ফুলৰ এই মেলাতে-উপাসা ভাগৱতী

ফুলবোৰ  ফুলিলে মনটো আনন্দেৰে ভৰি পৰে। সুগন্ধিৰে আমোলমোল কৰা ফুলে মনৰ ভিতৰখনো সুগন্ধিময় কৰে , পোহৰাই তোলে মনাকাশ।গোন্ধ নাথাকিলেও তাৰ ৰং-ৰূপেও মনটো ৰঙীন কৰি তোলে।সেয়ে কবিয়ে লিখি গৈছে, গায়কে গাইছে….

         “ফুলৰ এই মেলাতে পখীয়ে গীত গাই

         মৌ-মাখি গুণ গুণ

         সুৰ তোলে বীণাই…..”

তেনেদৰেই সুগন্ধি ফুলৰ সুবাস স্মৃতিৰ পাতত খুঁচৰি তাৰ লগত জড়িত পুৰণি স্মৃতি সুঁৱৰি গাই উঠিছে…..

          “বহুদিন বকুলৰ গোন্ধ পোৱা নাই

           বহুদিন বকুলৰ মালা গঁথা নাই……”

এৰা স্মৃতিৰ পাপৰিত কেৱল ফুলেহে সুখ-দুখ সকলোতে সংগ দি জীৱনটো ৰঙীন কৰি তোলে।এই ভিন্ন ৰূপ, ৰং, সুগন্ধৰে পৰিবেষ্টিত ফুলবোৰ মন্দিৰ, পূজা-সেৱা বিভিন্ন অনুষ্ঠান আদিত ব্যৱহাৰৰ বাবেও অতি প্ৰয়োজনীয় হৈ পৰে।ৰজনীগন্ধা, গুটিমালি, খৰিকাজাঁই, তগৰ, শেৱালি, নার্জী, গোলাপ, কেতেকী, হাচনাহানা, চম্পা, নাগেশ্বৰ, বকুল, পাৰিজাত, কামিনী কাঞ্চন ইত্যাদি বিভিন্ন ফুলৰ সুগন্ধিত হৈ থকা এই ধৰাৰ সুগন্ধিময় পৰিৱেশত মোহাবিষ্ট হৈ সেইবাবেই গীতিকাৰে লিখিছে, গায়কে গাই গৈছে–

             “ফুল ফুলক ৰ’দৰ ফুল

              হৃদয় সেউজী ধৰা…..”

হিয়াখন ফুল ফুলি সেউজী ধৰা হোৱা বুলি কল্পনা কৰা কবিৰ মনত আকৌ কেতিয়াবা  “বকুল ফুলৰ দৰে জোনাকৰ পাখি উৰে”….বুলি লিখি তন্ময় হৈ পৰিছে। কি যে সুন্দৰ নহয়নে? তেনেদৰেই  দ্বীপেন বৰুৱাৰ কণ্ঠৰ  সেই গীতটি– 

               “ফুল ফুল ফুল অ’ ফুলি

                মেলিলে পাহি চৌপাশতে অলি

                উৰিলে আহি…….”

স!কি যে সুন্দৰ !তেনেদৰেই  অৰ্চনা মহন্তৰ কণ্ঠৰে নিগৰা গীতটিত ফুলবোৰক সাৰ পাই উঠি বতাহত হালি জালি কি কথা পাতে বুলি সুধিছে —

                “অ’ ফুলপাহ হালিছ জালিছ

                 অ’ ফুলপাহ কি কথা পাতিছ…”

প্ৰাচীন সাহিত্যলৈ লক্ষ্য কৰিলেও আমি দেখা পাওঁ অপ্ৰমাদী কবি মাধৱ কন্দলী, শ্ৰীমন্ত শংকৰদেৱ আদিৰ ৰচনাতো ফুলে, বিশেষকৈ অসমৰ ফুলবোৰে বিশেষ স্থান অধিকাৰ কৰিছে।তাৰ মাজতেই ফুটি উঠিছে তেওঁলোকৰ সৃষ্টিশীলতা,আমাৰ অসমৰ সৌন্দৰ্য্যৰ মনোৰম প্ৰকাশ। এৰা প্ৰতিটো ঋতুত একোপাহ নিৰ্দিষ্ট ফুল ফুলি তাৰ সৌৰভে সমগ্ৰ ঋতু সুবাসিত কৰি ৰাখে আৰু মানুহৰ জীৱনত বিশেষ প্ৰভাৱ পেলাই যায়।বসন্ত কালৰ ব’হাগ মাহটোত কপৌ, তগৰ, নাহৰৰ নাম সংলগ্ন হৈ আছে।তেনেদৰেই শৰতৰ লগত জড়িত হৈ আছে শেৱালিৰ নাম ।

                 “শেৱালি পাহিয়ে নিয়ৰ মুকুতা মণিৰে

                  মাতিলেহি শাৰদী পুৱাতে…..”

