পোহৰৰ বাটটোৰ মৃত্যুত-মানসী শৰ্মা

পোহৰৰ বাটটো আজি দেখোন আন্ধাৰ

পোহৰৰ বাটটোক মচোৱা-গোম সাপটোৰ দৰে

আঁউসীৰ ঘোপমৰা আন্ধাৰে ক্ৰমান্বয়ে মেৰিয়াই ধৰিলে

যন্ত্ৰণাত চটফটাই বাটটোৰ উশাহবোৰ তুতি আহি আন্ধাৰত বিলীন হৈ গ’ল।

পোহৰৰ বাটটোৰ মৃত্যুৰ বাতৰিয়ে বুকুখনত বৰকৈ আঘাত হানিলে

দুখবোৰ ডিঙিলৈ উজাই আহি ডিঙিটো সোপামাৰি ধৰিছে

সুখৰ গানটো যে বিষাদৰ গান হৈ

উচুপি কান্দিছে।

এনেকৈয়ে

পলে পলে পোহৰৰ প্ৰতিটো বাট আন্ধাৰৰ অটল গহ্বৰত বিলীন হৈ গ’ল।

চৌদিশে এতিয়া মাথোঁ আন্ধাৰৰ ৰাজত্ব।

 

আন্ধাৰৰ আঘাতত মোৰ হৃদয়খনও ক্ৰমান্বয়ে শিল হ’ল

এতিয়া আৰু পোহৰৰ মৃত্যুত মোৰ হৃদয় নকঁপে

নিমখীয়া অশ্ৰুৱেও বান্ধ ভাঙি নিতিতাই শেতেলিৰ গাৰু

নিঃসাৰ, নিৰুদ্বেগ মই

আবেগ-অনুভূতিবিহীন যেন এক যন্ত্ৰ মানৱ।

******

2 Comments

Leave a Reply to Kumkum Devi Sarmabaruah Cancel reply

Your email address will not be published. Required fields are marked *