অপ্ৰকাশ্য বিষাদ-কৰবী দেৱী

গছৰো হেনো বিষাদ আছে

অপ্ৰকাশ্য বিষাদ

মঙহত কুঠাৰাঘাত কৰিলেও

ডালবোৰত কটাৰীৰ ঘাপ পৰিলেও

গছবোৰ স্থিতপ্ৰজ্ঞ। 

চিঞৰি কান্দিব নোৱাৰাৰ দোষত

আঘাতপ্ৰাপ্ত স্থানত ৰক্তহীনতাৰ অভাৱত

বিষাদবোৰ মৌনতাৰ বুকুতে জাহ যায়।

তথাপি গছ জী থাকে, 

জীয়াই ৰাখে ছাঁ বতাহৰ শীতলতাৰে

কুঠাৰাঘাত কৰাজনকে । 

মদৰুৱা বৰণক  ছাইৰঙে গ্ৰাস কৰিলেও 

হালধীয়া পাতবোৰ জৰজৰকৈ সৰিলেও 

গছ নাভাগৰে,  

জী থাকে জীয়াবৰ বাবে 

বুকুৰে শিপোৱা ফেৰেঙনিবোৰত 

সপোনে গঁজালি মেলে, হেঁপাহে গুণগুণাই 

বসন্তৰ সেউজীয়া কুঁহিপাতৰ আশাত।

One comment

  • বন্দিতা জৈন

    হয়। সুন্দৰ গছৰো প্ৰাণ থাকে। তাৰবাবেই জীৱিত প্ৰাণীৰ বন্ধু।

    Reply

Leave a Reply to বন্দিতা জৈন Cancel reply

Your email address will not be published. Required fields are marked *