ফাগুনৰ সেই পছোৱাজাকে ৰঙালী বিহুৰ বাতৰি আনে বুলি কৈ যোৱা বিহুফাকিৰ দৰেই পলাশ, শিমলু, মদাৰ ফুলেও কবিৰ মনত ক্ৰিয়া কৰি যোৱা দেখিবলৈ পাওঁ—

                   “মদাৰৰে ফুল হেনো

                    পূজাতে নালাগে

                    লাগে পিছে সমাজতে ৰং সানিবলে…”

সাধাৰণ মানুহৰ মনত ৰং সানি যোৱা  ফুলে,কবিৰ মনতো বহুতো ভাবৰ ঢৌ তোলে আৰু তাক প্ৰকাশ কৰিবলৈ কবি উত্ৰাৱল হৈ পৰে।প্ৰিয়াৰ খোপাৰ ওপৰত ৰহণ সানি সমগ্ৰ মানুহজনীকে এক ন-ৰূপত সজাই তোলা ফুলৰ কোনবিধে অতিকৈ সুন্দৰ ৰূপত নিজ প্ৰিয়াক সজাই তুলিব সেই লৈ ৰাভাদেৱে লিখি গৈছে–

                     “নাহৰ ফুলে নুশুৱাই

                      তগৰ ফুলে শুৱাব

                      তগৰ ফুলে নুশুৱাই 

                      কপৌফুলে শুৱাব….”

ফুল শব্দটোৱে প্ৰকৃততে সকলোৰে মনত এক পবিত্ৰ মনোমোহা পৰিৱেশৰ সূচনা কৰে। পৃথিৱীত ফুল ভাল নোপোৱা মানুহ নাই। এই ফুল শব্দটো Flower নামৰ ইংৰাজী শব্দটোৰে বুজোৱা হয় আৰু ই আন এটা ইংৰাজী শব্দ ‘Flour’ ৰ পৰা আহিছে বুলি কোৱা হয়। ১৭ শতিকাত ‘flour’ ৰ পৰা পৰিৱর্তিত হোৱা এই শব্দটোৱে আগতে ভূমি শস্য আৰু উদ্ভিদৰ প্রজনন  উভয়কেই উল্লেখ কৰা হৈছিল। এইটি শব্দ মূলতঃ ইটালীয় দেৱী ফ্লোৰাৰ লেটিন নামৰপৰা আহিছে। ইংৰাজীত পিছে ফুলৰ প্রাৰম্ভিক শব্দ আছিল (blossom)ব্ল’চমহে,  যদিও এইটো শব্দই এতিয়া  কেৱলমাত্র ফলৰ গছৰ ফুলকহে বুজোৱা হয়।

ফুল দীর্ঘদিন ধৰি মানুহৰ দ্বাৰা তেওঁলোকৰ পৰিৱেশত সৌন্দর্য বিচাৰ কৰোঁতে  ৰোমাঞ্চ , অনুষ্ঠান, যাদুবিদ্যা, ধর্ম, ঔষধ আৰু খোৱাৰ উৎস হিচাপে ব্যৱহাৰ হৈ আহিছে। হাজাৰ বছৰ ধৰি ফুলকে সৌন্দর্যৰ প্রতীক আৰু আধ্যাত্মিক বস্তু হিচাপে ধৰা হৈছে। সনাতন ধর্মত দেৱ-দেৱীক ফুলৰ মাধ্যমেৰে আৰাধনা কৰাৰ ৰীতি আছে। আনকি বিশেষ বিশেষ একোজন দেৱ-দেৱীৰ আৰাধনাত বিশেষ বিশেষ ফুল ব্যবহৃত হয়। যেনে : শিবৰ পূজাত ধুতুৰা ফুল, মা কালীৰ পূজাত জবা ফুল, অপৰাজিতা ফুলক দুর্গাৰ প্ৰতীকৰূপত ব্যৱহাৰ হোৱাৰ দৰে মৃতকৰ বিভিন্ন কাজ-কৰ্মত বগা ফুলকহে প্ৰাধান্য দিয়া হয়।অৰ্থাৎ বিভিন্ন কাজ-কৰ্মত ফুলৰ ৰংটোক বিশেষ ৰূপে ব্যৱহাৰ কৰা হয়।অনেক দেশত ভিন্ন ভিন্ন ফুলক ৰাষ্ট্রীয় ফুল হিচাপে ধৰা দেখা যায়।কিছুমান ফুলে কোনো কোনো দেশৰ ৰাষ্ট্ৰীয় প্ৰতীকতো শোভাবৰ্দ্ধন কৰিছে।উদাহৰণস্বৰূপে ভাৰতত পদুমফুলক ৰাষ্ট্ৰীয় ফুল হিচাপে গণ্য কৰা হয়, বাংলাদেশৰ জাতীয় প্রতীকত ভেট ফুলৰ উপস্থিতি বিদ্যমান। তেনেদৰেই অসমৰ ৰাজ্যিক ফুলৰূপে আমি কপৌফুল নামৰ অৰ্কিডবিধকে স্থান দি আহিছোঁ।

