‘বি এম’ৰ ৰন্ধন কলা-প্ৰদীপ বৰা

‘বি এম’ মানে ব্ৰাঞ্চ মেনেজাৰ হয় নে নহয় মই খাটাংকৈ একে উশাহতে কৈ দিব নোৱাৰো কিন্তু বি এম মানে বিশ্ব মহন্ত যে সেইটো ধ্ৰুৱ সত্য৷মহন্তই আজি কিছুদিন ধৰি ফেচবুকত এটা সাংঘাতিক গ্ৰুপৰ আৱিষ্কাৰ কৰি গ্ৰুপৰ ৰীতিনীতি পৰম্পৰা মৰ্যাদা আদি পৰিষ্কাৰ কৰি দিছে৷সেই কাৰণে তেওঁ  বহুতৰেপৰা নমস্কাৰ আৰু বহুতৰে পৰা পুৰস্কাৰো পাইছে। ফেচবুকৰ এখন বিশাল সাম্রাজ্যত তেওঁৰ গ্ৰুপটো জাতিষ্কাৰ হোৱাৰ পথত৷এই বিশ্ব বিখ্যাত গ্ৰুপটোৰ নামাকৰণ কৰিছে “ৰন্ধন কলা প্ৰসূত সাহিত্য” বুলি।তেওঁ ৰন্ধনত ব্যৱহৃত  উপাদানসমূহ হ’ল বিভিন্ন ধৰণৰ জীৱ-জন্তু…মেৰুদণ্ডী প্ৰাণী, অমেৰুদণ্ডী প্ৰাণী, খোলাধাৰী প্ৰাণী,সপুষ্পক উদ্ভিদ, অপুষ্পক উদ্ভিদ,সালোক-সংশ্লেষণ কৰা উদ্ভিদ, সালোক-সংশ্লেষণ নকৰা উদ্ভিদ,কাৰ্ব’হাইড্ৰেট,স্নেহ পদাৰ্থ,প্ৰটিন, খনিজ লৱণ,  ভিটামিন আৰু পানী।

বৰ্তমান অসমৰ আকাশে- বতাহে চাৰিওফালে ব’হাগৰ সুগন্ধি ৷এই সুগন্ধিত আমোল-মোল হৈ বিশ্ব আহিল মোৰ ঘৰলৈ৷ মই বোলো আজি  হাইঠা মাটিত পৰিল৷ইমান দিনৰ মূূৰত বিশ্ব! 

: তই নিশ্চয় ক’ৰবাত বিশ্ব বিজয় কৰি আহিছ।কিন্তু ইমান উপজি পুৱাতে যে ওলালিহি?

তাৰ হেনো ক’ৰবাত বিহু ফাংচন আছিল।অসমীয়া জলপান আৰু পিঠা-পনাৰ প্ৰতিযোগিতাত সি অংশগ্ৰহণ কৰিছিল।ৰাতিলৈ অঙ্কীয়া নাটকৰ প্ৰতিযোগিতা৷সেয়াওনো নোচোৱাকৈ কেনেকৈ থাকে৷ নাটকবিলাক উপভোগ কৰি বিশ্বই  নয়ন সাৰ্থক কৰিলে আৰু ৰাতিপুৱাই  সি মোৰ ঘৰ ওলালহি।

মই এতিয়া চিন্তাত পৰিলো ৷মোৰ মানুহজনীৰো গা ভাল নহয়,বোৱাৰীজনীও পানী কেঁচুৱাৰ মাক।

: বাৰু বিশ্ব তই প্ৰাতঃ কৰ্মখিনি  কৰি ল, ময়ো বাৰীৰপৰা কিবা শাক-পাচলি দুটামান গোটাই লওঁ।তাৰপাছত দুয়োটাই ৰন্ধন কলাত মহা সমাৰোহেৰে লাগি যাম৷ ময়ো তোক বেছি সময় দিব নোৱাৰিম কাৰণ আঠ বাজি বিশ মিনিটত মই স্কুললৈ ওলাই যাব লাগিব।কাৰণ স্কুললৈ পানছিং মেছিন আনিলে ৮: ৪৫ ত গৈ মেছিনত এটেনডেনছ দিবগৈ  লাগিব ৷বিশ্বৰ মনতো সেমেকি যোৱা দেখি বোলো….

