সংখ্যাটোৰ আঁৰৰ কথা (পৰিপূৰক লেখা)-অৰবিন্দ গোস্বামী

‘শব্দচিত্ৰ ই-আলোচনী’ৰ এই বিশেষ শিতানটিত প্ৰকৃততে সম্পাদক/সম্পাদিকা গৰাকীয়েহে লিখিব লাগে।কিন্তু এইবাৰ এই শিতানটোত লিখাৰ দায়িত্ব মোৰ ভাগতেই পৰাৰ আঁৰত অন্য এক কাহিনী আছে।সেয়ে লেখাটোক ‘পৰিপূৰক লেখা’ বুলিহে উল্লেখ কৰিলো।

আৰম্ভণিতে মই সেইসকল লেখক লেখিকাক ধন্যবাদ জনাব খুজিছোঁ,যিসকলে নিজৰ অমূল্য সময় খৰচ কৰি আমাৰ আলোচনীখনলৈ বুলি লেখা এটা যুগুত কৰি পঠিয়ালে।’শব্দচিত্ৰ আলোচনী টিম’ আপোনালোকৰ ওচৰত সদাকৃতজ্ঞ।

আলোচনীখনৰ দ্বিতীয় সংখ্যাটো প্ৰকাশৰ পিছতেই শ্ৰদ্ধাৰ ইলি তালুকদাৰ বাইদেউক আমি পৰৱৰ্তী সংখ্যাৰ আলোচনীৰ সম্পাদিকাৰ পদ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিলোঁ।বাইদেউ সহজেই মান্তিও হৈছিল।যিহেতু ফেছবুকত তেওঁক আমি প্ৰকৃততে সাহিত্য চৰ্চা কৰা দেখিছিলোঁ,গতিকে এই ক্ষেত্ৰত কিবা অসুবিধাও নহ’ব বুলি আমি আত্মবিশ্বাসী আছিলো।

একোটা সংখ্যাৰ আলোচনীখন প্ৰকাশৰ পিছতেই আমি পৰৱৰ্তী সংখ্যাৰ সম্পাদক/সম্পাদিকাৰ বাবে গ্ৰুপৰ কোনোবা এগৰাকী সন্মানীয় সদস্য/ সদস্যাৰ সৈতে কথা পাতি তেওঁৰ অনুমতিসাপেক্ষে যথোপযুক্ত সময়ত সম্পাদক/সম্পাদিকাৰ নাম ঘোষণা কৰোঁ।আলোচনী পুনঃ প্ৰকাশৰ ডেৰমাহ মানৰ আগতহে আলোচনী টিম সক্ৰিয় হৈ উঠে আৰু আলোচনীৰ বাবে লেখা বিচাৰি সম্পাদক/সম্পাদিকাগৰাকীয়ে গ্ৰুপত প’ষ্ট দিয়ে।

 ই-আলোচনীৰ বাবে ইলি তালুকদাৰ বাইদেউৰ নাম সম্পাদিকা হিচাপে ঘোষণা কৰাৰ পিছৰ কথা।এদিন  বাইদেৱে মোলৈ হঠাৎ ফোন কৰিলে।

: ভিনদেউৰ এটা অপাৰেশ্যন হ’ব বেঙ্গলোৰত।দুখৰ কথা যে আলোচনী প্ৰকাশ হোৱা দহ পোন্ধৰদিন আগৰেপৰা মই সম্পূৰ্ণ ব্যস্ত হৈ পৰিম।ভিনদেউক বেঙ্গলোৰলৈ লৈ যাব লাগিব।মই উপায়ন্তৰ হৈছো কাৰণ মানুহজনে বৰ ভয়ো খাইছে।বয়স হৈছে বাবে এতিয়া আগৰ সাহসো নাই।মোৰ মানসিক অৱস্থাও একেবাৰে ভাল নহয়।সেয়ে এইবাৰলৈ মোক ৰেহাই দিয়া।আন কোনোবা এজনকে সম্পাদক/সম্পাদিকা ঘোষণা কৰি দিয়া নহ’লে।

কথাষাৰ শুনি মোৰ নিজকে এট’ম ব’ম এটাৰ সন্মুখত পৰাৰ নিচিনাহে লাগিল।এতিয়া ইমান কম সময়ৰ ভিতৰত মই ক’ৰপৰা সম্পাদক এগৰাকী বিচাৰি আনো!বাইদেউৰ কথাৰপৰা বাইদেউৰ মনোদশাও বুজিলো।

