশী সূতাৰ চাদৰখনেৰে কপালৰ ঘাম মচি ক’লা ৰঙৰ ডাঙৰ গেটৰ ওচৰতে থকা নামটো পঢ়ি চালে তৰাই, 

          “জয়ন্ত ফুকন

          প্ৰেৰণা ফুকন”

অ’হ! ঠিকেই চিনি উলিয়াইছে তাই। এয়াই তৰাৰ চেনেহৰ ভাতৃৰ আলয়। ঘৰ লোৱা নিমন্ত্ৰণ তাইলৈ পঠিয়াইছিল যদিও স্বামীহাৰা মানুহগৰাকীয়ে সময়ত উপস্থিত থাকিব নোৱাৰিলে। মনতে গণি চালে প্ৰায় এবছৰ হৈ গ’ল, সময় অৱশ্যে কাৰো বাবেই ৰৈ নাথাকে । চালে চকু ৰোৱা ঘৰ বনাইছে দেই জয়ন্তই। সি যি কি নহওক আজি তাই ভায়েকৰ ঘৰলৈ আহিছে। মানে তাই আহিবলগীয়া হ’ল। ল’ৰা ছোৱালীহালক ওচৰৰে ৰূপে বাইদেউক গতাই ৰাতিপুৱাৰ চাৰে সাত বজাৰ চহৰলৈ অহা বাছখনেৰে  ভায়েকে ফোনতে কোৱা ঠিকনাত আহি পালেহি। সমস্ত কাম-বন কৰি পেটৰ পোৱালীহালক ভাত কেইটামান খুৱাই নিজে দুগৰাহমান ঠেলি হেঁচি পেটত সুমুৱাই তাই সাঁচতীয়া টকাকেইটা মৰাপাটৰ সৰু বেগটোত ভৰাই চহৰলৈ ঢপলিয়াই আহিছে।

আধিত দিয়া খেতিৰ মাটিখিনিৰে কোনোমতে তিনিজনীয়া পৰিয়ালটো তৰাই লঘোন নপৰাকৈ চলাই আছিল। পিছে বলিয়া বানে ভালেখিনি খেতি উছন কৰিলে তাইৰ। পলস পৰি মাটিৰ উৰ্বৰতা নোহোৱা হ’ল। খোৱা-বোৱাৰ বৰ আহুকাল হ’ল পৰিয়ালটিৰ। উপায় উলিয়ালে তৰাই। ঘৰৰে শাক-পাচলি, হাঁহ-কুকুৰাৰ কণী মঙলবাৰ, শনিবাৰৰ হাটত বেচি সন্তান দুটিৰ ভৰণ-পোষণৰ বাট মুকলি কৰে। ঠিকেই চলি গৈছিল দিনবোৰ। পিছে ল’ৰাটোক জানো কি পেটৰ অসুখে পালে? ভালেই নহয়। বিষত কেঁকাই থকা ল’ৰাটোক চাই থাকিব পাৰি জানো? পলম কৰা নাযায় আৰু।

ডাক্তৰক দেখুৱালে। ডাক্তৰে চাই-চিতি বিষ উপশম হোৱা দৰব দুটামান লিখি দিলে। ইয়াৰ উপৰিও তেখেতে পেটৰ চনোগ্ৰাফি এখন কৰাবলৈ পৰামৰ্শ দিয়ে। তেখেতে চহৰতে চনোগ্ৰাফিখন কৰাই ডাক্তৰ অচ্যুত চলিহাক দেখুৱাই ল’বলৈ পৰামৰ্শ দিলে। কাৰণ তাৰ ৰিজাল্ট একেবাৰে নিৰ্ভুল। 

চনোগ্ৰাফি কৰিবলৈ তাইক টকা লাগে। কোনে দিব তাইক টকা? ভায়েকৰ মুখখন মনলৈ আহিল। ভাগিনীয়েকৰ অসুখত বাৰু সামান্য অৰ্থৰে সহায় নকৰিব নে মোমায়েকে? নিশ্চয় কৰিব। ভায়েকক কাণ চোৱালে তৰাই। জয়ন্তৰ আশ্বাস পাই তাই আজি ঘৰুৱা জঞ্জাল এৰি ভায়েকৰ ঘৰ ওলালহি।তাই গেটৰ সমুখত ৰৈ ধুনীয়া গেটখন চুই জীৱনৰ বা-মাৰলিবোৰকে গুণা-গঁথা কৰি আছিল। হঠাতে ফোনটো বজাত তাইৰ ভাববোৰ থমকি ৰ’ল।

: পাইছোঁ, ভাইটি, তোৰ ঘৰৰ সমুখতে। ভায়েকক কথাখিনি কৈ তাই গেট খুলি ভিতৰলৈ সোমাই গ’ল।

: বাইদেউ আহ, ঘৰ উলিয়াবলৈ অসুবিধা হোৱা নাই নহয়?

