দৃষ্টিৰ ভাষা-হৰগোবিন্দ দাস

নিম্ন মধ্যবিত্ত পৰিয়ালৰ একাদশ শ্ৰেণীৰ ছাত্ৰী মনালিছাই কলেজৰ পৰা আহি মাকক ক’লে – “ মা, ছোৱালীবোৰ দেখিবলৈ ভাল হোৱাটোও অপৰাধ নেকি বাৰু?ৰাস্তাই- ঘাটে জুম পাতি থকা ল’ৰাবোৰে চিৰিয়াখানাৰ জীৱ-জন্তু চোৱা দি যেনেকৈহে চায়,কলেজতো একেই অৱস্থা।মই বৰ অশান্তি পাওঁ মা।”

জীয়েকৰ কথা শুনি মাকৰ অতীতৰ স্মৃতিবোৰে যেন সাৰ পাই উঠিল।সেই সময়ত তায়ো কিছুমান মানুহৰ চাৱনিতেই নিজকে ধৰ্ষিতা হোৱা যেন অনুভৱ কৰিছিল।

One comment

Leave a Reply to Mitali Bhagawati Cancel reply

Your email address will not be published. Required fields are marked *