বিপদৰ সময়ত মনক পাষাণৰদৰে কঠোৰ কৰি জীৱন সংগ্ৰামত অৱতীৰ্ণ হ’ব লাগে।মানুহৰ মানসিক শক্তিৰ ওচৰত জীৱনৰ সকলো বাধাই তুচ্ছ।ধনাত্মক চিন্তাধাৰাৰ এজন ব্যক্তিৰ কথা শুনি অথবা তেওঁৰ কৰ্মশক্তি দেখিও মানসিক শক্তি আহৰণ কৰিবপৰা যায়।সেয়ে মই মোৰ সৈতে থকা  কোনো মানুহক ইমান সহজে  হতাশ হ’বলৈ

নিদিওঁ।

বাইদেউক মই একে আষাৰে ক’লো—–

: আপুনি যিখিনি পাৰে তাকেই কৰক,কিন্তু শব্দচিত্ৰ ই-আলোচনীৰ তৃতীয় সংখ্যাৰ সম্পাদিকা আপুনিয়েই হৈ থাকিব।এবাৰ আপোনাক সম্পাদিকা ঘোষণা কৰা হ’ল যেতিয়া সেয়া কোনো কাৰণতে আমি সলনি নকৰোঁ।আপুনি ভিনদেউকো সময় দিয়ক।আপুনি যিখিনি  কাম কৰিব নোৱাৰিব,  মই আৰু আমাৰ টিমে স্বম্ভালি ল’ম।আপোনাৰ জীৱনলৈ বিপদ নামি আহিছে, আমি বুজিছো।সেইবুলিয়েই আপোনাক সম্পাদিকাৰ পদৰপৰা আঁতৰাব নোৱাৰোঁ।আপুনি আমাৰ ওপৰত ভৰষা ৰাখক।নিৰ্দিষ্ট তাৰিখ আৰু সময়ত আলোচনীখন প্ৰকাশ পাব—–নিশ্চিত থাকক।

সেইদিনা বাইদেৱে মোৰ কথা শুনি সম্পাদিকাৰ আসনত অধিষ্ঠিত হৈ থাকিবলৈ ৰাজী হ’ল যদিও মোক এই কথা সোঁৱৰাই থ’লে যে ৪/৫ জুলাইৰ পিছৰপৰা তেওঁ মোক কোনোধৰণৰ সহায় কৰিব নোৱাৰিব।ইয়াৰ উপৰিও বাইদেউৰ লগতে পেনেল আৰু আলোচনী টিমৰ সৈতে আলোচনা কৰি আলোচনীখনৰ মানদণ্ড উন্নত কৰিবৰ বাবে দুই এটা লেখা প্ৰয়োজনসাপেক্ষে অগ্ৰাহ্য কৰিবলৈও সিদ্ধান্ত গ্ৰহণ কৰা হ’ল।সিদ্ধান্ত কাৰ্যকৰী কৰা কঠিন আছিল কিন্তু আলোচনীখনক সৰ্বাঙ্গসুন্দৰ ৰূপ দিয়াৰ স্বাৰ্থত ই জৰুৰীও আছিল।যোৱা জুন মাহৰ ১৩ তাৰিখে মই ‘শব্দচিত্ৰ’ গ্ৰুপত দিয়া এটা প’ষ্টত এই বিষয়ে সবিশেষ লিখিছিলোঁ।ইয়াৰ আগলৈকে আলোচনীলৈ বুলি মাত্ৰ ৪ টা লেখাহে আহিছিল।

ইয়াৰ পিছত মাজে মাজে ইলি বাইদেৱে মোলৈ ফোন কৰি থাকিল ‘লেখা আহিছে নেকি’ বুলি…. কিন্তু  আলোচনীৰ বাবে সেইকেইদিন কোনো লেখা অহা নাছিল।নাই মানে নায়েই।এইবাৰ যে কেৱল বাইদেৱে ভয় খালে এনে নহয়,ময়ো ভয় খালো।কিন্তু মই নিজে ভয় খোৱা কথাটো বাইদেউৰ আগত লুকুৱাই ৰাখিলোঁ।হিচাপ কৰি চালো যে আলোচনীৰ বাবে লেখা পঠোৱাৰ শেষ তাৰিখলৈ ১৪ দিন বাকী আছে আৰু আলোচনী প্ৰকাশৰ বাবে আছে ২২ দিন।

: নাই…এনেদৰে নহ’ব।কিবা এটা কৰিব লাগিব।গ্ৰুপৰ সদস্য/সদস্যাসকলক পুণৰ এবাৰ সহযোগিতাৰ বাবে অনুৰোধ জনোৱা যাওক।