ফুলে আমাৰ পৰিৱেশৰ বাবে বহু ডাঙৰ অবদান দি আহিছে। পৃথিবীত খাদ্য হিচাপে ফুলৰ মৌৰ কোনো তুলনা নাই। আনকি ফুলৰ মৌ এনে এবিধ খাদ্য যাক বহু বছৰ পর্যন্ত সংৰক্ষণ কৰি ৰখা সম্ভব আৰু যি বহুতো ঔষধি গুণযুক্ত।বৰ্তমান সময়ত ফুলৰ ৰূপ, ৰস, গোন্ধৰ লগতে ঔষধি গুণৰ প্ৰতি দৃষ্টি দি বিভিন্ন খাদ্যসম্ভাৰত ইয়াৰ প্ৰয়োগ হ’বলৈ লৈছে।অসমীয়া খাদ্য সম্ভাৰতো শেৱালি ফুল, তিতা বাহকৰ ফুলে অতি প্ৰাচীন কালৰেপৰা ঠাই পাই অহা আমি দেখিবলৈ পাই আহিছোঁ। ফুলক  ভালপোৱা প্রকাশৰ মাধ্যম হিচাপেও ধৰা হয়। বর্তমান প্রেমিক-প্রেমিকাসকলে ৰঙা গোলাপ ফুলৰ মাধ্যমেৰে  প্ৰেমৰ প্রকাশ কৰা দেখা যায় । তেনেদৰেই বন্ধুত্বৰ প্ৰকাশৰ বাবে হালধীয়া গোলাপৰ প্ৰয়োগ কৰা দেখা যায়।আমাৰ অতিকে চেনেহৰ ব’হাগৰ বিহুটিত চেনেহীৰ খোপাত গুজিবলৈ পাহাৰ বগাই বগাই অনা কপৌফুল পাহে প্ৰেমৰ উন্মেষ ঘটাইছিল বুলি বিহুগীতৰ মাজেৰে প্ৰকাশ লভিছিল। 

                 “পাহাৰ বগাই বগাই

                  জান ঐ কপৌ ফুল মই আনিছোঁ

                  জান ঐ কপৌ ফুল মই আনিছোঁ

                  জান ঐ নলওঁ বুলি নকবা দেই…”

তেনেদৰেই আধুনিক গীতটো ইয়াৰ গুৰুত্ব কিমান তলৰ গীতফাঁকিয়েই প্ৰমাণ কৰে—-

                  “আলফুলীয়া কপৌফুল

                    অ’ দেহি কত পালানো

                    চিত্ বিয়াকুল…..”

তেনেদৰেই—-

                    “কপৌ পাহি তোৰে খোপাত

                     ইমান ধুনীয়া দেখি…….”

জেতুকাৰ বোল তোৰে হাতত ইমান ধুনীয়া দেখি”……বুলি প্ৰেমিকাৰ সৌন্দৰ্য বঢ়োৱা ফুলৰ কথা আমি পঢ়িবলৈ পাইছোঁ বা গীত শুনি মতলীয়া হৈছোঁ ।

