ডাক কোন আৰু ডাকৰ বচনৰ প্ৰাসংগিকতা-সদানন্দ ভূঞা

অসমীয়া ভাষা সাহিত্য আৰু জনজীৱনৰ লগত ডাকৰ বচনসমূহৰ যথেষ্ট প্ৰাসংগিকতা আছে।কিন্তু ডাক কোন? ডাক কাল্পনিক চৰিত্ৰ নে কিংবদন্তি এই লৈ বহুতো মতভেদৰ জনপ্ৰবাদ পোৱা যায়।বৰপেটা অঞ্চলৰ লেহিডঙৰা নামৰ গাঁৱত ডাক পুৰুষৰ জন্ম হৈছিল বুলি উল্লেখ আছে।

             “লেহিডঙৰা ডাকৰ গাঁও।

              তিনিশ পুখুৰীৰ তিনিশ নাও।

ডাক চৰিতমতে ডাক কুমাৰণীৰ সন্তান।ডাকৰ মাতৃৰ বহুদিনলৈকে সন্তান জন্ম হোৱা নাছিল। এদিন মিহিৰ মুনি তীৰ্থ ভ্ৰমণ কৰিবলৈ আহি কুমাৰৰ গৃহত অতিথি ৰূপে আশ্ৰয় গ্ৰহণ কৰিছিল।সন্তানহীন কুমাৰণীয়ে মুনিৰ সেৱা শুশ্ৰূষাত কোনো ত্ৰুটি কৰা নাছিল।কুমাৰণীৰ সেৱা শুশ্ৰূষাত মিহিৰ মুনি অতি সন্তুষ্ট হৈছিল আৰু পুত্ৰৱতী হোৱাৰ বৰ দি গৈছিল।মুনিৰ বৰ লাভৰ ফলতেই কুমাৰণীৰ গৰ্ভত সৰ্ব সুলক্ষণ ডাকৰ জন্ম হৈছিল।

ডাক পুৰুষ জন্ম হৈয়েই মাকে কেঁচা খৰিৰ জুই জ্বলাব নোৱাৰাত ডাক দিছিল বাবে তেখেতৰ নাম ডাক ৰখা হৈছিল। 

               দীঘলকৈ মাৰিবা ফু।

               তেতিয়াহে দেখিবা জুইৰ ভূ।

ডাক পুৰুষৰ আয়ুসকালক লৈ কিছু মতভেদ দেখিবলৈ পোৱা যায়।কিছু লোকে ডাক পুৰুষ এদিন এৰাতি জীয়াই আছিল বুলি ক’ব খোজাৰ বিপৰীতে কিছু লোকে লগৰীয়াৰ লগত ভেঁট তুলিবলৈ যাওঁতে লগৰীয়াবোৰে লগ লাগি ব্ৰহ্মপুত্ৰৰ পানীত ডুবাই মাৰিছিল বুলি কব খোজে।

ডাক চৰিতত উল্লেখ কৰা মতে মিহিৰ মুনিৰ সময়লৈ লক্ষ্য ৰাখি ডাকৰ উদ্ভৱৰ সময় চতুৰ্থ-ষষ্ঠ শতিকাৰ ভিতৰত বুলি ক’ব খোজে।কোনো কোনোৱে আকৌ ডাক ভণিতাৰ ভাষা আৰু আৰৱী -ফাৰ্চী শব্দৰ ব্যৱহাৰলৈ লক্ষ্য কৰি ডাক পুৰুষৰ উদ্ভৱ চতুৰ্দশ-পঞ্চদশ শতিকাৰ বুলি কব খোজে।

অসম এখন কৃষি প্ৰধান ৰাজ্য।অসমৰ কৃষক সমাজৰ বহুতো লাগতিয়াল আৰু ব্যৱহাৰিক বিষয়ৰ জ্ঞানৰ সমল ডাকৰ বচনত সন্নিবিষ্ট হৈ আছে।তাৰে কেইটামান ডাকৰ বচন আৰু সেইবোৰৰ সৰল বাখ্যা দিয়াৰ প্ৰয়াস কৰিছো। 

              “ঔষচ বাঝে মঙ্গল্য কৰি।

               সূৰ্যক দেখাইবা নয়ন ভৰি।”

অৰ্থ: অশৌচ যোৱাৰ পিচত মাঙ্গলিক কাৰ্য আদি সম্পন্ন কৰি নৱজাতকক বাহিৰলৈ আনি সূৰ্যটো দেখুৱাব লাগে। 

               “সিজনে পাৰে যদি ইন্দ্ৰিয় জিনিত।

                তেবে বিন্ধাগিৰি পাৰে সাগোৰ তৰিত।”

অৰ্থ: যিজন লোকে ষষ্ঠ ইন্দ্ৰিয় দমন কৰিব পাৰে তেওঁ অনায়াসে বিন্ধ্য পৰ্বত আৰু সাগৰ অতিক্ৰম কৰিব পাৰে, অৰ্থাৎ অসাধ্যকো সাধন কৰিব পাৰে।

