ভগ্ন সপোন-নিবেদিতা শৰ্মা

দুৱাৰ খনত আউজি স্হবিৰ হৈ পৰিছিল মল্লিকা।অলপ আগতে পাৰ হৈ যোৱা ধুমুহাজাকে বিধ্বস্ত কৰি থৈ গ’ল তাইৰ সকলো আশা-আকাংক্ষা,ঘৰ-দুৱাৰ,হেঁপাহ…. সকলো।হেপাঁহৰ ঘৰখন সাজিবলৈ তাই বহুত কষ্ট কৰিছিল ,এটাই আশা আছিল অতীতৰ দুখ-যন্ত্ৰণাবোৰে যাতে মল্লিকা আৰু ৰাতুলৰ সংসাৰখনত অকণো আউল লগাব নোৱাৰে।

ৰাতুলে এটা কোম্পানীত চাকৰি কৰি ঘৰখন নিয়াৰিকৈ চলাই নিছে যদিও মল্লিকাই সিহঁতৰ ল’ৰা-ছোৱালী দুটাই যাতে টকা পইচাৰ বাবে কষ্ট নাপায়,সেই নিমিত্তে ৰাতুলক সহায় কৰিবৰ বাবে ছাগলী,হাঁহ ,মুৰ্গী পোহাৰ লগতে কাপোৰ বোৱা,চিলাই কৰা কাম আদি কৰি দিনটো সেইবোৰৰ লগতে ব্যস্ত হৈ থাকে।তাইৰ এটাই চিন্তা, সিহঁতৰ হেঁপহৰ ঘৰখন সদায় ফুলে-ফলে জাতিস্কাৰ হওক।তাৰবাবে যিমান কষ্ট কৰিব লাগে তাই কৰিব।

ৰাতুলে অফিচৰপৰা আহি মল্লিকাক পানী এগিলাচ খুজি বহুত সময় ৰোৱাৰ পিছতো পানী নাপাই মল্লিকাক গালি দিব ধৰিলে…..

: দিনৰ দিনটো কষ্ট কৰি আহি এগিলাচ পানী খুজিও তোমাৰ পৰা আশা কৰিব নোৱাৰো নেকি!মোৰ টকাৰে সুন্দৰকৈ ঘৰখন চলি থকাৰ পিছতো তুমি হাঁহ,ছাগলী পুহি কষ্ট কৰাৰ কি অৰ্থ আছে,যাৰ বাবে তুমি মোক পানী গিলাচো দিবলৈ সময় নাই?

ৰাতুলৰ আগত পানীৰ গিলাচটো ৰাখি মল্লিকাই মিচিকিয়াই ক’লে…..

: তুমি নুবুজিবা এই কষ্ট মই কিয় কৰিছোঁ । তোমাৰ চাকৰিৰ টকাৰে খোৱা-বোৱা,ল’ৰা ছোৱালীহালৰ স্কুলৰ মাচুল দিবলৈ ঠিকেই জোৰে,কিন্তু এইবোৰৰ উপৰিও আজিৰ সময়ৰ লগত নিজকে খাপ খুৱাই চলিবৰ বাবেহে মই এইবোৰ কাম কৰোঁ । 

ৰাতুলেও বিচাৰে মল্লিকাক অফিচৰ শইকীয়াৰ ঘৈণীয়েক ,গগৈৰ ঘৈণীয়েকৰ দৰে লাহ-বিলাসৰ জীৱন এটা দিবলৈ, কিন্তু! মাহৰ অন্তত যি কেইটা টকা পাই দোকানৰ বাকী,স্কুলৰ মাচুল ,লাইটৰ বিল,গেচ ,আদি বোৰ দি পিচৰ মাহলৈ আকৌ গেলামালৰ দোকানত বাকী কৰিব লগা হয়।

