এমুঠি অণুগল্প-ইলি তালুকদাৰ

(১)চেল্ফি

: মা, মা, আহানা। আহানা পাৰলৈ।

শিল এটাত আঁউজি চেল্ফি লোৱাত ব্যস্ত মাক-দেউতাক। প্ৰকাণ্ড প্ৰকাণ্ড ঢৌৰ গৰ্জনে ভয়ত কঁপি থকা সন্তানৰ  চিঞৰ ওফৰাই পেলাইছে বাৰে বাৰে।

নাই, এটা সময়ত ঢৌৱে সামৰি ল’লে।

সাগৰৰ মাজত শিলটো তাত অকলে পৰি ৰ’ল ভয়ানক দৃশ্যৰ সাক্ষী হৈ ।

   (২)নিয়ম

জন্মিয়েই মাতৃহাৰা হোৱা ছোৱালীজনীক কোলাই বোকোচাই লৈ ডাঙৰ-দীঘল কৰি এতিয়া তাইৰ নাম বাঁজী!আকৌ তিনিদিনলৈ চাবলৈ নাপাব?গাঁৱৰ বুঢ়ী তিৰোতা কেইগৰাকীৰ ফুচফুচনি শুনি প্ৰদীপ আৰু ৰৈ নাথাকিল।

উচুপি থকা ৰীণাক কোঠাৰপৰা উলিয়াই আনি পুষ্পিতা হোৱা জীয়েকৰ কাষত থিয় কৰালে।

:মাজনী, চাচোন তোৰ খুৰীদেউৰা  আহিছে।

 

(৩) কন্যা

একেটা পৰিয়ালৰ  অগাপিছাকৈ বিপত্নীক হোৱা দুই ককায়েকৰ বিয়া। ঘৰ নচলে।

এবছৰ আগতে  মাকৰ ঘৰলৈ ঘূৰি অহা বিধৱা ভনীয়েকজনীয়ে কোলাত কেঁচুৱা লৈ  দুয়োখন বিয়াতে  দেহেকেহে খাটিলে ।

 

 

(৪) নিয়ম

 

: মা, মা চোৱাহিচোন।তোমালৈ কিবা এটা আনিছোঁ।

 প্ৰথম মাহৰ দৰমহাৰ টকাৰে  পুত্ৰ কুন্দনে কিনি অনা  মেখেলা-চাদৰযোৰ মাকলৈ আগবঢ়াই দিওঁতে মাক এহাত পিছুৱাই গ’ল।

কাপোৰযোৰ মাকৰ হাতত তুলি দি সি মৰমেৰে ক’লে,

: মা, বহুত হ’ল আৰু নহ’ব। বগা সাজত তোমাক বহু বছৰ দেখিলোঁ।পুৰুষতান্ত্ৰিক বিচাৰধাৰা আমি নতুন পুৰুষেই সলনি কৰিব লাগিব মা।

 

 

(৫)সুখ

সময় পুৱতি নিশা।গাড়ীখন ডাষ্টবিনৰ কাষত ৰখাই টোপোলাটো পেলাই থৈ দৌৰাদৌৰিকৈ তাৰপৰা আঁতৰি গ’ল ভদ্ৰলোকজন।

কাহিলি পৰত চাফাই কৰ্মীজনে সেই টোপোলাটো  কোনেও নেদেখাকৈ আলফুলে বুকুৰ মাজত লৈ ঘৰ সোমাল।

একেখিনি সময়তে তেতিয়া এগৰাকীৰ চকুপানীত আছিল  হেৰুওৱাৰ দুখ আৰু আনফালে আন এগৰাকীৰ চকুত আছিল বাঁজী অপবাদৰ পৰা মুক্তি পোৱাৰ আনন্দৰ চকুপানী।

******

3 Comments

Leave a Reply to Mamoni Kalita Cancel reply

Your email address will not be published. Required fields are marked *