অৱশেষত ২৩ জুন তাৰিখে মই গ্ৰুপত পুণৰ গোহাৰি জনালোঁ।ইলি তালুকদাৰ বাইদেউক আমনি কৰাৰ ইচ্ছা নাছিল।ইয়াৰোপৰি মোৰ গ্ৰুপৰ সদস্য/সদস্যাসকলৰ ওপৰত বিশ্বাস আৰু আস্থা আছিল অটুট আৰু অপৰিসীম।বিশ্বাস কৰিছিলো যে আলোচনীৰ বাবে লেখা মানদণ্ডৰ ভিত্তিত নিৰ্বাচন কৰিলেও ৰাইজে লেখা পঠাবই।ৰাইজৰ ‘শব্দচিত্ৰ’ গ্ৰুপৰ প্ৰতি থকা মৰম দেখি মোৰ দুটা বৰ্ষত গঢ়ি উঠা বিশ্বাস এয়া, এই বিশ্বাস ভঙ্গ হ’ব নোৱাৰে।

মোৰ বিশ্বাসক সত্য প্ৰতিপন্ন কৰি গোহাৰি জনোৱাৰ দিনাই নিশা ১১ বজাৰ ভিতৰত সৰ্বমুঠ ৫ টা লেখা আহিল।মই লগে লগে ইলি বাইদেউলৈ মেছেজ কৰি কথাষাৰ জনোৱাৰ লগতে লেখাকেইটাও বাইদেউলৈ পঠাই দিলো।ইয়াৰ পিছত লেখা অহা স্তব্ধই নহ’ল….আহিয়েই থাকিল।বাইদেউও উৎসাহিত হ’ল যাদু দেখি।বাইদেউলৈ মই লেখাবোৰ পঠাই থাকিলো।দুই এটা লেখাহে বাইদেৱে বৰ্ণাশুদ্ধি টিমক দিলে।নিজৰ পৰিয়ালটোলৈ এক দুৰ্যোগ নামি অহাৰ সময়তো তেওঁ বেঙ্গলোৰলৈ যোৱাৰ আগলৈকে প্ৰায় ২৫ টা মান লেখাৰ বৰ্ণাশুদ্ধি নিজে কৰি মোৰ হাতত জমা দিলে।সঁচা কথা ক’বলৈ গ’লে এয়া সকলোৰে পক্ষে সম্ভৱো নহয়।

        ইয়াৰ মাজতে এটা অত্যন্ত জৰুৰী কথা উল্লেখনীয়।আলোচনীখনৰ এক বিশেষ শিতান ‘সাক্ষাৎকাৰ’ যুগুত কৰি দিবলৈ গ্ৰুপৰ সক্ৰিয় সদস্যা শ্ৰদ্ধাৰ কুমকুম দেৱী শৰ্মাবৰুৱা বাইদেৱে দায়িত্ব  লোৱাত মোৰ এটা অতিৰিক্ত বোজা কমিল।বিশিষ্ট শিক্ষাবিদ,লেখক, সমাজ সংগঠক তথা ‘অসম সাহিত্য সভা’ৰ প্ৰাক্তন উপ -সভাপতি ড০ ভূপেন শইকীয়াদেৱৰ সাক্ষাৎকাটো যথা সময়ত যুগুত কৰি দিয়াৰ বাবে সন্মানীয় সম্পাদিকাৰ তৰফৰপৰা কুমকুম বাইদেউক আন্তৰিক ধন্যবাদ জনোৱাৰ লগতে ব্যক্তিগতভাৱেও মই বাইদেউক আন্তৰিক ধন্যবাদ জনাইছোঁ।

যি কি নহওক,ইলি বাইদেউ বেঙ্গলোৰলৈ যোৱাৰ আগত ৫ জুলাই তাৰিখে মোলৈ মেছেজ কৰিলে—–

“আজিৰপৰা তোমাৰ হাতত সঁপিলোঁ।”

ইয়াৰ পিছতো লেখা আহিল কাৰণ ৭ জুলাইলৈকে সময় আছিল।ইলি বাইদেৱে মোক জনাইছিল যে লেখাবোৰৰ যদিও বৰ্ণাশুদ্ধি কৰা হৈছে তথাপি তুমি এবাৰ পুণৰীক্ষণ কৰিবা।