মল্লিকাই ল’ৰা-ছোৱালী দুটাৰ জাজ মাৰি ঘৰৰ সকলো কাম কৰাৰ লগতে ছাগলী, হাঁহ ,পাৰ ,কাপোৰ বোৱা কাম কৰাৰ বাবে তাইৰ কিমান কষ্ট হয় ৰাতুলে বুজি পায়। সিও অনুভৱ কৰে,হয় আজিৰ সময়ৰ লগত খোজ মিলাই সমাজত চলিবলৈ মল্লিকাই কৰা চিন্তা অমূলক নহয়।তথাপি তাইৰ কষ্ট দেখি তাৰো বেয়া লাগে । 

সময়বোৰ আগুৱায়।মল্লিকাৰ সপোনবোৰো বাঢ়ি যায়। ফুলগছবোৰ পোখা মেলি বাঢ়ি আহে । তাইৰ সন্তান দুটা ডাঙৰ হ’ব,ভৱিষ্যতে সিহঁতে নদীৰ দৰেই,এখন আকাশৰ দৰেই নিজস্ব এটা পৰিচয় ল’ব।তাৰ বাবেই তাইৰ এই সংগ্ৰাম।পথাৰখনৰ সিপাৰে আকাশৰ সীমনা।মল্লিকাই আকাশৰ ৰং চাব খোজে।ৰামধেনুৰ ৰং।পাৰিলে আকাশ চুই চাব খোজে।আকাশ চুব নোৱাৰে জানে তাই ,কিন্তু আকাশৰ দৰে জীৱনটো নীলাভ কৰিবতো পাৰে!যি জীৱনে  ৰাতুল আৰু মল্লিকাক হাঁহিবলৈ শিকাব । 

আবেলিৰ আকাশলৈ চাই থকা মল্লিকাক সান্তনা দিয়ে ৰাতুলে ―

: ইমান বেছি আশা নকৰিবা, আশাবোৰ ঠুনুকা।সহজতে ভাঙি যায়,ভাঙি গলে কষ্ট পাবা।

: আশা এটা থকা ভাল।সেই আশাই জীৱন গঢ়ে।সপোনৰ ঘৰখন সাজে।

: আবেগেৰে বাস্তৱ গঢ়িব নোৱাৰি।কেতিয়াবা নদীৰ গৰা খহি পৰে।

: নদীৰ গৰা খহে বুলি নৈ পৰীয়া মানুহ গুচি নাযায়।নদীৰ মাথাউৰিথো মজবুত কৰি বান্ধিব লাগিব।

অনাগত ভৱিষ্যত টোৰ লগত মোকাবিলা কৰিবলৈ তাই সাজু হয়।তাই বুজে মানুহজনে নুবুজে।

: কি ভাবিছা?

আকৌ ৰাতুলৰ মাত।জীৱনটোক সহজভাৱে ল’ব বিচৰা এজন মানুহ।যি জীৱনত হাৰি গলেও বেদনা নাপায়।

: ক’ত ভুল হ’ল ভাৱিছোঁ।মই বিচৰা সেই নদী খন,আকাশখন,সেই হেঁপাহৰ ঘৰখন হেৰাই গ’ল ক’ত?

: হয়তো ক’ৰবাত ভুল হ’ল।আমি হয়তো এটা অন্ধকাৰ বাট পোহৰাবলৈ অতীতৰ চিন্তাৰেই আগবাঢ়িলোঁ। পৰিৱৰ্তনে আনি দিয়া ভৱিষ্যত এটা বাটৰ সন্ধানেই নাপালোঁ।