: কি হ’ল মন মাৰি পেলালি যে! কালি পিঠাপনাৰ প্ৰতিযোগিতাত একো স্থান লাভ কৰিব নোৱাৰিলি নে?’

বিচাৰক সকলে হেনো অন্যায় কৰিলে৷ মই বোলো….

: বৰ সাংঘাতিক বিপৰ্যয় হ’ল নহয় বোপাই!ৰন্ধন কলা গোটৰ ব্ৰাঞ্চ মেনেজাৰ হৈ প্ৰতিযোগিতাত হাৰি যোৱাটো। আচলতে কি হ’ল ক’চোন৷ 

: বিচাৰকে ক’লে  মোৰ পিঠাবোৰত মা-মচলাৰ উপদ্ৰৱ বৰ বেছি হ’ল হেনো।কথাটো ময়ো স্বীকাৰ কৰিছোঁ। প্ৰতিযোগিতা হ’ল বুলিয়েই  পিঠা বোৰত লং,ইলাছি,জনি জিৰা,মিট মছলা, চবজি মছলা,ঘিউ,মাখন,চফ  এই সকলোবোৰ মিহলাব নালাগিছিল।

: হয়তো ইমানবোৰ মছলা দি পিঠা বনালি আৰু ফুড প’ইজন হোৱাৰ ভয়তে বিচাৰকে তোৰ পিঠাত মুখ নিদিলে।বাৰুকৈ পিঠিত ঢোলৰ মালিতা নবজালে।বাৰু যি হ’ল হ’ল, এতিয়া আমাৰ ঘৰৰ মানুহে গ’ম নাপাওঁতেই স্কুললৈ খাই যোৱা ভাত সাজৰ ৰেচিপিটোৰ থিয়ৰি আৰু প্ৰেক্টিকেলখিনি ভালকৈ এটেনচন আৰু ইন্টাৰেষ্ট দিবি৷ এতিয়া ৰাইচ কুকাৰত উতলোৱা গৰমপানী এঢোকা নিমখ বা চেনি মিহলি কৰি খাই ল৷ঘৰত চাহপাতৰ টেমাটো বিচাৰি পোৱা নাই৷ সুদা গৰম পানী বা ফিল্টাৰৰ ঠাণ্ডা পানী খালেও খা৷ ঘৰত গেছো নাই৷বিশেষকৈ তই আহিবি বুলি মোক আগতীয়াকৈ জনোৱাও নাই ৷যদি জনালিহেঁতেন, তেন্তে বাৰ মিছল তেৰ মছলা গোটাই থ’লোহেঁতেন।এতিয়া আমি এই ৰাইচ কুকাৰ আৰু জুহালখনৰ ওপৰতে নিৰ্ভৰ কৰি স্কুল যোৱা ভাত তথা ওফৰাজেং আলহীৰ বাবে ৰন্ধনশৈলী প্ৰয়োগ কৰিব লাগিব।

মই বিশ্বক ক’লো তই মোৰ কাষতে বহি মনোযোগেৰে ৰন্ধন প্ৰকৰণ চাই যাবি আৰু দৰকাৰ হ’লে অলপ লাচনি- পাঁচনিও কৰি দিবি।মই কুকাৰটোত এক লিটাৰ পানী ভৰাই চুইচ দুটা অন্ কৰি দিলো।সেই সময়ত বিশ্বই জেপৰ পৰা চাধা অকমান উলিয়াই মোহাৰি ওঁঠৰ ফাঁকত ভৰালে।কিছু সময় পাৰ হৈ গ’লত মই তাক ক’লোঁ বোলো….

