মৌনতা-চন্দ্ৰপ্ৰভা বৰুৱা

নিজৰ ওপৰতে খং উঠিছে বিনীতাৰ। ভগৱান সকলোৰে বাবে সমান কিয় নহয় বাৰু? 

“হৰিণাৰ মাংসই বৈৰী”……._কথাষাৰ তাইৰ জীৱনতে ফলিয়াইছে দেখোন! ইমান সৌন্দৰ্য্য ভগৱানে কিয় দিলে বাৰু তাইক? যদি দিছিলেই,তেন্তে নিৰাপত্তাও দিব লাগিছিল। 

“কাকো নক’বি কিন্তু!”….. এই কথাষাৰ তাই যে কিমানৰ পৰা শুনিব লগা হৈছে!জন্ম দিয়েই যদি মাক দেউতাকে তাইক এৰি নগ’লহেঁতেন, তাইৰ জানো এনে দশা হ’লহেঁতেন?প্ৰায়ে শুনিবলগা হোৱা……. “কাকো নক’বি কিন্তু”…..এই কথাষাৰ খুড়াক, বৰদেউতাকৰ ল’ৰা আৰু সিহঁতৰ লগৰীয়াবিলাকৰ পৰা থকাৰ ওপৰিও আজি তাই নিজৰ মোমায়েকৰপৰাও শুনিব লগা হ’ল।ধিক! সৌন্দৰ্য্য,ধিক মানৱতা!!

 

******

 

2 Comments

Leave a Reply to Mamoni Kalita Cancel reply

Your email address will not be published. Required fields are marked *