‘সাহিত্য’ হ’ল এক প্ৰকাৰৰ কলা । এই কলাক লিখন শিল্প বুলিও অভিহিত কৰা হয়।প্ৰাথমিকভাবে এই শিল্পক গদ্য, পদ্য আৰু নাটক — এই তিনিটা ভাগত ভাগ কৰা হয়।সাহিত্য শব্দটো আমাৰ ভাষালৈ সংস্কৃত ভাষাৰপৰা আহিছে।শব্দটো সংস্কৃত ‘সহিত’ শব্দৰপৰা নিষ্পন্ন, যাৰ বুৎপত্তিগত অৰ্থ হ’ল সংগতি বা মিলন।এই মিলন শব্দ আৰু অৰ্থৰ মিলন।
সাধাৰণ অৰ্থত সমাজ হ’ল ব্যক্তিৰ সমষ্টি।শব্দটোৰ আভিধানিক অৰ্থয়ো অনুৰূপ ধাৰণাকে দিয়ে।অভিধান অনুসৰি ‘সমাজ’ শব্দটোৰ অৰ্থ হ’ল ‘মানুহৰ সমূহ’।একে ৰাজনৈতিক কৰ্তৃত্ব আৰু প্ৰভাৱশালী সাংস্কৃতিক বৈশিষ্ট্যসম্পন্ন, একে সামাজিক সম্পৰ্কৰে জড়িত ব্যক্তিৰ একোটা গোটক সমাজ বুলি অভিহিত কৰা হয়।সমাজে মূলতঃ এক প্ৰণালীক বুজায়, য’ত একাধিক ব্যক্তি একত্ৰিত হৈ কিছুমান নীতি-নিয়ম প্ৰতিষ্ঠা কৰি একেলগে বাস কৰাৰ বাবে এক উপযুক্ত পৰিৱেশ সৃষ্টি কৰি লয়। ‘সমাজ’ৰ ইংৰাজী প্ৰতিশব্দ ‘SOCIETY’ । শব্দটো ফৰাচী ভাষাৰ ‘চ’চিয়েটে’ (Societe) শব্দৰপৰা উৎপত্তি হোৱা। যাৰ অৰ্থ হৈছে ‘সংগ’।সমাজ এখনে কিছুমান কথা বা কাম গ্ৰহণযোগ্য বা বৰ্জনীয় বুলি নিৰ্দ্ধাৰণ কৰি কিছুমান উমৈহতীয়া আচৰণ বিধি নিৰ্মাণ কৰি লয়।কোনো এখন নিৰ্দিষ্ট সমাজৰ বাবে এই আচৰণ বিধিবোৰ সামাজিক নিয়মৰূপে স্বীকৃত হয়।সময় পৰিৱৰ্তনশীল।সময়ৰ পৰিৱৰ্তনে সমাজ আৰু ইয়াৰ নিয়মবোৰলৈয়ো পৰিৱৰ্তন আনে।
সমাজ প্ৰিয় মানুহৰ বিভিন্ন ভাব ব্যক্ত হয় সামাজিক সম্পৰ্কৰ মাজেদি।সামাজিক সম্পৰ্কৰ অবিহনে মানুহৰ ব্যক্তিত্বৰ বিকাশেই আধৰুৱা হৈ ৰয়।মানুহৰ মনৰ অভিব্যক্তি প্ৰকাশ কৰিবলৈ, কাৰোবাক ভাল পাবলৈ, বেয়া পাবলৈ, সন্মান কৰিবলৈ বা কাজিয়া কৰিবলৈ কৰ্তাৰ বাহিৰে দ্বিতীয় এজন ব্যক্তিৰ আৱশ্যক।মানুহৰ মন হ’ল সৰু -বৰ ঢৌৰে পৰিপূৰ্ণ এখন বিশাল ভাব সমুদ্ৰ।সাহিত্যই এই ভাব সমুদ্ৰলৈ প্ৰকাশৰ বাট কাটি দিয়ে । মানুহ আৰু মানুহৰ সম্পৰ্কৰ মাজেদি ব্যক্ত ভাবৰ আৱশ্যকতা আৰু গুৰুত্ব দুয়োটাই বেছি।