বিভিন্ন ফুল বিভিন্ন ৰূপে পৃথিৱীৰ ভিন্ন প্ৰান্তত ব্যৱহৃত হয়।উদাহৰণ স্বৰূপে……

ৰঙা গোলাপ যেনেকৈ প্ৰেম, সৌন্দৰ্য, আৰু কামনাৰ প্ৰতীক তেনেকৈ পপী ফুল আকৌ যুক্ত ৰাজ্য, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া আৰু কানাডাত সমবেদনাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। যুদ্ধত নিহত সৈনিক সকলক ৰঙা পপী ফুলেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয়। লিলী ফুলক সেইদৰে “পুনৰ্জীৱন/জীৱন”ৰ প্ৰতীক হিচাপে সমাধিত ব্যৱহাৰ কৰা হয়। ডেইজী ফুল নিৰ্দোষিতাৰ প্ৰতীকৰূপে পৰিগণিত।

পৃথিৱীৰ সকলো মানুহৰে মনক  বিভিন্ন ঋতুত বিভিন্ন ফুলে আকৰ্ষিত কৰাৰ দৰে বসন্ত ঋতুত আমাৰ অসমীয়া বছৰৰ প্ৰাৰম্ভতে ফুলি উঠা ফুলসমূহৰ ভিতৰত কপৌ, নাহৰ, তগৰ, কেতেকীয়ে আমাৰ মনক বিশেষভাৱে প্ৰভাৱান্বিত কৰি আহিছে।এইকেইবিধ ফুলৰ বিষয়ে দুটিমান কথা ন-কৈ জানিবলৈ চেষ্টা কৰোঁ আহক।

ব’হাগৰ  বতৰত আমি অসমীয়াৰ অতিকে আপোন অসমৰ ৰাজ্যিক ফুল তথা প্ৰেমৰ প্ৰতীক বুলি চিহ্নিত কপৌ ফুলজোপা ইংৰাজীত Foxtail Orchid নামে জনা যায় আৰু ইয়াৰ বৈজ্ঞানিক নাম: Rhynchostylis retusa । ই হৈছে এবিধ ভান্দা গোটৰ আকৰ্ষক অৰ্কিড প্ৰজাতি।এই অৰ্কিডৰ ফুলবিলাক প্ৰায় এশতকৈয়ো অধিক বগা ৰঙৰ ওপৰত গুলপীয়া ফুট ফুট থকা ফুলৰ এক সমষ্টিৰ ৰূপত পোৱা যায়। ঔষধি গুণসম্পন্ন এই উদ্ভিদ কটা-ছিঙা, ঘাঁ আদিৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়।কাণ পকিলে বা কাণৰ বিষ হ’লে বিষ নিৰাময়ৰ বাবে কপৌফুলৰ কেঁচা পাতৰ ৰস এক-দুইটোপাল ব্যৱহাৰ কৰা হয় বুলি জানিব পৰা যায়।অৰ্থাৎ ই দেখাত সৌন্দৰ্যবৰ্ধক হোৱাৰ ওপৰি যথেষ্ট ঔষধি গুণেৰে সমৃদ্ধ  ফুল।

ব’হাগৰ বতৰত কপৌফুলৰ পিছতেই গোন্ধে আমোলমোল কৰি মন ভৰাই তোলা আমাৰ অতিকে পৰিচিত তগৰ ফুলৰ বৈজ্ঞানিক নাম: Gardenia jasminoides ।অসমত খুবেই পৰিচিত এই ফুলবিধ শুভ্ৰ ৰঙৰ আৰু ইয়াৰ গোন্ধ অতি তীব্ৰ।বহু দূৰলৈকে ইয়াৰ সুগন্ধি বিয়পি থাকে।এই ফুলৰ মূল বাসস্থান হ’ল এছিয়া। বহু বছৰ পূৰ্বৰপৰা চীন দেশত ইয়াৰ খেতি কৰিবলৈ আৰম্ভ কৰে যদিও ১৮ শতিকাৰপৰাহে এই ফুলে ইংৰাজসকলৰ বাগিচাত স্থান পায় আৰু লাহে লাহে সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।শুভ্ৰ ফুল আৰু উজ্জ্বল সেউজীয়া পাতেৰে ই এবিধ গুল্মজাতীয় উদ্ভিদ।তগৰ ফুলৰ মুখ্য আকৰ্ষণেই হৈছে ইয়াৰ সুন্দৰ গোন্ধ।সেয়ে ইয়াৰ আন এটি নাম হ’ল ‘গন্ধৰাজ’। তগৰ ফুলক ৰাভা সংগীততো আমি বিচাৰি পাওঁ।ৰাভাদেৱে আমাৰ অতিকে চেনেহৰ কপৌফুল পাহকহে খোপাত আগস্থান দিছে যদিও তগৰ ফুলপাহেও যে খোপা শুৱাব পাৰে তাৰ উল্লেখ কৰিবলৈ গৈ আমাৰ সমাজত ফুলপাহৰ গুৰুত্বকে দাঙি ধৰিছে….

