তেজপিয়া-হৰগোবিন্দ দাস

বিদ্যালয়খনৰ জনপ্ৰিয় শিক্ষক ধৰণীধৰ বৰুৱাই নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠদান সামৰি ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে অকণমান মত বিনিময় কৰাৰ মানসেৰে ছাত্ৰ-ছাত্ৰীসকলক  সমূহীয়াভাবে এটি প্ৰশ্ন সুধিলে… 

: তোমালোকে তেজপিয়া প্ৰাণী কেইবিধমানৰ কোৱাচোন।

শ্ৰেণীত চোকা বুলি নাম থকা ছাত্ৰ প্ৰজ্ঞানে ঘপককৈ ঠিয় হৈ কোমলকৈ আৰম্ভ কৰিলে….

: জোক,মহ,ডাঁহ,উৰহ,চিকৰা,ওকণি,মানুহ ইত্যাদি ছাৰ।

     

বৰুৱা ছাৰে আকৌ প্ৰশ্ন কৰিলে…

“এইবাৰ তেজ নোখোৱা প্ৰাণী কেইবিধমানৰ নাম কোৱাচোন।”

সপ্ৰতিভতাৰে লগে লগে থিয় হ’ল জাহ্নৱী।তাই ক’লে…

: গৰু, ছাগলী, কুকুৰ,মেকুৰী,হৰিণ, জিৰাফ, জেব্ৰা, হাঁহ, পাৰ,মানুহ ইত্যাদি ছাৰ ৷

বৰুৱা ছাৰে ছাত্ৰ-ছাত্ৰী সকলোলৈ চাই পুনৰ ক’লে…

: তোমালোকে মন কৰিছানে?প্ৰজ্ঞানে তেজখোৱা প্ৰাণীৰ তালিকাত মানুহকো ৰাখিছে।এই সন্দৰ্ভত তোমালোকৰ মতামত কি?

ছাৰৰ কথাত ক্ষন্তেকৰ বাবে শ্ৰেণী কক্ষত  নিস্তব্ধতাই বিৰাজ কৰিলে।বৰুৱা ছাৰে প্ৰজ্ঞানলৈ চাই প্ৰশ্ন কৰিলে..

: প্ৰজ্ঞান,তুমি কোৱাচোন ,তেজখোৱা প্ৰাণীৰ তালিকাত মানুহক কিয় অন্তৰ্ভুক্ত কৰিলা?

প্ৰজ্ঞানে থিয় হৈ বিনম্ৰতাৰে তেওঁৰ প্ৰিয় ছাৰলৈ চাই ক’লে….

: ছাৰ,আমাৰ সমাজত তেজখোৱা আৰু তেজ নোখোৱা দুয়ো প্ৰকাৰৰ মানুহেই দেখিবলৈ পোৱা যায়।বিষয়টো অৱশ্যে উপলব্ধিৰ বস্তু বুলিহে মই অনুভৱ কৰো।

প্ৰিয় ছাত্ৰৰ অতি তাৎপৰ্যপূৰ্ণ উত্তৰ শুনি বৰুৱা ছাৰৰ মুখখনি মুহূৰ্ততে আলোকিত হৈ পৰিল।

   

**********

3 Comments

Leave a Reply to Kumkum Devi Sarmabaruah Cancel reply

Your email address will not be published. Required fields are marked *