সেয়েহে জীৱনৰ লগত সাহিত্যৰ ঘনিষ্ঠ সম্পৰ্ক।যুগে যুগে ন ন আদৰ্শ আৰু জীৱন যাপনৰ মানদণ্ড চকুৰ আগত ৰাখি সাহিত্যিকে মানৱ জীৱনক পৰ্যালোচনা কৰাৰ চেষ্টা কৰে।এই পৰ্যালোচনাৰ ফলশ্ৰুতিত সাহিত্যিকে পাঠকৰ আগত মানুহৰ সুখ-দুখ, আশা-আকাংক্ষা, হাঁহি-চকুলো, যন্ত্ৰণা-বেদনা আদি মানৱীয় অনুভূতিৰ সমাহাৰত মানুহৰ বাহ্যিক আৰু মানসিক জীৱনৰ প্ৰতিচ্ছবি এখন দাঙি ধৰে।আনহাতে সমাজপ্ৰিয় মানুহৰ উন্নতিৰ মূল হ’ল সমাজশক্তি।সমাজ নোহোৱা হ’লে মানুহ আৰু আন ইতৰ প্ৰাণীৰ কোনো পাৰ্থক্যই হয়তো নাথাকিলহেঁতেন। সমাজৰ এক অংশ হিচাপে ব্যক্তিৰ কাম-কাজৰ ওপৰত সমাজৰ নজৰ থাকে।ভাল কাম কৰিলে সমাজে ব্যক্তিজনক প্ৰশংসা কৰে, বেয়া কাম কৰিলে তিৰস্কাৰ কৰে।ব্যক্তি আৰু সমাজৰ মাজত ঘটা এই ধৰণৰ সম্বন্ধ আৰু সংঘাত সাধাৰণতে সাহিত্যৰ মাজেদি প্ৰকাশিত হয়।পুৰণি কালৰেপৰা কোনো এটা জাতিৰ সাহিত্য আলোচনা কৰিলে যুগে যুগে এই সম্বন্ধ কেনেকৈ সাহিত্যৰ মাজেদি ফুটি উঠে তাক পৰিষ্কাৰকৈ বুজিব পাৰি।
সাহিত্য আৰু সমাজ, এই দুয়ো পৰস্পৰে পৰস্পৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে । আনহাতে এই দুয়োৰে সম্পৰ্কও বৰ নিবিড়।সাহিত্যক সমাজৰ দাপোণ বুলি কোৱা হয়।সামাজিক প্ৰতিবিম্ব সেই সমাজখনৰ সাহিত্যত প্ৰতিফলিত হয়।সেয়েহে সাহিত্য হ’ল সমাজ গঢ়াৰ এক নিৰ্ভৰযোগ্য আহিলা। সমাজ গতিশীল।এই গতিশীলতাই সময়ে সময়ে বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান সমাজৰ আগত থিয় কৰায়।এনে সময়ত সমাজৰ কোনো চিন্তাশীল ব্যক্তিৰ চিন্তা-চৰ্চাই সাহিত্যৰ ৰূপ লৈ সেই প্ৰত্যাহ্বান ওফৰাই পঠিওৱা পথ দিয়ে।যুগে যুগে মানৱ সমাজত স্বাৰ্থ, আদৰ্শ, ধৰ্ম আদি নানা কাৰণত সংঘাত সৃষ্টি হৈ আহিছে।কেতিয়াবা কোনো কাৰণবশতঃ আগৰে পৰা প্ৰভুত্ব চলাই অহা এদল মানুহক পিছলৈ ঠেলি এদল নতুন মানুহ শক্তিশালী হৈ উঠে।