মানুহ জনে হয়তো এটা দৰকাৰী কথাই কৈছে ।বৰ্তমানৰ পৰা ভৱিষ্যতলৈ যোৱাৰ এই বাটটো তাই কিমাননো  চিনি পায়?তাই সীমিত জ্ঞান,সীমিত উপাৰ্জনেৰে ল’ৰা ছোৱালী দুটাক কিমাননো সাৰ-পানী যোগান ধৰিব পাৰিলে?জোনাকী বাট এটাৰ বাবে জোনাকী মন এটাও লাগিব।অভাৱ অনুভৱ নকৰা এটা মন।কিন্তু এই যে তাইৰ  সংগ্ৰামৰ অমাৱস্যা  আঁতৰাই জোনাক অনাৰ.. তাৰ সৃষ্টি ক’ত?কিয় দুখকে অতীতৰপৰা তাই কঢ়িয়াই লৈ ফুৰিছে বৰ্তমানলৈকে।চূৰমাৰ হৈ যাব খোজে বুকুখন, যন্ত্ৰণাত তাই উচুপি উঠে।কোনেও নুবুজে তাই শূণ্য হৈ পৰা হৃদয়খনৰ কথা।বান্ধৱী নীলিমাৰ কথা মনলৈ আহে তাইৰ,অপ্ৰাপ্তিতে শান্তি আছে।তাই নিঃসন্তান।তথাপি তাই আকাশৰদৰেই হাঁহে ,নৈৰ দৰেই চঞ্চল হৈ থাকে।

 আজিকালি মল্লিকাৰ সন্মুখত এখন ধূলিয়ৰি আকাশ। তথাপি তাই হতাশ নহয়।আশাবুলীয়া নৈখনৰ কাষে কাষে তাই গৈ থাকে।তাৰপৰাই তাইৰ কাষলৈ আহে এটা সুঠাম ডেকা,উজ্জ্বল সপ্ৰতিভ।গাম্ভীৰ্যতাৰে যি মল্লিকাৰ চৰণ চুইছে, হয় হয় লৰাটোৱে এটা নিজস্ব পৰিচয় লৈছে।কাষ চাপি মল্লিকাই তাক সাৱটি লব খোজোতেই এটা আস্ফালন ,এটা ভূমিকম্প, খুৱাব পিন্ধাব নোৱাৰ যদি জন্ম দিছিলি কিয়?সেইটো তাইৰ ককায়েক। অভাবী সংসাৰত অভ্যস্ত হ’ব নোৱাৰি ড্ৰাগছ আসক্ত ককায়েকে সদায় মাকক টকা দাবী কৰে, তাই বাৰাণ্ডাৰ খুটাটোত ধৰি ভয়তে কান্দে।মাকজনীৰ ইমান দুখ। 

কথাবোৰ পকতিয়াই থাকোতেই ভিতৰত বাচন ভঙাৰ শব্দ।আকৌ মুখামুখি অতীতৰ লগত।গাৰ কাষৰে বীৰৰ দৰে দপদপাই ওলাই যোৱা তাইৰ মৰমৰ পোনাটোৰ সেই ভয়ংকৰ আস্ফালন,কলেজ যাবলৈ বাইক এখন দিব পৰা ক্ষমতাই নাছিল যদি জন্ম দিবই নালাগিছিল।এটা ভূমিকম্পৰ আগজাননী ।

বাৰাণ্ডাৰ চকীখনত ধমহকৈ বহি পৰিল মল্লিকা । যিটো অতীতৰ মুখামুখি ন’হবলৈ তাইৰ ইমান

টনা-আঁজোৰা,ইমান কষ্ট সকলো ধুলিসাৎ হ’ল।মল্লিকাৰ এনে লাগিল এয়া তাই নহয়।তাই যেন তাইৰ মাকলৈ ৰূপান্তৰ হৈ গৈছে।অদূৰত ৰৈ থকা মাকৰ দুখ বুজিবলৈ চেষ্টা কৰা মল্লিকাই উপলব্ধি কৰিছে মাকৰ বেদনাৰ কথা।দুইজনী মাক যেন সংগ্ৰামী সাকোঁডালৰ দুই মূৰে ৰৈ আছে ।বুকুখন খুন্দিয়াই তাই কান্দিবলৈ ধৰিলে….

ক’ত আছে মোৰ মৰম আৰু হেপাঁহৰ ঘৰখন?কিয় এনেকৈ সপোনবোৰ ভাঙি যায় !!

3 Comments

Leave a Reply to Kumkum Sarmabaruah Cancel reply

Your email address will not be published. Required fields are marked *