‌: নাই দে, তই ইমান সুন্দৰকৈ বুজাই দিছ। একো অসুবিধাই নাপালোঁ।

: তই হাত-ভৰিকেইটা ধুই ল বাইদেউ। প্ৰেৰণা ঘৰত নাই। অলপ ওলাই গৈছে। আহিবৰ হৈছে ৰহ।

 : বাৰু। মই অলপ পৰ আছোঁ দে। তাইকো দেখা কৰিয়ে যাম। তাইক নেদেখা বহুদিনেই হ’ল।

 তৰাই চাবোনেৰে হাত-ভৰি ধুই ল’লে।অলস ভাবটো নোহোৱা হৈ গ’ল।পৰ্টিকৰ চোফাতে বহি ল’লে তাই। অলপ পিছতে ঘৰৰ পৰিচাৰিকা চম্পাই শুকান ফল-মূল অলপ আনি দিলে। তাই দুটামান কাজু মুখত দিলে। এইবোৰ খোৱাৰ অভ্যাস নাই তৰাৰ। ভাতৰ হে ভতুৱা সিহঁত। পেটটোৱে খাওঁ-খাওঁকৈ ভোকৰ জাননী দিলে। ভাত খাবলৈ হে মন আছে তাইৰ। ভায়েকৰ লগত ইটো-সিটো কথা পাতি থাকিল তাই। জয়ন্তই গাঁৱৰ খবৰ ল’লে। পোন্ধৰ মিনিটৰ পিছতে চম্পাই লুচি, আলুভাজি, কণীৰ এটা অমলেট আনি চেন্টাৰ টেবুলতে থ’লে। ফুলা ফুলা লুচি, মচমচীয়া আলু ভাজি দেখি তৰাৰ পেটটোৱে পুণৰ খাওঁকৈ শব্দ এটা কৰিলে। ভাত নহ’লেও নাই, লুচিৰে পেটৰ ভোক পলুৱাব লাগিব। লুচি এখনত কামোৰ দিবলৈ লওঁতেই  দীঘল চুলিটাৰি বাঁওহাতেৰে মোহাৰি সোঁহাতৰ তৰ্জনী আঙুলিত স্কুটিৰ চাবিপাত ঘূৰাই ঘূৰাই প্ৰেৰণা সোমাই আহিল।

লুচিখন হাতত লৈ তৰাই ভাই বোৱাৰীয়েকক মাত লগালে, 

: প্ৰেৰণা, ভালে আছানে? বহুত দিন হ’ল নহয়, লগেই পোৱা নাই।

: আছোঁ আৰু।

চুটি উত্তৰ দি প্ৰেৰণা কাষৰ কোঠালৈ সোমাই গ’ল। তাইৰ পিছে পিছে চকুৰ ইংগিতেৰে মাতি নিয়া জয়ন্তও উঠি গ’ল।

: হেৰা, এই ভিকহুৰ জাতক ইমান বস্তুৰে আপ্যায়ন কৰিবলৈ কি দৰকাৰ আছিল? চাহ-বিস্কুট দি বিদায় দিলেই হয়। আৰু টকা-পইচা খুজিলে নাই বুলি ক’বা। আমিয়ে ঘৰ বান্ধিবলৈ লোৱা ঋণ পৰিশোধ কৰি তত পোৱা নাই। তাতে অহা মাহত আকৌ বাঙ্গালোৰলৈ যোৱা কথা আছে। গতিকে বাছৰ ভাড়া দি যিমান সোনকালে পাৰা যাবলৈ কোৱা। 

সেয়া কাষৰ কোঠাৰপৰা প্ৰেৰণাৰ কন্ঠ শুনা গৈছে।

: অলপ মনে মনে কোৱাচোন। শুনিব বাইদেৱে। বৰ আশাৰে আহিছে মোৰ ওচৰলৈ। কিবা অলপ দি সহায় কৰিলে মোৰ মনটোৱেও অলপ শান্তি পাব।

: তুমি বৰ দয়াবান দেখুওৱা দেই। দুশ টকাতকৈ এটকাও বেছি নিদিবা কিন্তু। মই ফ্ৰেছ হৈ লওঁ।

প্ৰেৰণাৰ মুখেৰে ওলোৱা এটা এটা শব্দই তৰাৰ বুকুত ছুৰী এখনেৰে ৰেপি দিয়া যেন অনুভৱ হ’ল। তাইৰ পৰিয়ালটোৰ প্ৰতি প্ৰেৰণাৰ ইমান ঘৃণা! প্ৰেৰণাৰ বাবে সিহঁত তিনিটা যেন চকুৰ কুটা,দাঁতৰ শাল। মেলা মুখ মেলাতে থাকিল তৰাৰ। লুচিৰ টুকুৰাটো প্লেটত থৈ দিলে তাই। তিতা কেৰেলাতকৈও তিতা লগা কথা শুনি তাইৰ ভোক ক’ৰবাতে নাইকিয়া হৈ গ’ল। সিহঁতৰ বিলাসী আহাৰ গ্ৰহণ নকৰে তাই। সমুখৰ খাদ্যখিনি তাইৰ বাবে অখাদ্য যেনহে লাগিল।

চাদৰৰ আঁচলত হাতখন মচি তৰাই বেগখন বুকুত বান্ধি কাকো মাত নলগোৱাকৈ ঘৰৰ বাহিৰ ওলাল। বাহিৰৰ ৰ’দৰ পোহৰত তাই দীঘলকৈ উশাহ টানি ল’লে। নালাগে তাইক সহোদৰৰ সহায়। সন্তান জন্ম দিছে যেতিয়া তাই নিজৰ কষ্টোপাৰ্জিত ধনেৰে চিকিৎসা কৰিব। ওপৰত বহি থকাজনে তাইক নিশ্চয় বাট দেখুৱাব। আকাশলৈ চকু দিয়ে তৰাই। গেট খুলি  তাই দীঘল দীঘল খোজেৰে বাছ আস্থানলৈ বুলি বাট পোনালে।

One comment

  • বন্দিতা জৈন

    সুন্দৰ লেখা

    Reply

Leave a Reply to বন্দিতা জৈন Cancel reply

Your email address will not be published. Required fields are marked *