                   “নাহৰ ফুলে নুশুৱাই

                    তগৰ ফুলে শুৱাব

                    তগৰ ফুলে নুশুৱাই

                    কপৌফুলে শুৱাব……”

তেনেদৰেই প্ৰিয়াৰ চকুকেইটা নাহৰৰ কলিৰ লগত তুলনা কৰিছে—

                   “নাহৰৰে কলি দেখিছানে নাই

                    তোমাৰ চকুযুৰি দেখোঁ তেনেকুৱাই

                    এনে নাই নাই নাই দেখা নাই”

এনেধৰণেৰে কবি, গীতিকাৰসকলক প্ৰভাৱান্বিত কৰি অহা নাহৰ ফুলবিধক ইংৰাজীত Ceylon ironwood বা Indian rose chestnut বা Cobra’s saffron বোলা হয়। ইয়াক হিন্দী আৰু সংস্কৃত ভাষাত ‘নাগকেশৰ’ বোলা হয়। নাহৰ শ্ৰীলংকাৰ ‘জাতীয় বৃক্ষ’। ১৯৮৬ চনত ইয়াক ‘জাতীয় বৃক্ষ’ হিচাপে ঘোষণা কৰা হৈছিল। শ্ৰীলংকাত নাহৰ গছ ‘না’ বৃক্ষ নামে পৰিচিত। নাগকেশৰ, নাগেশ্বৰ, নাহৰ নামেৰে পৰিচিত আৰু এই গছৰ গোটেই বছৰ নতুন নতুন পাত গজা  অন্যতম বৈশিষ্ট্য।পাতৰ বিন্যাস ঘন। পিৰামিড আকৃতিৰ গঠন, ৰঙীণ কুঁহিপাত, শুভ্ৰপুষ্পৰ স্নিগ্ধ শোভা ইত্যাদিৰ কাৰণে পথৰ দাঁতিত নাহৰ ৰোপণ কৰা হয়। শংকু আকৃতিৰ গছডালৰ গোলকীয় শংকু আকৃতিৰ খোলাৰে আবৃত্ত হৈ এটা অথবা দুটা গুটি ধাৰণ কৰে।গৃহসজ্জা আৰু পূজাৰ উপকৰণত ইয়াৰ ফুল লাগে। অসমীয়া সংস্কৃতিৰ লগত নাহৰ বহুপ্ৰকাৰে জড়িত। ঘৰ বান্ধিবলৈ খুঁটা হিচাপে আৰু ৰেলপথৰ শ্লীপাৰ হিচাপে পূৰ্বতে ইয়াক ব্যৱহাৰ কৰা হৈছিল। শ্ৰীলংকাৰ কেন্দ্ৰীস্থিত এম্বেকা দেৱালয়ৰ খুঁটাসমূহত নাহৰ কাঠ ব্যৱহাৰ হৈছিল।বৃটিছসকলে কেৰাচিন তেল প্ৰচলন কৰাৰ আগতে অসমত নাহৰ গুটি আৰু তেল ঘৰুৱা প্ৰজ্বলক হিচাপে ব্যৱহাৰ কৰিছিল। ব’হাগ বিহুৰ প্ৰথমদিনাই নাহৰ পাতত মন্ত্ৰ লিখি ঘৰৰ চালত গুজি থলে বাত-বৃষ্টিৰপৰা ৰক্ষা পৰে বুলি অসমৰ মানুহৰ বিশ্বাস আজিও প্ৰচলিত ।

মন্ত্ৰটি হ’ল–

                “দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জঁটাধাৰ।

                 বাত-বৃষ্টি হৰংদেৱ মহাদেৱ নমস্তুতে।।”

ঔষধি গুণসম্পন্ন বুলি বিবেচিত এই গছৰ বিভিন্ন অংশ দৰৱৰূপে ব্যৱহৃত হয়।সাপে কামুৰিলে নাহৰ পাত আৰু ফুল খাব লাগে আৰু পিহি কামোৰা ঠাইত লগাব লাগে বুলি বিশ্বাস আছে। ভাৰত, মালয়েছিয়া ইত্যাদি দেশত জৈৱিক ঔষধি ৰূপত ইয়াক ব্যৱহাৰ কৰাৰ ওপৰি সুগন্ধি ধূপকাঠি হিচাপেও ইয়াক ব্যৱহাৰ কৰা হয়। নাহৰ গছৰ ছালৰ ৰস গ্ৰহণ কৰিলে কেঁচুমুৰীয়া ৰোগৰপৰা পৰিত্ৰাণ পাব পাৰি।

