সংকল্প-কমলা দাস

সন্ধিয়াৰ বেলিটোৱে মেলানি মাগিলে। এন্ধাৰবোৰে হোঁহোৱাই সোমাই আহি ধৰাৰ পোহৰ নাশিবলৈ চাৰিওফালে বিয়পি পৰাৰ যো-জা চলালে। তাকে দেখি  ৰাতিপুৱা বেলিটো লৈ অহা শৰালিজাকে ওভতা পথেৰে পাখি কোবাই কোবেৰে ঘৰমুৱা হৈছে।এন্ধাৰবোৰেও সিহঁতৰ পিছে পিছে লৰ মাৰিছে সিহঁতক ক’বলৈ–হেৰৌ, তহঁতে কাইলৈ সোনকালে আহি বেলিটো পুনৰ লৈ যাবিচোন! আজি বাৰু ৰাতিটোৰ বাবে ৰাখি থলো!

খিৰিকীখন জপাবলৈ লৈ দৃশ্যটো দেখি সদ‍্য বেলিবিহীন ৰীমা থৰ লাগিল। মন গহনত  দৃশ্যটোৱে পাকঘূৰণি খাবলৈ ধৰিলে—

“মোৰ আকাশৰপৰা হেৰাই যোৱা বেলিটোও যদি এনেদৰে ৰাতিটো ঘূৰাৰ পাছতে লৈ আনিব পাৰিলোঁহে‌ঁতেন!”

 পিছে পিছ মুহূৰ্ততে তাই কথাবোৰ মনৰপৰা জোকাৰি পেলাই দিলে। মনটো দৃঢ় কৰি তাই ভাবিলে—

“এন্ধাৰ বোৰ যেনেকৈ বিজুলী-বাতিয়ে খেদি পঠিয়ায়, তেনেদৰেই ময়ো মোৰ নিজৰ আকাশ, নিজেই পোহৰাব লাগিব।এন্ধাৰ সদায় নাথাকে।এদিন পোহৰ হবই।”

খিৰিকী খন জপাই থৈ সংকল্পবদ্ধ মন এটাৰে আহি তাই বিজুলী-চাকিটো জ্বলাই দিলে।

******

4 Comments

Leave a Reply to চিত্ৰলেখা দেৱী Cancel reply

Your email address will not be published. Required fields are marked *