সপোন-হৰিচন্দ্ৰ ডেকা

কেতিয়াবা জানো কি হৈ যায়

পলকতে একো গম নোপোৱাকৈ

মিঠামিঠা লগা কথাবোৰ

সাৰ পালেই নোহোৱা হৈ  যায়।

মধুৰ স্বপ্নৰ অন্ত হ’লেই

পোহৰৰ মায়াজালত

ধুৱঁলী-কুৱঁলী হৈ পৰে

আশাৰ সপোনবোৰ,

যেনি তেনি খেপিয়াবলৈ চাওঁ

কিজানি কৰবাত দেখা পাওঁ,

জেকা লগা হিয়াখনৰ

শেলুৱৈ ধৰা কুঠৰিৰ মাজতে

জানোচা বাহ পাতি আছে।

তথাপি জাৰি জোকাৰি 

আকৌ উলিয়াই লওঁ

মোৰ আলফুলীয়া স্মৃতিবোৰ

কিজানি হিয়াৰ মণিকোঠাত 

আছে এতিয়াও ঠেহ পাতি।

One comment

Leave a Reply to বন্দিতা জৈন Cancel reply

Your email address will not be published. Required fields are marked *