এনে সময়ত সমাজত আগৰেপৰা প্ৰচলিত আদৰ্শৰ আদৰ কমি যায় আৰু লাহে লাহে এটি নতুন আদৰ্শই গা-কৰি উঠিবলৈ লয়। সামাজিক আদৰ্শৰ পৰিৱৰ্তনে সাহিত্যিকৰ চিন্তাধাৰা আৰু দৃষ্টিভংগীৰো পৰিৱৰ্তন সাধন কৰে।এই পৰিৱৰ্তনে নতুন নতুন সাহিত্যৰ সৃষ্টি কৰে আৰু তেনে সাহিত্যৰ সমাদৰো বাঢ়ে।অসমীয়া সমাজ সংগঠক হিচাপে মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ অদ্বিতীয়।গুৰুজনাৰ সমাজ সংস্কাৰ আৰু সংগঠনৰ এক মাধ্যম আছিল সাহিত্য। গুৰুজনাৰ সপোনৰ সমাজখন আছিল এখন আদৰ্শ সমাজ।সমতা,মানৱতাবাদ তথা গণতান্ত্ৰিক প্ৰমূল্যবোধৰ সমাজ।সমাজৰ উন্নতিত বাধা সৃষ্টি কৰা কিছুমান ৰীতি-নীতি, মূল্যবোধৰ সংস্কাৰ সাধন কৰি তেওঁ এখন সুস্থ সমাজৰ সপোন দেখিছিল।সেয়ে সমাজৰ সৰু-বৰ সকলো দিশৰে প্ৰতি দৃষ্টি ৰাখি তেওঁ সমাজ সংস্কাৰত প্ৰবৃত্ত হৈছিল।বিশেষকৈ ধৰ্মৰ নামত চলি থকা কিছুমান অমানৱীয় আৰু অযুক্তিকৰ আচাৰ-আচৰণ নিৰ্মূল কৰিবলৈ তেওঁ যত্ন কৰিছিল । বলি-বিধান,জাতিভেদ প্ৰথা তথা অন্ধবিশ্বাসৰ তেওঁ বিৰোধিতা কৰিছিল। ধৰ্মপ্ৰচাৰৰ উদ্দেশ্য আগত ৰাখি সাহিত্য চৰ্চা কৰিছিল যদিও প্ৰকৃততে সাহিত্যৰ আশ্ৰয় লৈ সামাজিক উন্নতিৰ বাধাবোৰ আঁতৰাই এখন সুস্থ সমাজ নিৰ্মাণহে তেৰাৰ উদ্দেশ্য আছিল বুলি ক’ব পৰা যায়। সমাজত শিপাই থকা জাতিভেদ প্ৰথাৰ বিৰোধিতা কৰি লিখিছিল…..
ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল।
দাতাত চোৰত যেন দৃষ্টি একতুল॥
গুৰুজনাৰ এই আদৰ্শৰ বিষয়ে ড° নগেন শইকীয়াদেৱে ‘অসমীয়া মানুহৰ ইতিহাস ‘ গ্ৰন্থত এনেদৰে উল্লেখ কৰিছে,
“শংকৰদেৱৰ ‘ভকতিত নাহি জাতি-অজাতি বিচাৰ’ এটা ডাঙৰ সামাজিক আন্দোলনৰ আধাৰ।”
শান্তিপূৰ্ণ, প্ৰগতিশীল সমাজ এখনৰ বুনিয়াদ হ’ল অহিংসা।গুৰুজনাই উৰণ, বুৰণ, গজন, গমন সকলো প্ৰাণীতে ভগৱানৰ স্বৰূপ উপলব্ধি কৰিবলৈ শিকাই মানুহৰ মনত অহিংসাৰ বীজ ৰোপন কৰাৰ প্ৰয়াস কৰিছিল…..