: বাপ ওঁঠত সুমুওৱা আঙুলি আৰু চূণ-চাধাৰ প্ৰলেপ দিয়া হাতখন বেচিনটোত ধুনীয়াকৈ ধুই ল’ব লাগে।ইয়াৰ পাছত চৰিয়া এটাত চাউল চাৰি মুঠি,দাইল দুমুঠি চফাকৈ দুফালকৈ লোৱা আলু এটা, ভাত কেৰেলা এটা, সৰু বেঙেনা দুট, গহৰা গজা লাই শাক, দোজোপা বাৰীত থাকি যোৱা অৱশিষ্ট মধুৰিটোৰ সমান  গোটা বন্ধা কবি দুটা পৰিষ্কাৰ কৈ ধুই লৈ কুকাৰত ভৰাই দিয়া হ’ল। লগতে অনুমানমতে  নিমখ আৰু আধা চামুচ হালধি৷ বিশ্বই বোলে এই বন্ধা কবিটোৰ ভিতৰত আজিকালি জীৱ- জন্তুয়ে বাস কৰে।সেইবোৰ যদি সিজি যায় খানাটো আমিষভোজী হৈ পৰিব৷ মই বোলো তই চিন্তা কৰিব নালাগে, কবিটোৰ কেইবা তৰপো এৰুৱাই দিয়া হৈছে গতিকে তাত জীৱ-জন্তুৰ অৱস্থিতিৰ উমান পোৱা নাই।যেনিবা ওলালেই পোক এটা,তোৰ বাবে ভালহে আমিষভোজী হ’ব৷ গোটেই খিনি তোকেই দি দিম ৷ আলহীকটো সুদা ভাত খুৱালে পাপে চুব।গতিকে কুকাৰৰ ভিতৰতে বাটি এটা বহুৱাই তাত অন্ধ্ৰপ্ৰদেশৰ পৰা অনা কণী দুটা দি দিয়া হ’ল।মাজতে বোলো….

: গোসাঁই কুকুৰাৰ কণী চলিবনে?

বোলে….

: আজিকালি বৰাহো চলে৷ মনতে বোলো ঠিকেই আছে। বংশৰ নাম উজ্জ্বল কৰিবি৷ তেতিয়ালে বিশ্বই ওঁঠৰ ফাঁকৰপৰা চাধাৰ সিতাখিনি আঙুলিৰে ৰুকি মজিয়াতে থেপেককৈ পেলালে ৷মই বোলো…

: বোপাই মহন্তৰ চিন মাহনিত।অনুগ্ৰহ কৰি সেইকণ বুটলি নি বেছিনত পেলোৱা হওক আৰু হাততো ধুই লোৱা হওক।

বিশ্বই বোলে…

: যিবা আজ্ঞা মহাৰাজ ৷ ৰেচিপিটোত থকা দ্ৰৱসমূহ সিদ্ধ হ’লনে নাই পৰীক্ষা কৰি পুনৰ পাঁচ মিনিটৰ বাবে ঢাকনিখন মাৰি দিয়া হ’ল ৷ মোৰ হোৱা হ’লে সিজোৱা বস্তুবোৰত তেল নিমখ নিদিয়াকৈ চলাই দিলোঁ হয় ৷কিন্তু মহন্তক তেনেকৈ পৰিৱেশন কৰিলে মোক ৰৌ ৰৌ নৰকত পৰিবলৈ শাওপাত দিব পাৰে।মহন্তক লৈ জুহাললৈ নামি গ’লোঁ৷ 

বোলো…..

:জুই ধৰিব জাননে?

বোলে……..

:কেৰাচিন তেল আছেনে?

মই বোলো….

