প্ৰেম এক সত্তা-মাতু কুকুৰাচোৱা

প্ৰেমৰ অবিহনে মানুহৰ জীৱনটো কেনে হ’লহেঁতেন বাৰু? এটা আবেগ, অনুভূতিহীন জীৱন! ৰুক্ষ, খৰাং মন আৰু যে কত কি!

কাৰ হৃদয়ৰ দুৱাৰত প্ৰেমে কেতিয়া টুকুৰিয়াই কোনেও ক’ব নোৱাৰে। নোখোলাকৈ থাকিম বুলি ভবাজনৰো যেতিয়া সেই দুৱাৰ খোল খায়, এজাক মলয়াই শীতল কৰি তোলে মনৰ আকাশ। চৌপাশৰ সেউজীয়াবোৰে বুকুলৈকে শিপায়। সদায় দেখি থকা বনৰীয়া ফুলপাহেও অনন্য ৰূপত ধৰা দিয়ে প্ৰেমিকৰ মনত। দুটা ভিন্ন মন এক হৈ একেদিশে চাবলৈ ধৰে । ঠিক নদীয়ে সাগৰলৈ চোৱাৰ দৰে!

কেণা সকলোতে লাগে। প্ৰেমতো লাগে। ভুল বুজাবুজিৰ ফলতেই হওক বা নতুনত্ব বিচাৰিয়েই হওক প্ৰেমৰ সম্পৰ্ক ছিঙি যেতিয়া এজন আঁতৰি যায় আনজন ভাগি পৰে। ভাগি পৰা জনৰ বুকুৰ সেউজীয়াবোৰে ৰং সলাই কেঁহেৰাজ বৰণ লয়। আতঁৰি যাবলৈ বিচৰাজনক নানান প্ৰকাৰে বান্ধি ৰাখিবলৈ চেষ্টা কৰে। কোনো সময়ত ছল প্ৰয়োগ কৰি বা মিছাৰ আশ্ৰয় লৈ হ’লেও প্ৰেমক ধৰি ৰাখিব বিচাৰে। কিন্তু জোৰ কৰি ধৰি ৰাখিবলৈ প্ৰেম জানো বস্তু বা অন্য সামগ্ৰী! প্ৰেম কেৱল এক অনুভূতি।

প্ৰেমৰ কথা আহিলেই ৰাধা কৃষ্ণৰ প্ৰেমে মনক প্ৰেমময় কৰি তোলে।

যেতিয়া ৰাধাই কৃষ্ণ দ্বাৰকালৈ যাব বুলি শুনিলে, সেই কথা শুনাৰ পাছত উত্ৰাৱল হৈ পৰিল। ৰাধাই কৃষ্ণক ধৰি ৰাখিব বিচাৰিছিল। বাউলী হৈছিল ৰাধা। কৃষ্ণই ৰাধাৰ মন বুজিব পাৰি ৰাধাক কৈছিল,

“কিয় অধীৰ হৈছা ৰাধা? অধীৰতাত তুমি প্ৰেমৰ প্ৰকৃত স্বৰূপ পাহৰি গৈছা। তুমি মোৰ সকলোতে আছা অথচ বান্ধোনেৰে ৰাখিব খুজিছা! এয়া জানো প্ৰেম! ৰাধা, প্ৰেমক জোৰ কৰি কোনেও পাব নোৱাৰে। ছল কৰিও পাব নোৱাৰি বা মিথ্যাতো প্ৰেম নহয়। বান্ধোনত প্ৰেম নাথাকে। প্ৰেম স্বস্তঃস্ফূৰ্ত্ত অনুভূতি। ভালপোৱাজনৰ অন্তৰৰ গভীৰতাত প্ৰেম প্ৰবাহিত হয়। যাৰ প্ৰেমত গভীৰতা থাকে, তেওঁৰ জানো হেৰুওৱাৰ ভয় থাকে। তুমি মই তোমাৰপৰা আতঁৰি তোমাক পাহৰি যাম বুলি ভাবিছা নহয় জানো? কিন্তু মই তোমাক সুধিছো ৰাধা, মনৰ কাষত থকাজনক জানো পাহৰিব পাৰি? শুনা ৰাধা, সেইজনকহে পাহৰি যোৱা যায়, যাক মনত পেলাবলগীয়া হয়। তুমি মোৰ হৃদয়ত আছা।তথাপিও মই তোমাক পাহৰি যাম বুলি তোমাৰ মনত উৎপন্ন হোৱা ভয় ভাঙিব খুজিছোঁ। শুনা ৰাধা, কোনোজনে যদিও প্ৰেমক নেওচি ভালপোৱাজনক এৰি যাবলৈ বিচাৰে,তেওঁক বাধা দিয়াৰ জানো কাৰণ থাকে? জোৰ কৰি ৰাখিবলৈ বিচৰাতকৈ তেওঁক যাবলৈ দিব লাগে। কিয় জানা ? স্বাধীনতা সকলোৰে প্ৰিয়। বান্ধোন কোনেও ভাল নাপায়।” 

