শূণ্য পাত্ৰ-উপাসা ভাগৱতী

মনটো খৰালিৰ নৈখনৰ দৰে শুষ্ক

স্ৰোতস্ৰিনীয়ে এতিয়া বলুকাৰ পাহাৰ গঢ়িছে

শিঙৰ দৰে জোঙা শোকৰ

প্ৰস্তৰখণ্ডই নিতে

কৰা আঘাতে

বুকুত সিঁচি যায়

সেই একেই বিষাদৰ লোৰ

অতীতৰ দুখৰ ফচিলত

কৰ্ণকুহৰত

ৰিণিকি ৰিণিকি বজা সুখৰ

বাঁহীৰ সুৰটো অন্তৰ্নিহিত হয়

এতিয়া অভ্যন্তৰৰ মুঠি মুঠি বালি

আঙুলিৰ ফাকেৰে জৰ জৰকৈ সৰিছে

এতিয়াহে বুজিছো কাকো ধৰি ৰাখিব নোৱাৰি

সকলো গুচি যায়

ঘন ঘন উশাহত

বুকুখন খৰকৈ

উঠা নমা কৰিছে

লাহে লাহে সিও টুটি আহে

হাতত থাকে কেৱল শূন্যতা,

শূন্যতা আৰু শূন্যতা।

******

2 Comments

Leave a Reply to Kumkum Devi Sarmabaruah Cancel reply

Your email address will not be published. Required fields are marked *