: কেৰাচিন বাদ দে , জুহালত অদৰকাৰী কাগজ দে তাৰ ওপৰত বাহঁৰ শুকান চোঁচ কেইডালমান দে।তলফালে জুইশলাৰে জুই দে,ওপৰত চাৰি চটা খৰি দে, তাৰ ওপৰত ধুই থোৱা সৰু কেৰাহীখন ,তাৰ ওপৰত মিঠাতেল দে ৷তেল খিনিৰ ফেন মাৰ যোৱাৰ পিছত  চাৰি চামুচ মিঠি গুটি আৰু  কেই ফুটামান নহৰু দি গৰম কৰ।

ইয়াৰ পিছত প্ৰায় ন ইঞ্চি ব্যাসাৰ্দ্ধৰ দুখন থালিত  কেঁচা পিঁয়াজ আৰু আদা মিহিকৈ কুটি লোৱা হ’ল আৰু পকাতেলত ভজা মিঠি গুটি, নহৰু এটা চুকত লোৱা হ’ল। দুটামান পদিনাৰ পাত  থালৰ কাষত ৰখা হ’ল৷ 

দাইনিং টেবুলত এখন ফ্লেক্স কৰা টেবুল ক্লথ পাৰি দিয়া হ’ল যিখনত হাহঁৰ মাংস,লোকেল বাহু মাছ,আপেল, আঙুৰ আদি বহুতো লোভনীয় দ্ৰৱৰ  ছবিৰে সমৃদ্ধ আছিল। দুখন কাঁহীতে বইল ভাত দাইল আৰু গৰমতেল, নিমখ থকা থাল দুখনত বইল আলু, ভাতকেৰেলা, বেঙেনা, বন্ধা কবি, কণী আদি সজাই লোৱা হ’ল আৰু বিশ্বক গৰমে গৰমে পৰিৱেশন কৰিবলৈ অনুৰোধ জনোৱা হ’ল৷

প্ৰথমতে বিশ্বই  পৰিৱেশিত ৰেচিপিটো দেখি মনটো পেলাই দিছিল যদিও মাছ- মাংসৰ ছবি বিলাক দেখি মনটো উঠাই খাবলৈ আৰম্ভ কৰিলে৷ মই বোলো….

: দুখ নকৰিবি ঈশ্বৰে যি মিলাইছে তাকে বৈকুণ্ঠৰ সুৱৰ্ণ ভঁড়ালৰ দ্ৰৱ বুলি সন্তোষিত মনেৰে গ্ৰহণ কৰ আৰু  কিছু সময় ভোজনৰ পিছত মই সুধিলোঁ বোলো…

:কেনে?

সি বোলে….

:এই মজা।

সি সুধিলে…

: চাউলটো বৰ ভাল নহয় নেকি?

মই বোলো…. 

: দুখৰ কথা কি ক’ম, মোৰ ধান খেতি আজিকালি পাঞ্জাৱতহে!

ভোজন কাৰ্য্য সামৰি বিশ্বই এই অদ্ভুত ৰেচিপিটো ভূয়সী প্ৰশংসা কৰিলে আৰু ৰন্ধন কলা গ্ৰুপটোত প্ৰকাশ কৰিবলৈ ঠিৰাং কৰিলে।মই বোলো এইদৰে ৰন্ধন কলা সমূহকে উপাদান হিচাপে লৈ বিশ্বৰ সাহিত্য ভঁড়াল টনকিয়াল কৰ।এতিয়া কিন্তু মই গাঁতৰপৰা গেলা তামোল উলিয়াব নোৱাৰোঁ।এই আমলখিটোৰে মুহুদি কৰ আৰু আজিলৈ তোক বিদায় হে দিলোঁ।মোৰ বাবে স্কুলৰ পাঞ্চিং মেচিনটোৱে অপেক্ষা কৰি আছে।

******

2 Comments

Leave a Reply to Kumkum Devi Sarmabaruah Cancel reply

Your email address will not be published. Required fields are marked *