দুখ-মামণি কলিতা

দ্বিতীয় পত্নী হিচাপে ৰুবী নীলিমৰ ঘৰত প্ৰৱেশ কৰোঁতেই শাহুৱেকে তাইক সঁকিয়নি দি কৈছিল 

: তুমি নাতিনী লিজাৰ মাক হিচাপে মৰম যত্নহে ল’বা; অনুশাসন কৰিবলৈ আমি আছোঁ।

শাহুৱেকে কোৱাৰ দৰেই ৰুবীয়ে হৃদয়ৰ সমস্ত মৰম চেনেহেৰে লিজাৰ দায়িত্ব পালন কৰি গ’ল। কিবা বেয়া দেখিলেও একো ক’ব নোৱাৰা অন্তৰ্দ্বন্দ্বত ভুগি ধৈৰ্যৰে সময়বোৰ পাৰ কৰি গ’ল। অনুশাসনহীনতাৰ বাবেই লিজাই একো দায়িত্ব নুবুজি যেতিয়া চহৰৰে নিচাখোৰ কুন্দনলৈ পলাই গ’ল, তেতিয়া আকৌ তেওঁলোকেই ৰুবীক  ‘নিজৰ ছোৱালী নহয়তো, গতিকে মাক নহৈ অকল মাহীমাক হৈ ছোৱালীজনীক এয়াহে শিক্ষা দিলা’ বুলি অজস্ৰ দোষেৰে দোষী সাব্যস্ত কৰিবলৈ অলপো কুন্ঠাবোধ নকৰিলে। দ্বিতীয় পত্নী হৈ জীৱনত একো নোপোৱাৰ ক্ষোভ আৰু বেদনাত তাই ভাগি পৰিল।

**********

2 Comments

  • Anonymous

    ভাল লাগিল পঢ়ি।এনেকুৱা বাস্তৱ কাহিনী আমাৰ গাওঁত দেখিছো।মাহীমাকে মবাইলটো চাব মানা কৰিলে আইতাক,দেউতাক পেহীয়েকে গেজগেজনি কৰি উঠে।এইবাৰ ছমহীয়া পৰীক্ষা বেয়া হল ফলত।

    Reply
  • Kumkum Devi Sarmabaruah

    ঘৰৰ বাকীবোৰেহে বেয়া কৰে।

    Reply

Leave a Reply to Kumkum Devi Sarmabaruah Cancel reply

Your email address will not be published. Required fields are marked *