বহু সময়ৰ পাছত ৰাধাই ক’লে,

“কিন্তু কানাই, প্ৰেমৰ বান্ধোনেৰে দুয়োজনেই বান্ধ খাই থাকে। এজন আঁতৰি গ’লে আনজনৰ কৰণীয় কি? মোক বুজাই কোৱা কানাই।” 

কৃষ্ণই হাঁহি মাৰি ৰাধাক ক’লে,

“নিস্বাৰ্থৰূপে ভালপোৱা। আতঁৰি যোৱাজনক যাবলৈ দিয়া। তেওঁ কাষত নথকাৰ সময়ত তেওঁক নিস্বাৰ্থভাৱে ভালপোৱা। কোনো আশা নৰখাকৈ ভালপোৱা। স্বাৰ্থ আঁতৰি যাব প্ৰেম ঘূৰি আহিব। আৰু  নিস্বাৰ্থ প্ৰেমে তোমাৰ মনক প্ৰসন্ন কৰি ৰাখিব।”

তেতিয়াও ৰাধাৰ বিষন্ন ৰূপ দেখি কৃষ্ণই পুনৰ ক’লে,

“ৰাধা প্ৰেম হেৰাই যাব বুলি ভয় খোৱাৰ কাৰণ কি জানা? বিশ্বাসৰ অভাৱ হোৱা। যত বিশ্বাস থাকে তাত হেৰুওৱাৰ ভয় নাথাকে।”

এটা সময়ত কৃষ্ণই ৰাধাক এৰি দ্বাৰকালৈ ৰাওনা হ’ল। ৰাধা অকলে থাকিল কৃষ্ণৰ অবিহনে। কিন্তু ৰাধাৰ মনত কৃষ্ণক হেৰুওৱাৰ ভয় নাছিল, আছিল অগাধ বিশ্বাস। কৃষ্ণক এদিন হ’লেও লগ পোৱাৰ বিশ্বাস। ৰাধাৰ বিশ্বাস ভুল নাছিল। অন্তিম সময়ত কৃষ্ণৰ কোলাতে ৰাধাই জিৰণি লৈছিল। 

সেয়াই প্ৰেমৰ মহিমা। নিস্বাৰ্থ প্ৰেম  কেতিয়াও অথলে নাযায়। ভালপোৱাজন কাষত নাথাকিলেও প্ৰেম কমি নাযায়। বৰং ভালপোৱা জনৰ সুখৰ বাবে অন্তৰৰ গভীৰতাৰ পৰা ওলোৱা শুভ কামনা বোৰে প্ৰেম বঢ়াই তোলে। যদি আতঁৰি গ’ল বুলিয়েই কোনোৱে ভালপোৱা জনৰ অহিত চিন্তা কৰিব পাৰে, তেনে সেয়া স্বাৰ্থ ৰহিত প্ৰেম নহয়। নিস্বাৰ্থভাৱে প্ৰেম কৰাজনেহে ত্যাগ কৰিব পাৰে।

************

One comment

  • বন্দিতা জৈন

    বাহ, সুন্দৰ

    Reply

Leave a Reply to বন্দিতা জৈন Cancel reply

Your email address will not be published. Required fields are marked *