অসমৰ আকাশ-বতাহ সুগন্ধিময় কৰি তোলা আন এবিধ অতি আকর্ষক, সুগন্ধৰে ভৰপূৰ কেতেকী ফুলৰ বৈজ্ঞানিক নাম পাণ্ডানাছ অড’ৰিফাৰ ( Pandanus odorifer)। ই হৈছে পেণ্ডানেছিয়া পৰিয়ালৰ এবিধ উদ্ভিদ।পলিনেছিয়া, অষ্ট্ৰেলিয়া, দক্ষিণ এছিয়া (আন্দামান দ্বীপপুঞ্জ), আৰু ফিলিপাইনছৰ থলুৱা উদ্ভিদৰূপে কেতেকী পৰিচিত।ভাৰত আৰু বাৰ্মাতো ইয়াক বনৰীয়া হিচাপে পোৱা যায়। ইয়াক সুগন্ধিক স্ক্ৰু-পাইন বুলিও জনা যায়। ব’হাগৰ বতৰত ঢুলীয়া-নাচনীৰ মন মতলীয়া কৰি তোলা এই কেতেকী ফুলৰ, ব’হাগৰ সৈতে আছে এক বিশেষ সম্পৰ্ক। নাচনীয়ে কপৌফুলৰ দৰেই খোপাত গুজি লোৱা কেতেকী ফুলৰ প্ৰজাতি দুবিধ।এটা হালধীয়া আৰু এটা বগা। সাধাৰণতে বিহুৰ সময়ত বগা কেতেকীকে নাচনীয়ে ব্যৱহাৰ কৰে। অসমৰ মাটিত সহজতে পোৱা ফুল যেনেকৈ কপৌ, তেনেকৈয়ে কেতেকীও পোৱা যায় । অতি তীব্ৰ সুগন্ধৰ বাবে সাপে এই ফুলগছক আশ্ৰয় হিচাপে ব্যৱহাৰ কৰে বাবে এই ফুলক বাগিচাত ৰখা দেখা নাযায়।দুৰ্গম হ’লেও চেনায়ে যিদৰে পাহাৰ বগাই কপৌফুল চেনেহীলৈ আনে, সেইদৰে কেতেকী ফুলো সংগ্ৰহ কৰি খোপাত গুজিবলৈ কৰা হেঁপাহৰ কথা বিহুগীতসমূহত আমি শুনিবলৈ পাওঁ।বিহুগীতৰ মাজেৰে নাচনীয়ে আপোনজনক ‘চেনাই’ সম্বোধন কৰি এই ফুল কেইপাহ বিচাৰি আনিবলৈ কোৱাও দেখিবলৈ পাওঁ।

ফুলৰ কথাৰ যেন অন্তই নপৰিব । নামটো ল’লেই মানুহৰ মনত ৰং সৃষ্টি কৰা ভগৱানৰ বিনন্দীয়া সৃষ্টিৰ অন্যতম ফুল।ফুল অবিহনে এই ধৰা যেন শুকান মৰুভূমি সদৃশ হৈ পৰিব।মানুহৰ মনত বিভিন্ন ৰসৰ সমাহাৰত বিভিন্ন সময়ত প্ৰয়োগ হৈ হিয়াৰ আমঠু হৈ পৰা ফুলবোৰে ধৰা সদায় শুৱাই থাকক, মানুহৰ মনবোৰো এই ফুলৰ দৰেই কোমল, ৰঙীন আৰু আনন্দময় কৰি তোলক।

শেষত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীতৰ কথাৰ দৰেই ‘গছে গছে পাতি দিলে ফুলৰ শৰাই’ বুলি কোৱাৰ দৰে আমাৰ মনবোৰেও ফুলৰ পাহি মেলি চৌপাশ হালি-জালি ৰঙেৰে জীৱন ভৰাই তোলক।

******

One comment

  • Kumkum sarmabaruah

    অত্যন্ত সুন্দৰ এটি ফুলবিষয়ক নিৱন্ধ। পঢ়ি বৰ ভাল পালোঁ।

    Reply

Leave a Reply to Kumkum sarmabaruah Cancel reply

Your email address will not be published. Required fields are marked *