                 “ভেদ দণ্ড সাম দান।

                 চাৰি ৰূপে ন্যায়ক জান।”

অৰ্থ: ন্যায়ৰ মূল নীতি ভেদ।অৰ্থাৎ শত্ৰু বশীকৰণৰ উপায় হ’ল… দণ্ড অৰ্থাৎ শাস্তি ,শিক্ষা,দমন আৰু শাসন। সাম অৰ্থাৎ সন্ধি আৰু দান অৰ্থাৎ ত্যাগ – বিসৰ্জন। 

                “যেবে যসি যস বখানে আনে।

                 তেবেসে গৃহস্ত আটি খাই ধানে।”

অৰ্থ: সেইজনেই যশস্বী ব্যক্তি যিজনৰ যশ গুণ আনে প্ৰশংসা কৰে আৰু সেইজনেই প্ৰকৃত গৃহস্থ যিজনে ঘৰৰ ধানেৰে বছৰটো খাব পাৰে। 

                “ৰান্ধন সালত যাৰ নাবাজিল পটা।

                 স্নানৰ সময়ত জাৰ নভৈল ফোটা॥

                 সিত কালত যাৰ নাহিকে বস্ত্ৰ।

                 যুদ্ধ সময়ত নাহিকে অস্ত্ৰ॥

                 যজ্ঞ অৱসানে নাহি দক্ষিণা।

                 বোলন্ত ডাকে পাচো বিড়ম্বনা॥”

অৰ্থ: যি ৰান্ধনী গৃহত ৰন্ধা-বঢ়া কৰাৰ সময়ত পটাত মচলা বটাৰ শব্দ নহয়,স্নানৰ পিচত যিজনে ফোঁটা নলয়, শীতকালত গাত লবলৈ যাৰ বস্ত্ৰ নাই,অস্ত্ৰ অবিহনে যুঁজ কৰিবলৈ যোৱা আৰু দক্ষিণা অবিহনে মাঙ্গলিক কৰ্ম সমাপন কৰিব বিচৰা… এই পাচবিধ কৰ্মই বিড়ম্বনা।

                   “জুইক দৃষ্টি সূৰ্যক পিঠি।

                   কৰাই মুঠি মাহ গুটি।”

অৰ্থ: জুই পুৱাব লাগে জুইকুৰা সন্মুখত ৰাখি,ৰ’দ ল’ব লাগে সূৰ্যৰফালে পিঠি দি,কৰাই মুঠি মাৰি খাব লাগে আৰু মাহৰ চেই এটি এটিকৈ খাব লাগে। 

                   “নিধনি ককা বেঙ্গেনা পকা।

                    দৰিদ্ৰৰ সোদৰ ভাই॥”

অৰ্থ: দুখীয়া ককা,পকা বেঙেনা আৰু দৰিদ্ৰজনৰ সোদৰৰ ভাইৰ কোনো মূল্য নাই। 

                   “তিথি বৃদ্ধিয়ে শস্যক নাসে।

                    ঋক্ষ বৃদ্ধিয়ে তিল নাসে।”

অৰ্থ:  যি বছৰৰ কোনো এটা মাহত তিথিৰ সংখ্যা বৃদ্ধি হয় সেই বছৰত খেতি-বাতি নষ্ট হয় আৰু নক্ষত্ৰৰ বৃদ্ধিয়ে তিল খেতি নষ্ট কৰে। 

                   “সাতে পাতাল পাচে ঘন।

                    চয়ে তামোল নন্দন বন্দন।”

অৰ্থ: সাত হাতৰ আঁতৰে আঁতৰে তামোল ৰুলে পাতল হয় ,পাঁচ হাত আঁতৰে আঁতৰে তামোল ৰুলে ঘন হয়।ছয় হাত আঁতৰে আঁতৰে তামোল ৰুলে নদন বদন হয়। 

                   “তুলা কৰ্কট মেষ মকৰ।

                   এই চাৰি ৰাশি গ্ৰহৰ সাগৰ।”

অৰ্থ: জন্ম কুণ্ডলীৰ তুলা,কৰ্কট,মেষ আৰু মকৰ ৰাশিক গ্ৰহৰ সাগৰ বুলি কোৱা হয়।

ডাকৰ সময় আৰু বৰ্তমানৰ সমাজ ব্যবস্থা,ৰীতি-নীতি আৰু আচাৰ-ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি কিছু কিছু ডাক প্ৰবচনৰ কোনো মূল্য নাই যদিও ডাক চৰিত আৰু ডাক ভণিতাত থকা বহুতো ডাক প্ৰবচনৰ মূল্যবোধ আৰু গুৰুত্ব নুই কৰিব নোৱাৰি।আজিও ডাক চৰিত আৰু ডাক ভণিতাৰ ডাক পুৰুষৰ প্ৰবচনসমূহে অসমীয়া ভাষা সাহিত্য আৰু জনজীৱনক চহকী কৰি ৰাখিছে।

******

One comment

Leave a Reply to Kumkum Devi Sarmabaruah Cancel reply

Your email address will not be published. Required fields are marked *