মধুসূধন-অনামিকা (সংগীতা) কলিতা

শ্ৰীমদ্ ভাগৱতৰ দশম স্কন্ধে
বৰ্ণিত শ্লোকৰ ছন্দে ছন্দে
প্ৰেমৰ অমৃত নদী,
ষোল্ল হাজাৰ গোপীৰ সঙ্গে কৰিলা ৰাস লীলা
জগতৰ  মায়াক বান্ধি…
নিস্বাৰ্থ প্ৰেমৰ হেতু
ভক্ত আৰু ভগৱানৰ মাজত বান্ধিলেক সেতু
হে প্ৰভু সনাতন তোমাৰ কৰুণা অপাৰ,
জন্মিয়ে কৰিলা অসুৰ বধ
আঁতৰাই পিতৃ-মাতৃৰ কৰুণ কাতৰ।
নন্দৰ ঘৰে পালিত শৈশৱৰ দুলাল
দেখুৱালা যশোদাক জগতৰ অভিমান,
তোমাৰ চৰণে ভাৰত পৰশে
মথুৰা বৃন্দাবনৰ মাজে আজিও সুৰৰ ধ্বনি বাজে।
তুমিয়েতো কেশৱ কৃষ্ণ কৰুণা সিন্ধু ,
ত্ৰাহি জগন্নাথ অনাথ বন্ধু।
******

One comment

Leave a Reply to Kumkum Devi Sarmabaruah Cancel reply

Your email address will not be published. Required fields are marked *