শুনিও উদ্ধৱ আৰু
ৰহস্য ভকতি।
কৰিবা অভ্যাস তুমি
স্থিৰ কৰি মতি॥
সমস্ত ভূততে ব্যাপি
আছো মই হৰি
সবাকো জানিবা তুমি
বিষ্ণু বুদ্ধি কৰি॥
বৃটিছসকলৰ অসম আগমন অসমীয়া সমাজ, ভাষা, সাহিত্যৰ বাবে এক উল্লেখযোগ্য ঘটনা।অসমত বৃটিছ শাসনে অসমীয়া সমাজলৈ আধুনিকতাৰ বাট কাটি দিয়ে।বিশেষকৈ ইংৰাজী শিক্ষাৰ প্ৰসাৰে মানুহক পুৰণি ৰীতি-নীতি, পৰম্পৰাক নতুন দৃষ্টিভংগীৰে বিশ্লেষণ কৰি চাবলৈ শিকালে।এফালে পুৰুষানুক্ৰমে মানি অহা পুৰণি ৰীতি-নীতি, বিশ্বাস, পৰম্পৰা ; আনফালে আধুনিক শিক্ষাৰ প্ৰভাৱত সংস্কাৰকামী চিন্তাধাৰা।বিপৰীতমুখী এই দুই চিন্তাধাৰাৰ মাজৰ সংঘাতত সমাজৰ বাবে কোনটো গ্ৰহণীয়,কোনটো বৰ্জনীয় তাক ঠিৰাং কৰাটোৱেই কঠিন হৈ পৰিল।এচামে আঁকোৰগোজ ভাবে পুৰণিকে খামুচি ধৰিলে,আনচামে সমাজৰ উন্নতিত বাধা হৈ থিয় দিয়া বিষয়বোৰৰ পৰিৱৰ্তন বিচাৰিলে। যুগসন্ধিক্ষণৰ এনে মুহূৰ্ত্তত এচামে হাতৰ কলমটোক সাৰথি কৰি সমাজৰ বাবে কি গ্ৰহণীয়, কি বৰ্জনীয় তাক সৰ্বসাধাৰণক বুজাই দিয়াৰ প্ৰয়াস কৰিলে । ফলশ্ৰুতিত সৃষ্টি হ’ল ভালেখিনি কালজয়ী সাহিত্য।অসমীয়া সমাজৰ কেৰোণ কিছুমান আঙুলিয়াই দি আনন্দৰাম ঢেকিয়াল ফুকনে ৰচনা কৰিলে ‘অসমীয়াৰ দুৰৱস্থাৰ হেতু’ নামৰ প্ৰৱন্ধটি।ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই ‘অৰুণোদই’ৰ পাতত ‘সোণাৰচাঁদ’ ছদ্মনামেৰে বহু বিবাহ প্ৰথাৰ বিৰোধিতা কৰি ‘অনেক বিয়া অযুগুত’ নামৰে এটি প্ৰৱন্ধ ৰচনা কৰিলে।সমাজ সংস্কাৰৰ উদ্দেশ্যে ৰচনা কৰিলে ‘কানিয়াৰ কীৰ্ত্তন’ আৰু ‘বাহিৰে ৰংচং ভিতৰি কোৱাভাতুৰী’ নামৰ দুখন গ্ৰন্থ।বিধৱা বিবাহৰ সমৰ্থনত গুণাভিৰাম বৰুৱাই লিখি উলিয়ালে প্ৰথমখন অসমীয়া সামাজিক নাটক ‘ৰাম-নৱমী’ । ‘কৃপাবৰ বৰুৱা’ নাম লৈ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই হাস্যৰসৰ আঁৰ লৈ তেওঁৰ হাস্য-ব্যংগ সাহিত্যৰাজিৰ জৰিয়তে সামাজিক কেৰোণ কিছুমান আঙুলিয়াই দিয়াৰ প্ৰয়াস কৰিলে। সাম্প্ৰতিক সময়ত এই তালিকাখনত নতুন নতুন বিষয়ৰ নতুন নতুন সাহিত্যই স্থান লাভ কৰিছে।