ইলি বাইদেউ বেঙ্গলোৰলৈ যোৱাৰ পিছত মই বাইদেউৰ কথা ৰাখি যথাসম্ভৱ প্ৰতিটো লেখাই পুণৰীক্ষণ কৰিলো।নতুনকৈ অহাখিনিৰো কিছুমানৰ বৰ্ণাশুদ্ধি নিজে কৰিবলগা হ’ল।বৰ্ণাশুদ্ধি টিমৰ সহায়ৰ অবিহনে এয়া অকলে সম্ভৱপৰ নাছিল।জ্যোৎস্নাৰাণী দাস আৰু কুমকুম দেৱী শৰ্মাবৰুৱা বাইদেউলৈও দুই এটা লেখা বৰ্ণাশুদ্ধিৰ বাবে পঠাবলগীয়া হ’ল।বৰ্ণাশুদ্ধি টিমত চিত্ৰলেখা দেৱী,কুশল মহন্তৰ সহায়ৰ কথাও এই ক্ষেত্ৰত উল্লেখনীয়।এই সকলোৱে বৰ্ণাশুদ্ধিৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱা বাবে সম্পাদিকাৰ তৰফৰপৰা তেওঁলোকলৈ ধন্যবাদ জনোৱাৰ লগতে মই আটাইকেইগৰাকীলৈ ব্যক্তিগতভাৱে আন্তৰিক ধন্যবাদ জনালোঁ।

ইয়াৰ লগে লগে দেৱজিতকো আলোচনী প্ৰকাশৰ তাৰিখ জনোৱা হ’ল।আমাৰ কাৰিকৰী বিভাগটো দেৱজিত শৰ্মাই অকলেই স্বম্ভালি আছে।দেৱজিতৰ এটা কথাই মই খুব ভাল পাওঁ।সেয়া হ’ল যেতিয়াই প্ৰয়োজন হয়, তেওঁ একটিভ হৈ যায়।দেৱজিতৰ লগত আলোচনী প্ৰস্তুতিৰ শেষৰ দিনকেইটাত কাম কৰাৰ মজাই বেলেগ।মাজে মাজে ধেমালীও চলি থাকে।এতিয়া ময়ো লেপটপত কামবোৰ শিকিবলৈ আৰম্ভ কৰিছো যদিও এতিয়াও সকলোখিনি সম্পূৰ্ণকৈ শিকিব পৰা নাই।দেৱজিত আৰু মোৰ দুয়োৰে সময়ৰো অভাৱ।তাতে দুয়ো থাকোঁ দুখন বেলেগ ঠাইত।অৱশ্যে মই যিমান শিকিলেও ‘শব্দচিত্ৰ আলোচনী’ৰ কাৰিকৰী বিভাগটো এইজনাৰ ওপৰতে ন্যস্ত থাকিব,মুক্তি দিয়া নহয়।

পিছে এইবাৰ আলোচনী প্ৰকাশৰ তিনিদিন আগতে অৰ্থাৎ ১৩ জুলাই তাৰিখে ৰাতি দেৱজিতেও মোক ভয় খুৱালে।

: দাদা মোৰ লেপটপটো বেয়া হৈছে,ভাল কৰিবলৈ দি থৈছো।

কি কৰোঁ এতিয়া!অলপ অসহায় বোধ কৰিলো যদিও নিজৰ দুৰ্বলতা দেখুৱাই দিয়া মানে আনকো দুৰ্বল কৰি তোলা।ইলি বাইদেউ অনুপস্থিত যেতিয়া দায়িত্ব মোৰ ওপৰতে।সেয়ে দেৱজিত আৰু মোৰ মাজৰ কথোপকথন আমাৰ মাজতেই সীমাবদ্ধ ৰাখিলোঁ।সেইদিনা ৰাতি বিকল্প ব্যৱস্থা চিন্তা কৰি থাকিলো।দেৱজিতে অৱশ্যে কৈছিল যে লেপটপটো সোনকালে ভাল হ’ব।তথাপি বিকল্প চিন্তা কৰি থোৱা ভাল।

 ১৪ জুলাইৰ সন্ধিয়ালৈকে বিকল্পৰ সন্ধান পালো।মোৰ সহকৰ্মী এজনৰ ভায়েকক সমস্যাটো বুজাই ক’লো আৰু তেওঁ প্ৰয়োজনসাপেক্ষে সহায় কৰিবলৈ মান্তি হ’ল।তেওঁ আমাৰ ঘৰলৈ আহিল।দেৱজিতলৈ ফোন লগালো।দেৱজিতে একেলগে দুটা খবৰ দিলে—এটা ভাল আৰু এটা বেয়া।বেয়া খবৰটো হৈছে দেউতাকৰ অলপ অসুখ,যাৰ বাবে তেওঁক চেলাইন দিবলগা হৈছে আৰু ভাল খবৰটো হ’ল লেপটপটো ভাল হৈছে।

