অভিব্যক্তি-পৰশ প্ৰতিম

বাস্তৱ জীৱনৰ প্ৰতিফলনকেই

নকৈছিলা জানো কবিতাৰ ডেফিনেচন বুলি

হয়; ঠিকেই ধৰিছিলা তুমি

আৰু তুমিতো জানাই

মোৰ মন তোমাৰ মন

তোমাক দিয়া ভালপোৱাৰ প্ৰস্তাৱ

মোৰ কাব্যিক জগতত প্ৰথম পদাৰ্পণ

এটা আনটোৰ পৰিপূৰক

স্বৰ্ণিল সময়ত লিখা বৰ্ণিল কবিতাৰ

শব্দবোৰতে প্ৰতিফলিত হ’ব

তোমাৰ ‘প্লেট’নিক লাভ’।

সেয়েহে কৈছোঁ মোৰ কবিতা

তোমাতেই আৰম্ভ তোমাতেই শেষ।

******

2 Comments

Leave a Reply to Kumkum sarmabaruah Cancel reply

Your email address will not be published. Required fields are marked *