মৃত্যু এক আৰম্ভণি-শিবেশ দে                      

এয়া যৌৱন যাৰ সমদলত যোৱা শ্ৰেষ্ঠ সময়। 

এয়া যৌৱন যাৰ যুদ্ধত যোৱা শ্ৰেষ্ঠ সময়। 

ঋতু আহে ঋতু যায় 

ক্লান্ত পখী ঘৰলৈ উৰা মাৰে 

সূৰ্য্য ডুবা আকাশত জোনটি ভাহে 

পোহৰৰ চাকি জ্বলে 

সেই চহৰত বৰ্ষা  নামে 

প্ৰতিটো টোপালে টোপালে  

মোৰ তেজ গোট মাৰে । 

মই  কাহানিও দেখা নাই

বৰ্ষাসিক্ত খেতি পথাৰ 

দেখা নাই পথাৰৰ মাজত 

পৰি থকা ধৰ্ষিতা 

দেখা নাই তাৰ অসহায় 

পিতৃৰ বৃষ্টিত ভিজা মুখ 

মই কাহানিও দেখা নাই বৰ্ষাকালীন সন্ধিয়া 

কোনো বেশ্যাৰ দুখ,

বৰ্ষাসিক্ত চহৰখন আজি ৰক্তৰঞ্জিত 

লাঞ্ছিত বঞ্চিত নক্সালবাড়িৰ 

প্ৰতিটো উজাগৰী নিশা  আজি উদ্ভ্ৰান্ত । 

এপাহ ৰক্তকৰবীৰ সন্ধানত 

শ্মশানে কান্দে। 

মই অগ্নি শিখাৰ সন্ধানত 

ওলাই যাওঁ ফুটপাথে ফুটপাথে। 

হঠাৎ চকু পৰে 

শিমলু ৰঙা চাদৰ গাত 

মেৰিয়াই নৰ নাৰী সঙ্গম কৰে 

অপেক্ষাৰত

নতুন ভ্ৰূণৰ বাবে। 

মোৰ মৃত্যু ঘটে  

শ্মশানে মাতে 

শাসকৰ চিতা জ্বলে 

মাতৃৰ কোলাত নৱ প্ৰসৱিত শিশুৱে কান্দে 

সেয়া কান্দোন নহয় যেন 

শিশুটিয়ে  চিঞৰিছে কমৰেড

মৃত্যু এক আৰম্ভণি।

One comment

  • বন্দিতা জৈন

    ভাল লাগিল

    Reply

Leave a Reply to বন্দিতা জৈন Cancel reply

Your email address will not be published. Required fields are marked *