যি কি নহওক,ৰক্ষা পালো।ৰাতিৰপৰা দেৱজিত একটিভ হৈ কাম আৰম্ভ কৰিলে।মাজে মাজে ময়ো লেপটপ খুলি চাই থাকিলো….আপলোড এটা দুটাকৈ হৈ আছে।মনটো ভাল লাগিল।সেইদিনা ৰাতিহে মনত পৰিল যে এইবাৰ আলোচনীৰ ক’ভাৰ ফটো বনোৱাই নাই।সেয়ে মোৰ প্ৰতিবেশী প্ৰাঞ্জলদালৈ লগে লগে ৰাতি ১১ বজাত ফোন লগালো।জানো,তেওঁ সোনকালে শোৱা মানুহ নহয়।ৰাতি এক ডেৰ বজালৈকে সাৰে থাকি কাম কৰে।

: প্ৰাঞ্জলদা মোক ফটো দুখন বনাই দিব লাগে।

: তোৰ ফটো নে মোৰ ফটো?

: ধেই! ৰাতিখন কি ধেমালী কৰে?

: তই বাক্যটো শুদ্ধকৈ কৈছ জানো?

: হ’ব, এতিয়া ৰাতি ব্যাকৰণ নপঢ়ো।

এজন ধেমেলীয়া দাদা।দেৱজিত,প্ৰাঞ্জলদা….এইসকলৰ নাম বৰকৈ লোৱা নহয় যদিও এওঁলোকে আমাৰ আলোচনীখনৰ সেইখিনি কাম কৰে,যিখিনি আমি কৰিব নোৱাৰোঁ।কোৱা বহুত সহজ,কিন্তু কামৰ সময়ত মানুহে গা এৰা দিয়ে।কিন্তু এই দুজন সঁচাই ব্যতিক্ৰম।দুয়োজনাই আঁৰকাপোৰৰ আঁৰতেই থাকিব বিচাৰে।দুয়োলৈ সন্মানীয়া সম্পাদিকাৰ তৰফৰপৰা ধন্যবাদ জনোৱাৰ লগতে মই ব্যক্তিগতভাৱেও দুয়োলৈকে আন্তৰিক ধন্যবাদ জনালোঁ।

ইয়াৰোপৰি এইবাৰৰ আলোচনী টিমত আছে হেমন্ত কাকতি দাদা,সমীৰণ শৰ্মা,কমলা দাস বাইদেউ,কুঞ্জ খাউণ্ড বাইদেউ,মানস শইকীয়া দাদা,বন্দিতা জৈন আৰু ডলী তালুকদাৰ।

সকলোলৈকে সন্মানীয়া সম্পাদিকাৰ তৰফৰপৰা আন্তৰিক কৃতজ্ঞতা জনোৱাৰ লগতে ব্যক্তিগতভাৱেও মই সকলোলৈকে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলো।

শত-সহস্ৰ বাধাৰ মাজতো আমাৰ ই-আলোচনীখন সদায় জিলিকি থাকক আৰু প্ৰতিটো সংখ্যাই হৈ উঠক সৰ্বাঙ্গসুন্দৰ।তাৰেই কামনা কৰিলো।

                        

                        ॥জয়তু শব্দচিত্ৰ॥

4 Comments

  • বন্দিতা জৈন

    সুন্দৰ। সংখ্যাটোৰ আঁৰত ইমানবোৰ কথা সোমাই আছে পঢ়িহে গম পালোঁ। সকলোৰে কষ্টবোৰ সফল হোৱা বাবে বহুত ভাল লাগিছে। সকলো কষ্টৰ মাজত এখন সফল আলোচনী আগবঢ়োৱা বাবে সকলো কৰ্ম _কৰ্তা লৈ বহুত বহুত ধন্যবাদ জনালো।

    Reply
  • চন্দামিতা শৰ্মা

    সংখ্যাটোৰ আঁৰৰ কথা জানি ভাল লাগিল

    Reply
  • সকলোৰে কষ্টখিনি সাৰ্থক হওঁক, তাৰেই কামনা কৰিলোঁ।

    Reply
  • ভাল লাগিল কথাখিনি জানিব পাৰি।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *