কন্যা-মানসী শৰ্মা

হৃদয় জুৰোৱা গান এটা হৈ

আহিলা মোৰ জীৱনলৈ

তোমাৰ আগমনত মোৰ ৰিক্ত হৃদয় পৰিলে জুৰ

তোমাৰ খিলখিল হাঁহিত

মোৰ শুকান হৃদয়ত বলিলে

এচাটি মলয়াৰ বা।

তোমাৰ থুনুক-থানাক মাতটিয়ে

জগালে বুকুত আশা

আকৌ  নতুন জীৱন ঘূৰাই পোৱাৰ আনন্দত হলোঁ মই আত্মহাৰা।

তুমি  যেন মোৰ জীৱনলৈ আহিলা  সৰগৰ পাৰিজাত ফুল হৈ

বিলালা জ্যোতি মোৰ অন্ধকাৰ গৃহ

আমোলমোলাই ফুলি ৰলা

মোৰ পদূলি শুৱাই।

কিমান দিনলৈ নো থাকিবা মোক আবৰি

সমাজৰ নিয়ম মানি

যাবাগৈ গুচি অন্য এখন ঘৰ পোহৰ কৰি।

বুকুত শিল এটা বান্ধি হলেও

দিব লাগিব তোমাক বিদায়

তোমাৰ অবিহনে হম মই

******

2 Comments

Leave a Reply to Mamoni Kalita Cancel reply

Your email address will not be published. Required fields are marked *