আশ্বাস-মূৰ্ছনা বৰা

সেমেকা ভাৱটোয়ে মূৰলৈকে শিপাইছে
চাৰিওফালে কিলকিলাই থকা সাপকেইডালে
গছডাল ক্ৰমশঃ মেৰিয়াই ধৰিছে।
অৱলম্বনৰ অভাৱত
ভেজা দি থকা বেৰখন খহিছে…
সবল হাতবোৰে এটা এটাকৈ
সেউজীয়া পাতবোৰ কাঢ়ি নিছে
নিৰাপত্তাহীনতাই কোঙা কৰা
নিঃসঙ্গ লঠঙা গছডালৰ
ঠালবোৰ  নিৰ্লজ্জভাৱে কাটিছে…
অনিশ্চয়তাৰ মাজত তথাপিও গছডাল
অলসভাৱে থিয় হৈ আছে মিছা আশ্বাসৰ আধাৰত, অংকুৰণৰ নতুন সম্ভাৱনাৰে
লঠঙা গছডালক পূৰ্ণ  কৰাৰ অসাৰ প্ৰচেষ্টাৰে…..||
******

One comment

Leave a Reply to Kumkum sarmabaruah Cancel reply

Your email address will not be published. Required fields are marked *