সেই বিষয়বোৰৰ ভিতৰত সামাজিক অসমতা, পুঁজিবাদ , দৰিদ্ৰতা, নাৰীবাদ, বৃদ্ধ অৱস্থাৰ নিসংগতা, তৃতীয় লিংগৰ লোকসকলৰ সামাজিক মৰ্যদা, প্ৰজন্ম ব্যৱধান, বৃদ্ধকালৰ স্মৃতিভ্ৰম, নৱপ্ৰজন্মৰ সপোনৰ মৰীচিকা খেদা মানসিকতা,পাৰিবাৰিক সংঘাত, সামাজিক ভ্ৰষ্টাচাৰ , আধুনিকতাৰ ফোপোলা স্বৰূপ, সম্পৰ্কৰ অৱক্ষয়, গোলকীয় উত্তাপ, হাবি-বন ধ্বংস, ড্ৰাগছ ব্যৱসায় আদি বিষয়বোৰে সাহিত্যত প্ৰাধান্য লাভ কৰা দেখা যায়। এনেবোৰ বিষয়বস্তুৰ কিছুমান উল্লেখযোগ্য সাহিত্য হ’ল হোমেন বৰগোহাঞিৰ ‘অস্তৰাগ’, অনুৰাধা শৰ্মা পূজাৰীৰ ‘জলছবি’, হিৰণ্য কাশ্যপৰ ‘সপোন’, অনুৰাধা শৰ্মা পূজাৰীৰ ‘ইয়াত এখন অৰণ্য আছিল’ , জুৰি শইকীয়াৰ ‘নিষিদ্ধ যাত্ৰা’ ইত্যাদি।
এখন সমাজৰ নিজস্বঃ কিছুমান সামাজিক বিশ্বাস থাকে।পুৰুষানুক্ৰমে প্ৰচলিত হৈ অহা এনে সামাজিক বিশ্বাস কিছুমান সময়ত সামাজিক প্ৰগতিৰ হেঙাৰ হৈ পৰে।এই হেঙাৰবোৰ সাহিত্যৰ মাধ্যমেৰে আঁতৰাবলৈ চেষ্টা কৰিব পৰা যায়।এই হেঙাৰবোৰ বৰ স্পৰ্শকাতৰ। কৈ, মেলি বা বল প্ৰয়োগ কৰি আঁতৰাবলৈ গ’লে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা থাকে।গতিকে,এনে বিষয়বোৰ সাহিত্যৰ বিষয়বস্তু কৰি ল’লে,সেইবোৰে পাঠকৰ মন-মগজুত ক্ৰিয়া কৰে।’ডাইনীৰ ধাৰণা’ আমাৰ সমাজৰ এনে এক স্পৰ্শকাতৰ বিষয়।পদ্মশ্ৰী শ্ৰদ্ধাৰ বিৰুবালা ৰাভা বাইদেৱে অসমীয়া সমাজৰ পৰা ‘ডাইনী ধাৰণা’ নিৰ্মূল কৰিবলৈ প্ৰচেষ্টা চলাই আহিছে । বাইদেউৰ এই প্ৰচেষ্টাক মানুহৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস গোবিন কুমাৰ খাওন্দৰ ‘বগী’ । মৃদুল শৰ্মাই তেওঁৰ ‘তেজীমলাৰ মাকৰ সাধু’ আৰু ৰাস্না পালকে ‘ৰ’দালি ৰ’দ দে’ উপন্যাস দুখনত সমাজে বেয়া বুলি চিহ্নিত কৰা ‘তেজীমলাৰ মাহীমাক’ৰ চৰিত্ৰটিক নতুন বিশ্লেষণেৰে এটি আদৰ্শ চৰিত্ৰলৈ উত্তৰণ ঘটোৱাৰ প্ৰয়াস কৰিছে।মানুহৰ জীৱনৰ সংপ্ৰাম আৰু তেওঁ লাভ কৰা প্ৰতিষ্ঠা সমাজৰ বাবে দৃষ্টান্ত।তেনে দৃষ্টান্ত জীৱন গঢ়াৰ অমোঘ মন্ত্ৰ।তেনে এফাঁকি অমোঘ মন্ত্ৰ পল্লৱী নেওগ বৰাৰ ‘সপোনৰ ঠিকনা বিচাৰি কিশলয়’।এয়া কেইটিমান উদাহৰণহে মাত্ৰ।সাহিত্যৰ বুৰঞ্জী ফঁহিয়াই চালে এনে উদাহৰণ অসংখ্য ওলাব।যাৰ আলম লৈ সাহিত্য যে সমাজ গঢ়াৰ এক নিৰ্ভৰযোগ্য আহিলা তাক একেষাৰে স্বীকাৰ কৰি ল’ব পাৰি।
সাহিত্যৰ সৃষ্টি পাঠকৰ বাবে।সাহিত্যৰ পাঠক সমাজৰ এক গুৰুত্বপূৰ্ণ অংশ।’সাহিত্যক সমাজ গঢ়াৰ আহিলা’ বুলি কোৱা কথাষাৰৰ সাৰ্থকতা সাহিত্যৰ পাঠকৰ ওপৰত নিৰ্ভৰশীল।পাঠকে সাহিত্যক সন্মান জনাব পাৰিলেহে সাহিত্য সঁচা অৰ্থত সমাজ গঢ়াৰ আহিলা হ’ব।
******
6:01 PM
ভাল লাগিল
7:41 PM
বৰ ভাল লাগিল।